Assameseহিন্দুসকলে জন্ম দিয়ক দুই-তিনিটাকৈ সন্তান -মুখ্যমন্ত্ৰীমুছলমানক ৭ৰ পৰা ৮টাকৈ সন্তান জন্ম নিদিবলৈ কওঁ। কাৰণ সংখ্যালঘু এলেকাত মুছলমানৰ সন্তান জন্ম দিয়া হাৰ বেছি। কিন্তু হিন্দু লোকৰ সংখ্যালঘু এলেকাত সন্তান জন্ম দিয়াৰ হাৰ কম। সেয়ে হিন্দু লোকক তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।Mrinmoy Talukdar Dec 31, 2025 12:58 ISTFile Photoহিন্দুসকলে জন্ম দিয়ক দুই-তিনিটাকৈ সন্তান -মুখ্যমন্ত্ৰীমুছলমানক ৭ৰ পৰা ৮টাকৈ সন্তান জন্ম নিদিবলৈ কওঁ। কাৰণ সংখ্যালঘু এলেকাত মুছলমানৰ সন্তান জন্ম দিয়া হাৰ বেছি। কিন্তু হিন্দু লোকৰ সংখ্যালঘু এলেকাত সন্তান জন্ম দিয়াৰ হাৰ কম। সেয়ে হিন্দু লোকক তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।AdvertismentRead More- সাৱধান!ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত আৰক্ষীহিন্দু লোকে অলপ বেছিকৈ সন্তান জন্ম দিয়ক। নহ'লে ঘৰ চাবলৈ কোনো নোহোৱা হ'ব। এই আহ্বান খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই অদ্ভুত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে- সংখ্যালঘু এলেকাত মুছলমান লোকৰ সন্তান জন্ম দিয়াৰ হাৰটো বেছি। কিন্তু বিপৰীতে আমাৰ হিন্দু সকলৰ মাজত সন্তান জন্ম দিয়াৰ হাৰ কমি কমি গৈ আছে। গতিকে মই সকলো হিন্দু মানুহক দুই-তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনাইছো। Read More- প্ৰচণ্ড শীত! ৭ দিনলৈ বন্ধ বিদ্যালয়মুছলমান মানুহক আমি ৭-৮টা সন্তান জন্ম নিদিবলৈ কও কিন্তু হিন্দুসকলক আমি অলপ বেছিকৈ সন্তান জন্ম দিবলৈ কৈছো, নহলে নহ'লে ঘৰ চাবলৈ কোনো নোহোৱা হ'ব। বৰপেটাৰোডত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি সংবাদমাধ্যমৰ সম্মুখত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।Read More- কঠোৰ ন্যায়ালয়! ৰেহাই নাপায় ধৰ্ষণকাৰী বিজেপি নেতাইহীৰেন গোহাঁয়ে শংকৰ-আজান সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে টুলুঙা মনৰ পৰিচয় দিয়া বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, "এইটো টুলুঙা মনৰ পৰিচয় নহয়৷ এইটো ইতিহাসৰ কথা, পঞ্চম শ্ৰেণীৰ ছাত্ৰয়ো জানে শংকৰ আৰু মাধৱ একেলগে আছিল৷ হীৰেন গোহাঁয়ে কিয় নাজানে মই বুজি পোৱা নাই ৷ শংকৰদেৱ, মাধৱদেৱৰ পৰলোকপ্ৰাপ্তিৰ দুশ বছৰ পিছত আজান পীৰ ইৰাকৰ পৰা আহিছিল৷ তেওঁৰ লগত শংকৰদেৱৰ কেনেকৈ মিল হ'ব পাৰে? লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, আজান পীৰ ভাল ব্যক্তি হ'ব পাৰে কিন্তু আজান পীৰক আমি কেনেকৈ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱৰ লগত মিলাব পাৰো? "Read More- ২৪ নহয় ২৫ ঘন্টাত হ'ব এটা দিন! বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবীআনহাতে বটদ্ৰৱা প্ৰকল্প সন্দৰ্ভত প্ৰতিক্ৰিয়া দি মুখ্যমন্ত্ৰীয়ে কয় যে, "বটদ্ৰৱা প্ৰকল্প অসমৰ স্বাভিমানৰ প্ৰকল্প। যিসকলে অসম আৰু অসমীয়াক ভাল নাপায় তেওঁলোকেহে বটদ্ৰৱা প্ৰকল্পক সমালোচনা কৰিব৷ অসম আৰু অসমীয়াক ভাল পোৱা কোনো লোকে বটদ্ৰৱা প্ৰকল্পক সমালোচনা কৰিব নোৱাৰে৷"AdvertismentAdvertisment Read the Next Article