Advertisment

সাৱধান!ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত আৰক্ষী

নৱবৰ্ষক আদৰাৰ নামত অত্যাধিক আনন্দ কৰাসকল সাৱধান! সুৰাপান কৰি বাহন চলালে বিপদ নিশ্চিত আপোনাৰ। সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীৰ অভিযান। সুৰাপান কৰি বাহন চলাই ধৰা পৰিলেই লোৱা হ’ব বিহিত ব্যৱস্থা।

 File Photo
File Photo

সাৱধান!ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত আৰক্ষী

নৱবৰ্ষক আদৰাৰ নামত অত্যাধিক আনন্দ কৰাসকল সাৱধান! সুৰাপান কৰি বাহন চলালে বিপদ নিশ্চিত আপোনাৰ। সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীৰ অভিযান। সুৰাপান কৰি বাহন চলাই ধৰা পৰিলেই লোৱা হ’ব বিহিত ব্যৱস্থা।

Advertisment

Read More- প্ৰচণ্ড শীত! ৭ দিনলৈ বন্ধ বিদ্যালয়

ৰাজপথত এক্সন মুডত অসম আৰক্ষী। নৱবৰ্ষক আদৰাৰ নামত চলা উৎসৱ-আনন্দৰ মাজত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে। বিশেষকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাজপথত এতিয়া সুৰাপায়ী চালকৰ বিৰুদ্ধে বিশেষ অভিযানত নামি পৰিছে অসম আৰক্ষী। 

Read More- মন্ত্ৰীৰ দুৰ্নীতি! বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ

ৰাজ্যৰ ঠায়ে ঠায়ে সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। আৰক্ষীৰ সৈতে ৰাজপথত নামিছে পৰিবহন বিভাগৰ বিষয়াও। হাতত ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত আৰক্ষীৰ তালাচী। সুৰাপান কৰি যদি বাহন চলাই তেনেহলে বিপদ নিশ্চিত আপোনাৰ।

Read More- কঠোৰ ন্যায়ালয়! ৰেহাই নাপায় ধৰ্ষণকাৰী বিজেপি নেতাই

সুৰাপায়ী চালকৰ বিৰুদ্ধে শিলচৰৰ ৰাজপথতো আৰক্ষীৰ অভিযান। সুৰাপান কৰি বাহন চলাই ধৰা পৰিলেই লোৱা হ’ব বিহিত ব্যৱস্থা। বৃহৎ পৰিমানৰ জৰিমনা ভৰাৰ লগতে ৬ মাহলৈকে বাতিল হ’ব সুৰাপায়ী চালকৰ লাইচেঞ্চ। শিলচৰৰ ৰাজপথত আৰক্ষী দেখি পলায়ন সুৰাপায়ী চালকৰ। খেদি খেদি আৰক্ষীয়ে ধৰিলে সুৰাপায়ী বাইক আৰোহীক। সুৰাপায়ী চালকে আৰক্ষীৰ সৈতে কৰিলে উদ্ভণ্ডালিও। তালাচীৰ দৃশ্য বন্দী হ’ল কেমেৰাত। অভিযানত শতাধিক সুৰাপায়ী চালকক আৰক্ষীয়ে বিহিলে জৰিমনাও। 

Read More- মাত্ৰ ১৫ দিন! কাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰ

আৰক্ষীক তালাচী অভিযানত সহযোগ কৰিছে পৰিবহন বিভাগে। গতিকে নতুন বছৰৰ প্ৰাকক্ষণত বাহন চলাওতে সাৱধান হওঁক! কাৰণ সুৰাপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। ইয়াৰ পাছতো যদি আপুনি সুৰাপান কৰি বাহন চলাই তেনেহলে বিপদ নিশ্চিত আপোনাৰ।

Advertisment
Advertisment