Advertisment

মন্ত্ৰীৰ দুৰ্নীতি! বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ

বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ। ঢেকীয়াজুলিত মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে প্ৰাৰ্থী দিব BPF দলে। অশোক সিংঘালৰ বিৰুদ্ধে দুৰ্নীতিৰ ডাঙৰ অভিযোগ পাচনৈ চেৰফাং সমষ্টিৰ BPFৰ পাৰিষদ শ্যাম চুণ্ডীৰ।

 File Photo
File Photo

মন্ত্ৰীৰ দুৰ্নীতি! বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ

বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ। ঢেকীয়াজুলিত মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে প্ৰাৰ্থী দিব BPF দলে। অশোক সিংঘালৰ বিৰুদ্ধে দুৰ্নীতিৰ ডাঙৰ অভিযোগ পাচনৈ চেৰফাং সমষ্টিৰ BPFৰ পাৰিষদ শ্যাম চুণ্ডীৰ।

Advertisment

Read More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?

বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ। এইবাৰ BJP আৰু মিত্র দল BPFৰ মাজত দেখা গৈছে তীব্র ৰাজনৈতিক বাকযুদ্ধ। ওদালগুৰি জিলাৰ ৩৯ নং পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ BPFৰ পাৰিষদ তথা প্রাক্তন কার্যবাহী সদস্য শ্যাম চুণ্ডীয়ে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী অশোক সিংঘালক।

Read More- ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!

বিগত ৫ বছৰে ঢেকিয়াজুলি সমষ্টিক মাহীআইৰ দৃষ্টিৰে চাই কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক মুনাফা অৰ্জনত অশোক সিংহল ব্যস্ত থকাৰ অভিযোগ BPF নেতা শ্যাম চুণ্ডীৰ। ঢেকিয়াজুলি সমষ্টিত অশোক সিংঘলে স্থানীয় জনতাক প্রথম প্রাধান্য নিদি সকলো ক্ষেত্রতে বহিৰাগত বনিয়াক বৰপীৰা পাৰি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে BPF নেতাগৰাকীয়ে। শ্যাম চুণ্ডীয়ে কয় যে, এইবাৰ ঢেকিয়াজুলি সমষ্টিৰ ৰাইজে কোনো কাৰণতেই দিছপুৰলৈ প্ৰেৰণ নকৰে অশোক সিংঘলক। লগতে BPFৰ পাৰিষদ গৰাকীয়ে কয় যে, সমষ্টিটোত গলেই এতিয়া কেৱল মাত্ৰ শুনা যায় অশোক সিংহলৰ দুৰ্নীতিৰ কথা।

Read More- প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰী

ঢেকিয়াজুলিৰ কোনো এজন স্থায়ী বাসিন্দায়ো অশোক সিংঘলৰ বিষয়ে ভাল কথা নকয় বুলিও দোহাৰে BPFৰ পাৰিষদ গৰাকীয়ে। তেঁও কয় যে, সমষ্টিটোত এইবাৰ অশোক সিংহলৰ সপক্ষে ঢৌ নাই। বিগত ৫ বছৰে সিংহলে সমষ্টিটোত একো উন্নয়নমূলক কাম নকৰি কেৱল মাত্র প্রাক্তন BTR চীফ প্রমোদ বড়োৰ পিছে পিছে থাকি পহৰা দিলে UPPL চৰকাৰক। নিজ সমষ্টিৰ উন্নয়ন বাদ দি ৫ বছৰে কেৱল মাত্র প্রমোদ বড়োৰ পাছে পাছে থকা বিষয়টো ঢেকিয়াজুলি সমষ্টিৰ ৰাইজে সহজভাৱে লব পৰা নাই বুলিও মন্তব্য আগবঢ়ায় BPF নেতা শ্যাম চুণ্ডীয়ে।

Read More- যুঁজখন দুৰ্বল কৰাৰ চেষ্টা! অসমত শংকৰ-মাধৱ আছে, আজান নাই

লগতে পাৰিষদ গৰাকীয়ে কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত অশোক সিংহলৰ বিৰুদ্ধে ঢেকিয়াজুলি সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব BPF দলে। ঢেকিয়াজুলিত প্রার্থী প্রক্ষেপ কৰাৰ স্বাৰ্থত সমষ্টিটোত BPF দলে দিনে নিশাই কাম কৰি সাংগঠিক ভেটি যথেষ্ট টনকিয়াল কৰি তুলিছে বুলিও দোহাৰে নেতাগৰাকীয়ে | আনহাতে, ঢেকিয়াজুলি বিধানসভা সমষ্টিত BPF দলৰ প্ৰাৰ্থীত্বৰ দৌৰত বহুকেইজন নেতা আছে বুলি কয় শ্যাম চুণ্ডীয়ে। মুঠৰ ওপৰত যিকোনো স্বাৰ্থৰ বিনিময়ত এইবাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টি BPF দলে আজুৰি অনাৰ হুংকাৰ BPFৰ পাৰিষদ তথা প্রাক্তন কার্যবাহী সদস্য শ্যাম চুণ্ডীৰ।

Advertisment
Advertisment