Advertisment

ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!

৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী। নৱবৰ্ষ উদযাপনৰ প্ৰাকক্ষণত অনলাইন অৰ্ডাৰ কৰাসকলৰ বাবে এটা বেয়া খবৰ।  Swiggy, Zomato, BlinkItৰ দৰে বিভিন্ন অনলাইন প্লেটফৰ্মত কাম কৰা ডেলিভাৰী বয় সকলে ৩১ ডিচেম্বৰত ঘোষণা কৰিছে দেশজোৰা ধৰ্মঘটৰ।  

 File photo
File photo

৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!
ডেলিভাৰী বয়ৰ ডাঙৰ সিদ্ধান্ত


৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী। নৱবৰ্ষ উদযাপনৰ প্ৰাকক্ষণত অনলাইন অৰ্ডাৰ কৰাসকলৰ বাবে এটা বেয়া খবৰ।  Swiggy, Zomato, BlinkItৰ দৰে বিভিন্ন অনলাইন প্লেটফৰ্মত কাম কৰা ডেলিভাৰী বয় সকলে ৩১ ডিচেম্বৰত ঘোষণা কৰিছে দেশজোৰা ধৰ্মঘটৰ।  

Advertisment

Read More- মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?

তেলেংগানা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰছ ইউনিয়ন (টি জি পি ডব্লিউ ইউ) আৰু ইণ্ডিয়ান ফেডাৰেচন অৱ এপ ৱেছড ট্ৰেন্সপ’ৰ্ট ৱৰ্কাৰছ (আই এফ এ টি)ৰ নেতৃত্বত আহ্বান কৰা হৈছে এই ধৰ্মঘটৰ। ডেলিভাৰী কৰ্মীসকলৰ অভিযোগ অনুসৰি তেওলোকক উৎসৱৰ সময়তো কোম্পানীসমূহে অতিৰিক্ত কাম কৰায়, কিন্তু কাম অনুসৰি তেওঁলোকৰ পৰ্যাপ্ত দৰমহা, সুৰক্ষা আৰু সন্মানৰ অভাৱ অনুভৱ হৈছে। শ্ৰমিকসকলে মূলতঃ উপাৰ্জন হ্ৰাস, অসুৰক্ষিত ডেলিভাৰী আৰু অযুক্তিকৰ আইডি ব্লকক প্ৰতিবাদৰ ভিত্তি হিচাপে লৈছে। ডেলিভাৰী বয় সকলৰ এই প্ৰতিবাদে সমগ্ৰ দেশতে অনলাইন খাদ্য আৰু ডেলিভাৰী সেৱাত ভয়াৱহভাৱে প্ৰভাৱ পেলাব। 

Read More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?

মূলত শ্ৰমিকসকলে কেইবাটাও দাবীৰে এই ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান কৰিছে। শ্ৰমিকসকলৰ এই দাবীসমূহ হ'ল- 

শ্ৰমিকসকলৰ মতে, তেওঁলোকৰ চাকৰিৰ কোনো নিশ্চয়তা নাই। দুৰ্ঘটনাৰ বাবে বীমাৰ ব্যৱস্থা নাই। আৰু এই সমস্যাসমূহ সমাধান কৰিবলৈ কোনো শক্তিশালী ব্যৱস্থাও নাই।

"১০ মিনিটৰ ডেলিভাৰী"ৰ দৰে ব্যৱস্থা শীঘ্ৰেই বন্ধ কৰাৰ দাবী জনাইছে শ্ৰমিকসকলে। তেওঁলোকৰ মতে এনে দ্ৰুত ডেলিভাৰী ব্যৱস্থাই ডেলিভাৰী বয়সকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। সময়ৰ তাগিদাই তেওঁলোকক তীব্ৰ বেগত গাড়ী চলাবলৈ বাধ্য কৰে, যাৰ ফলত দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পায়।

শ্ৰমিকসকলে দাবী জনাইছে যে যথাযথ প্ৰক্ৰিয়া অবিহনে আইডি ব্লক আৰু জৰিমনা বন্ধ কৰা হওক। তেওঁলোকক সুৰক্ষা সামগ্ৰী প্ৰদান কৰা হওক আৰু কৰ্মক্ষেত্ৰত সন্মানজনক ব্যৱহাৰ, কৰ্মৰ সময় নিৰ্ধাৰণ, বাধ্যতামূলক জিৰণি সময়, আৰু উন্নত কাৰিকৰী সহায় নিশ্চিত কৰা ।

Read More- ১ জানুৱাৰীৰ পৰা সলনি হ’ব বহুকেইটা নিয়ম

ডেলিভাৰী কৰ্মীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক এই সমগ্ৰ বিষয়ত তাৎক্ষণিক হস্তক্ষেপৰ বাবে দাবী জনাইছে আৰু শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ অনলাইন প্লেটফৰ্ম কোম্পানীসমূহক নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে।

Advertisment
Advertisment