Advertisment

মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?

নিশ্চিত হোৱা নাই অগপ-বিজেপিৰ মাজত আসন বুজাবুজি। কোনকেইটা সমষ্টি পাব অগপই? কোন সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে? ৰাজ্যৰ ভিন্ন সমষ্টিত দুয়োটা দলৰ মাজত আসনক লৈ চলিছে টনা-আজোৰা। 

 Filephoto
Filephoto

মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?

নিশ্চিত হোৱা নাই অগপ-বিজেপিৰ মাজত আসন বুজাবুজি। কোনকেইটা সমষ্টি পাব অগপই? কোন সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে? ৰাজ্যৰ ভিন্ন সমষ্টিত দুয়োটা দলৰ মাজত আসনক লৈ চলিছে টনা-আজোৰা। 

Advertisment

Read More- আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু দিৱস

বিজেপিৰ দখলত থকা সমষ্টি অগপ দলক এৰি দিব পৰা নাযাব। ৰাষ্ট্ৰীয় দল এটাই কেতিয়াও নিজৰ বিধায়ক থকা স?ষ্টি আন দলক এৰি নিদিয়ে। অগপ-বিজেপিৰ মাজত মিত্ৰতাৰ ভিত্তিবৰ্ষ হ'ব ২০২১। ২০২১ চনক ভিত্তিবৰ্ষ হিচাপে লৈয়ে অগপ বিজেপিৰ মাজত মিত্ৰতা হোৱাটো একপ্রকাৰ খাটাং। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য। 

Read More- চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি

বিধানসভা নিৰ্বাচনলৈ আৰু কেইটামান মাহ। প্ৰতিটো ৰাজনৈতিক দলেই চলাইছে নিৰ্বাচনী কুচ-কাৱাজ। নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকা অৱস্থাতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপ-বিজেপিৰ আসন বুজাবুজি সন্দৰ্ভত মন্তব্য কৰিছে। 

Read More- সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে, আগন্তুক বিধানসভা নিৰ্বাচন আমি বিজেপি দল হিচাপে নহয়, NDA মিত্ৰজোঁট হিচাপে খেলিম। আমাৰ মিত্ৰতাৰ আলোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰ্যায়ত চলি থাকিব। অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তো তেনে কিছু আলোচনা হোৱাৰ সম্ভাৱনা আছে। আমাৰ মাজত অনানুষ্ঠানিকভাৱে কিছু বুজাবুজি হৈছে যদিও ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে মিত্ৰতাক লৈ কোনোধৰণৰ আনুষ্ঠানিক আলোচনা নহয়। ১৫ ফেব্ৰুৱাৰীৰ পাছত আমি আসন বুজাবুজিৰ কথাটোও সমাধান কৰি লম। 

Read More- দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫টাকৈ পশুধন

আনহাতে BTRত হ'বলগীয়া মিত্ৰতা সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কোৱা অনুসৰি BTRত BPF আৰু UPPL দুয়োটা দলেই বিজেপিৰ সৈতে আছে। BPF আৰু UPPL হৈছে NDA মিত্ৰজোঁটৰ অংশীদাৰ। BPF আৰু UPPL পৰ্যায়ত দুয়োটা দল একেলগে থকাটো সম্ভৱ নহয়, গতিকে BTRৰ বাবে আমি নতুন সমীকৰণ উলিয়াব লাগিব। লগতে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে এইটোও স্পষ্ট কৰিছে যে BPF আৰু UPPL দলে কংগ্ৰেছ বা আন কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নকৰে।

Advertisment
Advertisment