Advertisment

দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫টাকৈ পশুধন

কামৰূপৰ পছৰীয়াত জীৱশ্ৰেষ্ঠৰ চৰম অমানৱীয় কাণ্ড। পছৰীয়াত সংঘটিত এক জঘন্য আৰু অমানৱীয় ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। পছৰীয়াৰ দিবাকৰ কলিতা নামৰ লোকজনে অতি কষ্টৰে গঢ়ি তোলা এখন ছাগলী ফাৰ্মত দুৰ্বৃত্তই বিষ দি একেলগে ৭৫টাকৈ ছাগলী নিধন কৰে।

 দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫টাকৈ পশুধন Photograph: (DY365)
দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫টাকৈ পশুধন Photograph: (DY365)

দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫টাকৈ পশুধন


চাৰখাৰ হৈ গ'ল দিবাকৰ-ভনিতাৰ সপোন

কামৰূপৰ পছৰীয়াত জীৱশ্ৰেষ্ঠৰ চৰম অমানৱীয় কাণ্ড। পছৰীয়াত সংঘটিত এক জঘন্য আৰু অমানৱীয় ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। পছৰীয়াৰ দিবাকৰ কলিতা নামৰ লোকজনে অতি কষ্টৰে গঢ়ি তোলা এখন ছাগলী ফাৰ্মত দুৰ্বৃত্তই বিষ দি একেলগে ৭৫টাকৈ ছাগলী নিধন কৰে।

Advertisment

কিমান নিৰ্দয় আৰু নিষ্ঠুৰ হ'ব পাৰে জীৱ শ্ৰেষ্ঠ মানৱ। কিমান নিষ্ঠুৰ হ'লে জীৱ শ্ৰেষ্ঠই কৰিব পাৰে পশুতুল্য কাম। কামৰূপৰ পছৰীয়াত জীৱ শ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এজাক ছাগলী। পছৰীয়া দলপাৰত লাখ লাখ মূল্যৰ ভিন্ন ব্ৰীডৰ ছাগলী বিষ দি নিধন কৰিলে দুৰ্বৃত্তই। দিবাকৰ কলিতা নামৰ লোকজনৰ 'মা পদুমী গোট ফাৰ্ম'ত দুৰ্বৃত্তৰ দলে পশু খাদ্যত বিষ দি সংঘটিত কৰে এই নিৰ্মম কাণ্ড। দিবাকৰৰ পৰিয়ালৰ ফাৰ্মত ইতিমধ্যে মৃত্যু হৈছে ৭৫টাকৈ ছাগলী। আন কেইবাটাও ছাগলী এতিয়াও চটফটাইছে বিষক্ৰিয়াত। 

২০১৯ চনত দিবাকৰ কলিতা আৰু তেঁওৰ পত্নী ভনিতা কলিতাই আৰম্ভ কৰিছিল 'মা পদুমী গোট ফাৰ্ম' নামেৰে ছাগলী ফাৰ্মখন। কোনো চৰকাৰী সাহায্য অবিহনে কলিতা দম্পতীয়ে চলাইছিল ফাৰ্মখন। প্ৰতি মাহতে অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তলৈ লাখ লাখ মূল্যৰ ছাগলী ৰপ্তানি হৈছিল দিবাকৰৰ ফাৰ্মৰ পৰা। কষ্টবোৰ ক্ৰমান্বয়ে সাৰ্থক হোৱাত হাঁহি বিৰিঙি উঠিছিল ছাগলী বিপ্লৱৰে স্বাৱলম্বিতাৰ সপোন দেখা দম্পতীটোৰ। সকলো ঠিকেই আছিল। তেনে সময়তে পৰিয়ালটোত ঘটিল অনাকাংক্ষিত ঘটনাটো। ঘৰত চলি থকা এটা অনুষ্ঠানৰ সুযোগ বুজি কোনো দুৰ্বৃত্তই ফাৰ্মখনৰ ছাগলীৰ খাদ্যত মিহলালে বিষ। যাৰ ফলত ৭৫টাকৈ ছাগলী মৃত্যুমুখত পৰে। প্ৰায় ২৫ লাখ টকাৰ ছাগলী বিষ দি নিধন কৰিলে দুৰ্বৃত্তই। উপাৰ্জনৰ একমাত্ৰ উৎস হেৰুৱাই দিশহাৰা হৈ পৰিছে পৰিয়ালটো। 

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে আৰক্ষীৰ ওচৰত। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে।

Advertisment
Advertisment