Assameseএকেদিনাই ৩ লম্পটক কাৰাদণ্ডএকেদিনাই তিনি অভিযুক্তক কাৰাদণ্ডৰ ৰায়। মৰিগাঁও POCSO আদালতৰ বিশেষ ন্যায়াধীশে দোষী সাব্যস্ত কৰি কাৰাদণ্ড বিহিলে তিনি ধৰ্ষণকাৰীক। কিশোৰীৰে জঘন্য কাণ্ড কৰা কুবেদ আলী, অতুল বৰা আৰু ৰজনী দৈমাৰীক কাৰাদণ্ড বিহিলে আদালতে। Jyotiprasad Sarma Dec 20, 2025 20:23 ISTএকেদিনাই ৩ লম্পটক কাৰাদণ্ড Photograph: (DY365)একেদিনাই ৩ লম্পটক কাৰাদণ্ডকুবেদ আলী, অতুল বৰা আৰু ৰজনী দৈমাৰীক কাৰাদণ্ড বিহিলে আদালতেএকেদিনাই তিনি অভিযুক্তক কাৰাদণ্ডৰ ৰায়। মৰিগাঁও POCSO আদালতৰ বিশেষ ন্যায়াধীশে দোষী সাব্যস্ত কৰি কাৰাদণ্ড বিহিলে তিনি ধৰ্ষণকাৰীক। কিশোৰীৰে জঘন্য কাণ্ড কৰা কুবেদ আলী, অতুল বৰা আৰু ৰজনী দৈমাৰীক কাৰাদণ্ড বিহিলে আদালতে। Advertisment২০১৮ চনত ধৰ্ষণকাণ্ডত জড়িত কুবেদ আলীক দোষী সাব্যস্ত কৰি ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে আদালতে। লগতে ১৫ হাজাৰ টকাৰ জৰিমনাও বিহে মৰিগাঁও POCSO আদালতে। মৰিগাঁৱৰ ভূৰাগাঁৱৰ কুবেদ আলী এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল। ভূৰাগাঁও থানাত ৯৯/১৮ নম্বৰ এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। তদন্তৰ অন্তত কুবেদ আলী দোষী প্ৰমাণিত হয়। দোষী সাব্যস্তৰ পিছতে মৰিগাঁও POCSO আদালতে কুবেদ আলীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড বিহে। Also Read: সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত নৰেন্দ্ৰ মোদীইফালে, এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্ট চলোৱাৰ অপৰাধত দোষী সাব্যস্ত কৰি অভিযুক্ত অতুল বৰাক ৪ বছৰ কাৰাদণ্ড বিহে আদালতে। অতুল বৰাৰ বিৰুদ্ধে লাহৰীঘাট থানাত ৰুজু হোৱা ৮২/২২নং গোচৰৰ তদন্ত কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে অতুল বৰা ঘটনাৰে জড়িত থকাৰ তথ্য। যাৰ বাবে মৰিগাঁও POCSO আদালতে অতুল বৰাক ৪ বছৰৰ কাৰাদণ্ডৰ ৰায় দিয়ে। Also Read: অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষআনহাতে ২০২১ত মূকবধিৰ কিশোৰীক ধৰ্ষণ কৰা ৰজনী দৈমাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে আদালতে। লাহৰীঘাট থানাৰ ৮৮৮/২১ নম্বৰ গোচৰৰ অপৰাধী আছিল ৰজনী দৈমাৰী। সেই সময়ত কিশোৰীৰে অপকৰ্ম কৰি ৰজনী দৈমাৰী পলাবলৈ লওঁতে আৰক্ষীৰ গুলীত হৈছিল গুলীবিদ্ধ।AdvertismentAdvertisment Read the Next Article