Assameseপ্ৰৱঞ্চনাৰ সীমা পাৰ কৰা দ্বীপজ্যোতি আৰু উশালেন এতিয়া আৰক্ষীৰ জালতভুৱা পৰিচয়, গাড়ীত ভুৱা নম্বৰ প্লেট... প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপ্ৰদস্থ বিষয়া বুলি পৰিচয় দি আৰক্ষীৰ জালত দুই মহা প্ৰৱঞ্চক দ্বীপজ্যোতি দাস আৰু উশালেন শৰ্মা। এই দুই মহা প্ৰৱঞ্চক এতিয়া আজাৰা থানাৰ আলহী।Naba Gogoi Nov 25, 2025 11:41 ISTগুৱাহাটী, ২৫ নৱেম্বৰঃ দুজন মহা প্ৰৱঞ্চকৰ কাহিনী এয়া। দুয়োৰে প্ৰৱঞ্চনাৰ কাহিনীৰ যেন অন্ত নাই। ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপ্ৰদস্থ বিষয়া বুলি পৰিচয় দি অৱশেষত এশ গৰু মাৰিলে বাঘৰো মৰণ মিলাৰ দৰেই দশা হ'ল দুয়োৰে। এই দুই মহা প্ৰৱঞ্চক এতিয়া আজাৰা থানাৰ আলহী। Advertismentদুজন মহা প্ৰৱঞ্চক, এজনৰ নাম দ্বীপজ্যোতি দাস, ঘৰ মিৰ্জাৰ সমীপৰ সৰপাৰা গাঁৱত। ভাৰাতীয়া হিচাপে থাকে আজাৰা প্ৰফেছাৰ কলনীত। আৰু আনজন উশালেন শৰ্মা, ঘৰ মহানগৰীৰ নালাপাৰাত। দুবছৰ ধৰি মহানগৰীৰ লগতে বিভিন্ন ঠাইত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপ্ৰদস্থ বিষয়া বুলি পৰিচয় দি বিভিন্ন কাম কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে লাখে-লাখে ধন ঘটি আহিছে। অৱশেষত শনিবাৰে নিশা প্ৰথমে দ্বীপজ্যোতি দাস জালত পৰিল আজাৰা আৰক্ষীৰ। নিজকে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ কাৰ্যনিৰ্বাহক সদস্য বুলি পৰিচয় দি হাতত পিষ্টল লৈ ভয় ভাবুকি দি অহা দ্বীপজ্যোতি দাস অৱশেষত জালত পৰিল আজাৰা আৰক্ষীৰ।ALSO READ: ধুবুৰীৰ সন্তোষৰ হত্যাকাৰী এতিয়াও মুকলি আকাশৰ তলত... প্ৰতিবাদত বহিল মাতৃAS01BS9533 নম্বৰৰ ফৰচুনাৰ গাড়ীত নিজৰ ভুৱা পৰিচয়ৰ প্লেট লগাই, চাইৰেন বজাই বৰঝাৰ বিমান বন্দৰৰ সমীপৰ VIP চকত দ্বীপজ্যোতি দাসে নিশা তহল দি আছিল। তেনে সময়তে আৰক্ষীয়ে তেওঁ অহাৰ উমান পাই অতৰ্কিতে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অভিযানৰ উমান পাই ততাতৈয়াকৈ পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীৰ দলে গবা মাৰি ধৰি তালাচী চলায়। গাড়ীখনত তালাচীৰ সময়ত বহু ভুৱা নথি পত্ৰ লাভ কৰে। প্ৰায় দুবছৰ ধৰি এইদৰেই ভুৱা পৰিচয়েৰে হাতত পিষ্টল লৈ আৰক্ষীৰ চকুত ধূলি দি সাধাৰণ মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰপাৰা গাঁৱৰ এইগৰাকী দ্বীপজ্যোতি দাসে নিজৰ ঘৰৰ পৰা ওলাই আহি পত্নী আৰু এজনী কন্যা সন্তানেৰে সৈতে কিছুবছৰ ধৰি আজাৰা প্ৰফেছাৰ কলনীত ভাৰাতীয়া হিচাপে থাকি এইদৰেই ভুৱা পৰিচয়েৰে সন্ত্ৰাস চলাই আহিছিল। ইতিমধ্যে নিজৰ কু-কৰ্মৰ বাবেই ২০১০ চনত এবাৰ বিজয়নগৰ আৰক্ষী চকীৰ সেই সময়ৰ আৰক্ষী বিষয়া মহেন্দ্ৰ মোহন বাৰুতীৰ নেতৃত্বত পলাশবাৰী থানাত দিয়া এটা গোচৰৰ ভিত্তিত ৰঙাঘৰৰ আলহীও হৈছিল।ALSO READ: হাতত হেংদাং লৈ ৰাজপথত নামিল লাচিত বৰফুকন!ক্ষমতা আৰু সহজলভ্য ধনৰ লালসাত নিজৰ কু-কৰ্মৰ বাবেই পুনৰ আৰক্ষীৰ জালত পৰিল। বহু ভুৱা-নথি পত্ৰ লগত ৰখা দ্বীপজ্যোতি দাসে লণ্ডনৰ চাউথ বেংক বিশ্ববিদ্যালয়ৰ পৰা ২০২২ চনৰ জানুৱাৰীত ভুৱা ডক্টৰেট ডিগ্ৰীও লাভ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। এইজন দ্বীপজ্যোতি দাসে এটা দুষ্ট চক্ৰৰ সৈতে মিলি এইদৰেই ভুৱা পৰিচয়েৰে বেআইনী কাম কাজ চলাই অহাৰ তথ্য লাভ কৰি ওৰেনিশা অভিযান চলায় আৰক্ষীয়ে। ওৰেনিশা দ্বীপজ্যোতি দাসক লগত লৈ আজাৰা আৰক্ষীয়ে পিষ্টলটো উদ্ধাৰ কৰে আৰু ক'লা সাম্ৰাজ্যৰ সৈতে জড়িত সতীৰ্থৰ সন্ধানত বিভিন্ন স্থানত অভিযান চলায়। পিছত গুৱাহাটী নালাপাৰাৰ উশালেন শৰ্মাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এতিয়াও আজাৰা আৰক্ষীয়ে অভিযান চলাই আছে। বহু ভুৱা ছীল মোহৰ, নথি-পত্ৰ, তিনিখনকৈ বিলাসী গাড়ী আদি অভিযান কালত উদ্ধাৰ কৰি আজাৰা থানাত সংবাদমেল অনুষ্ঠিত কৰি দুয়োৰে কু-কৰ্মৰ বিষয়ে অৱগত কৰে। আৰক্ষী এই অভিযান সফল হ'লে দ্বীপজ্যোতি-উশালেনৰ দৰে মাফিয়াৰ এখন ক'লা সাম্ৰাজ্য উৎখাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।কেমেৰাপাৰ্চন ৰিতু কলিতাৰ সৈতে গিৰীন্দ্ৰ কলিতা, মিৰ্জা DY365AdvertismentAdvertisment Read the Next Article