Assameseধুবুৰীৰ সন্তোষৰ হত্যাকাৰী এতিয়াও মুকলি আকাশৰ তলত... প্ৰতিবাদত বহিল মাতৃঘৰৰ পৰা টানি আনি ধুবুৰীৰ সন্তোষ চৌধুৰীক মাৰধৰ। চিকিৎসাধীন অৱস্থাতে GMCHত সন্তোষৰ মৃত্যু। পুত্ৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত নামিল মাতৃ। বগা সাজ পৰিধান কৰি প্ৰতিবাদত বহিল ভাতৃ। চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ ধুবুৰী চহৰৰ নুনিয়াপট্টিত উত্তপ্ত পৰিস্থিতি।DY365 Nov 24, 2025 18:38 ISTপুত্ৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত মাতৃচাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ ধুবুৰী চহৰৰ নুনিয়াপট্টিত উত্তপ্ত পৰিস্থিতি। হত্যাৰ অভিযোগত সোমবাৰে ধুবুৰীৰ নুনিয়াপট্টিত ৰাইজে কৰিলে উত্তাল প্ৰতিবাদ। অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীৰে ৰাজপথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত ৰাইজে। পুত্ৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত নামিল মাতৃ। বগা সাজ পৰিধান কৰি প্ৰতিবাদত বহিল ভাতৃ। আৰক্ষীয়ে আটক কৰিলে কেইবাজনো প্ৰতিবাদকাৰীক। AdvertismentALSO READ: আদানি-আম্বানিক বৰপীৰা...! গৰজি উঠিল ৰাভা হাছাং, উত্তাল পলাশবাৰী১১ দিনমান পূৰ্বে ধুবুৰী চহৰৰ নুনিয়াপট্টিত সংঘটিত মাৰপিটৰ ফলত সন্তোষ চৌধুৰী নামৰ এজন লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হয়। চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত মৃত্যু হয় সন্তোষ চৌধুৰীৰ। অভিযোগ অনুসৰি প্ৰদীপ গোৱালাকে ধৰি ৮ জনীয়া এটা দলে সন্তোষ চৌধুৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। নিহত সন্তোষ চৌধুৰীৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ পৰা টানি বাহিৰত উলিয়াই বেয়াকৈ মাৰপিট কৰাৰ অভিযোগ প্ৰদীপ গোৱালা, কালু গোৱালা, চন্দন গোৱালা, সাগৰ মাহাতো, মঞ্জু গোৱালা, গোলু মাহাতো, ছিংকু দেৱী সহ আঠজনৰ বিৰুদ্ধে। ALSO READ: বিদায় মহীৰূহ... প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাইগুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালয়ত চিকিৎসাধীন অৱস্থাতেই ১৫ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে সন্তোষ চৌধুৰীয়ে। ঘটনা সংক্ৰান্তত আঠজনৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সন্তোষ ৰায়ৰ পৰিয়ালে। ধুবুৰী আৰক্ষীয়ে ৪২১/২০২৫ নম্বৰত গোচৰ ৰুজু কৰিছে যদিও আজি এঘাৰ দিনে এজনোকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল ধুবুৰী আৰক্ষী। ফলত সোমবাৰে ক্ষোভিত হৈ পৰা সন্তোষ চৌধুৰীৰ পৰিয়ালসহ স্থানীয় ৰাইজে ৮ গৰাকী অভিযুক্তৰ পোষ্টাৰ লৈ নুনিয়াপট্টি অঞ্চলত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। মৃত সন্তোষ চৌধুৰীৰ ভাতৃ বিজয় চৌধাৰীৰ অভিযোগ, আৰক্ষীৰে হত্যাকাৰীৰ আছে গোপন বুজাবুজি। ইপিনে এঘাৰ দিনে কোনো এজন অভিযুক্তক ধৰিব নোৱাৰা ধুবুৰী আৰক্ষীয়ে আটক কৰি লৈ গ'ল কেইবাজনো প্ৰতিবাদকাৰীক।AdvertismentAdvertisment Read the Next Article