Advertisment

আদানি-আম্বানিক বৰপীৰা...! গৰজি উঠিল ৰাভা হাছাং, উত্তাল পলাশবাৰী

জনজাতীয় ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ বিৰোধিতা। বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন হাজাৰ হাজাৰ লোকৰ। আমাক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰাতকৈ মুখ্যমন্ত্ৰীয়ে গুলিয়াই মাৰি পেলাওক বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ।

 আদানি-আম্বানিক বৰপীৰা...! গৰজি উঠিল ৰাভা হাছাং, উত্তাল পলাশবাৰী

'আমাক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰাতকৈ হিমন্ত বিশ্ব শৰ্মাই বোমা দি অথবা এফালৰ পৰা গুলিয়াই মাৰি পেলাওক'

Advertisment

'আমাক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰাতকৈ হিমন্ত বিশ্ব শৰ্মাই বোমা দি অথবা এফালৰ পৰা গুলিয়াই মাৰি পেলাওক। তাৰ পিছত তেওঁলোকে আমাৰ সকলো ভূমি ল'ব পাৰিব'। ৰাভা হাছংবাসীক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে সাধাৰণ জনতা৷ মঙলবাৰৰ পৰা যেন ফিৰিঙটিৰ পৰাই খাণ্ডৱ দাহ হ'বলৈ গৈ আছে পলাশবাৰীৰ ৰাভা হাছং এলেকাত। পুনৰ বৰদুৱাৰ বাগানত গৰজি উঠিল হাজাৰ হাজাৰ লোকে।

RABHA HASANG
বৰদুৱাৰ বাগানত গৰজি উঠিল হাজাৰ হাজাৰ ৰাভা হাছাংবাসী Photograph: (FILE)

'বিজেপি চৰকাৰ গ' বেক, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ', 'DMDA হায় হায়, 'আদানি-আম্বানিক জনজাতীয় মাটি গতাই দিয়া বন্ধ কৰক', 'উন্নয়নৰ নামত স্থানীয় মানুহৰ ভৱিষ্যত ধ্বংস কৰা বন্ধ কৰক' আদি শ্লোগানেৰে পুনৰ উত্তাল হ'ল পলাশবাৰীৰ ৰাভা হাছঙৰ বৰদুৱাৰ বাগান অঞ্চল। এতিয়া যেন ফিৰিঙটিৰ পৰাই খাণ্ডৱ দাহ হ'বলৈ গৈ আছে। ৰাভা হাছঙৰ বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতাৰে পুনৰ গৰজি উঠিল হাজাৰ হাজাৰ লোক৷ ১,৫০০ একৰ সেউজীয়া ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছৰে পৰা ৰাভা হাছঙৰ লোকসকলে প্ৰতিবাদত অটল হৈ পৰিছে৷ এইবাৰ ৰাভা হাছংবাসীক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে সাধাৰণ জনতা৷ পুনৰ বৰদুৱাৰ বাগানত ইয়াৰ বিৰোধিতাৰে গৰজি উঠিল স্থানীয় বাসিন্দা৷ একেমুখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিয়ে প্ৰতিবাদী লোকে। মুখ্যমন্ত্ৰীক হুংকাৰ দি কয়, 'আমাক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰাতকৈ হিমন্ত বিশ্ব শৰ্মাই বোমা দি অথবা এফালৰ পৰা গুলিয়াই মাৰি পেলাওক'। তাৰ পিছত তেওঁলোকে আমাৰ সকলো ভূমি ল'ব পাৰিব বুলি মন্তব্য কৰিলে লোকসকলে।

ALSO READ: বিদায় মহীৰূহ... প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই

সোমবাৰে পুনৰ মাটি-ভেঁটি হেৰুওৱাৰ ভয়ত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হ’ল প্ৰতিবাদী নাগৰিক সভা৷ বৰদুৱাৰ বাগান ভূমি পট্টা দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত এই নাগৰিক সভাত ছেটেলাইট টাউনশ্বিপ সম্পূৰ্ণ ৰূপত বাতিল কৰি জনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদানৰ দাবী তোলে৷ নিজৰ ভেঁটি-মাটি হেৰুওৱাৰ ভয়ত এতিয়া হাহাকাৰ কৰিছে সাধাৰণ জনতাই৷ বৰদুৱাৰ বাগানত তিনিখন ৰাজহ গাঁৱৰ উপৰিও হাজাৰ হাজাৰ লোকে নিজৰ ভেঁটি-মাটিক লৈ শংকিত হৈ পৰিছে৷ যাৰ বাবে হাজাৰ হাজাৰ লোক সমাবেত হৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি আইন আৰু ৰাজপথ দুয়োটাৰে প্ৰতিবাদ সাব্যস্ত কৰি যিকোনো পৰিস্থিতিৰ মুখামুখি হৈ হ’লেও এই ছেটেলাইট টাউনশ্বিপ হ’বলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে জনতাই। 

ALSO READ: দুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ

ভূমি অধিকাৰৰ পৰা বঞ্চিত হোৱা লোকসকলে একগোট হৈ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব ধাৰাবাহিক প্ৰতিবাদ। মঙলবাৰৰ পৰা জিএছডিএৰ বিষয়া কৰ্মচাৰীয়ে উক্ত অঞ্চলটোত বাহৰ পাতি ভূমিৰ কাম কাজ আৰম্ভ কৰিব। গতিকে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিব। এতিয়া ফিৰিঙটিৰ পৰাই খাণ্ডৱ দাহ হ'বলৈ গৈ থকাৰ আশংকা। এই প্ৰতিবাদক ৰজাঘৰীয়াই কিদৰে গ্ৰহণ কৰে সেয়া সময়েহে ক’ব৷

কেমেৰাপাৰ্চন ৰিতু কলিতাৰ সৈতে গিৰীন্দ্ৰ কলিতা, মিৰ্জা DY365

Advertisment
Advertisment