Assameseদুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণদুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ। আত্মসমৰ্পণ কৰে অৰুণোদয় দহোটীয়া ওৰফে অৰুণোদয় অসমে। আলফা কেডাৰ ফ্ৰান্সিছ অসমৰো আত্মসমৰ্পণ। সেনা আৰু আৰক্ষীৰ ওচৰত দুয়ো আলফাৰ শীৰ্ষ কেডাৰে কৰে আত্মসমৰ্পণ।Jyotiprasad Sarma Nov 23, 2025 19:41 ISTদুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ Photograph: (DY365)দুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণদুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ। আত্মসমৰ্পণ কৰে অৰুণোদয় দহোটীয়া ওৰফে অৰুণোদয় অসমে। আলফা কেডাৰ ফ্ৰান্সিছ অসমৰো আত্মসমৰ্পণ। সেনা আৰু আৰক্ষীৰ ওচৰত দুয়ো আলফাৰ শীৰ্ষ কেডাৰে কৰে আত্মসমৰ্পণ। Advertismentদীৰ্ঘসময় ধৰি সশস্ত্ৰ বিদ্ৰোহৰ সৈতে জড়িত থকাৰ পিছত আজি অস্ত্ৰ এৰি মূলসুতিলৈ উভতি আহিছে আলফা (স্বাধীন)ৰ শীৰ্ষ কেডাৰ অৰুণোদয় দহোটীয়া ওৰফে অৰুণোদয় অসম আৰু ফ্ৰান্সিছ অসম। অৰুণোদয় দহোটীয়া আলফা(স্বাধীন)ৰ স্বয়ম্ভু কমাণ্ডেণ্ট তথা সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। আলফাৰ ৭৭৯ বেটেলিয়ন পৰিচালনা কৰিছিল অৰুণোদয় দহোটীয়াই। ফ্ৰান্সিছ অসম আলফা (স্বাধীন)ৰ মেজৰ জেনেৰেলৰ দায়িত্বত আছিল বুলিও তথ্যত প্ৰকাশ। তিনিচুকীয়া আৰক্ষী আৰু ভাৰতীয় সেনাবাহিনীয়ে যৌথভাৱে চলোৱা অভিযানৰ অন্তত আজি শীৰ্ষ আৰক্ষী বিষয়াৰ সন্মুখত এই দুই শীৰ্ষ কেডাৰে আত্মসমৰ্পণ কৰে। ম্যানমাৰৰ পাঞ্চুপাছ অঞ্চলত অৰুণোদয় দহোটীয়া আৰু ফ্ৰান্সিছ অসমে আৰক্ষীৰ ওচৰত কৰে আত্মসমৰ্পণ। ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাধীন)ৰ কেডাৰ অৰুণোদয় দহোটীয়া আৰু ফ্ৰান্সিছ অসমে আত্মসমৰ্পণ কৰাৰ কথা উল্লেখ কৰে। আত্মসমৰ্পণকাৰী আলফা (স্বাধীন)ৰ কেডাৰক দিল্লীলৈ নিয়া নহয়, তাৰ পৰিৱৰ্তে তেওঁলোকক তিনিচুকীয়াতে ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তিনিচুকীয়াৰ পৰা DGPক লগ কৰিবলৈ গুৱাহাটীলৈ আহিব পাৰে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। আনহাতে আলফা (স্বাধীন)ৰে আলোচনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অবিহনে সংগঠনটোৰ সৈতে শান্তি আলোচনা সম্ভৱ নহয় বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে। শান্তি আলোচনাৰ বাবে পৰেশ বৰুৱা অহালৈ অপেক্ষা মুখ্যমন্ত্ৰীৰ। AdvertismentAdvertisment Read the Next Article