Assameseযুদ্ধবিৰতি, নহ'ব আক্ৰমণ! শান্তি চুক্তি পাকিস্তান-আফগানিস্তানৰদীঘলীয়া বৈঠকৰ অন্তত যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিলে পাকিস্তান-আফগানিস্তানে। কাটাৰৰ ৰাজধানী ডোহাত শেষ নিশালৈকে দুয়ো দেশৰ প্ৰতিনিধিৰে বৈঠক। যুদ্ধবিৰতিৰ কথা বিবৃতিৰ জৰিয়তে ৰাজহুৱা কৰে কাটাৰৰ বিদেশ মন্ত্ৰালয়ে। Naba Gogoi Oct 19, 2025 15:16 ISTপাকিস্তান-আফগানিস্তানৰ মাজত যুদ্ধবিৰতিগুৱাহাটী, ১৯ অক্টোবৰঃ অৱশেষত যুদ্ধবিৰতিত সন্মত হ'ল পাকিস্তান আৰু আফগানিস্তান। দীঘলীয়া বৈঠকৰ অন্তত যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিলে পাকিস্তান-আফগানিস্তানে। কাটাৰৰ ৰাজধানী ডোহাত শেষ নিশালৈকে দুয়ো দেশৰ প্ৰতিনিধিৰে বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকৰ পিছতে দেওবাৰে পুৱা দুয়ো দেশে যে যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিছে সেই কথা বিবৃতিৰ জৰিয়তে ৰাজহুৱা কৰে কাটাৰৰ বিদেশ মন্ত্ৰালয়ে। Advertismentবহু দিনৰে পৰা পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি আহিছে যুদ্ধ। তাৰ মাজতে বুধবাৰে ৪৮ ঘণ্টাৰ সাময়িক যুদ্ধবিৰতিত সন্মত হৈছিল হৈছিল দুয়ো পক্ষ। কিন্তু শুকুৰবাৰে সাময়িক যুদ্ধবিৰতিৰ ম্যাদ অন্ত পৰাত পুনৰ সীমান্তত বাঢ়িছিল উত্তেজনা। শুকুৰবাৰে পুনৰ সংঘটিত হয় যুদ্ধ, অৰ্থাৎ ভয়াৱহ আক্ৰমণ। সীমান্তৰ সমীপত সংঘটিত আত্মঘাতী আক্ৰমণত ৭জন পাকিস্তানী জোৱান নিহত হোৱাৰ লগতে ১৩জন আহত হয় বুলি খবৰ আহে। তাৰ পিছতে পুনৰ পাকিস্তানে আফগানিস্তানত চলাই ভয়ংকৰ প্ৰতি আক্ৰমণ। পাকিস্তানে আফগানিস্তানৰ সীমান্তৱর্তী পাকতিকা প্রদেশত চলোৱা আক্ৰমণত ৩ ক্রিকেটাৰসহ ১০ জন নাগৰিকৰ মৃত্যু হয়। দুই দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত শনিবাৰেও সীমান্তত বিৰাজ কৰে ভয়ংকৰ পৰিস্থিতিয়ে।Statement | Pakistan and Afghanistan Agree to an Immediate Ceasefire During a Round of Negotiations in Doha#MOFAQatarpic.twitter.com/fPXvn6GaU6 — Ministry of Foreign Affairs - Qatar (@MofaQatar_EN) October 18, 2025উল্লেখ্য যে পাকিস্তানক আক্ৰমণ কৰিবলৈ সশস্ত্ৰ গোটক তালিবানে আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰে। অৱশ্যে পাকিস্তানে অনা এই অভিযোগ অস্বীকাৰ কৰে তালিবানে। তালিবানে পাকিস্তানী সেনাই আফগানিস্তানৰ বিষয়ে ভুল তথ্য বিয়পাই দিয়াৰ দাবী কৰে। তালিবান তথা কাবুলৰ এই অভিযোগ অস্বীকাৰ কৰি ইছলামবাদে কয় যে আফগানিস্তানে সশস্ত্ৰ সংগঠনক আশ্ৰয় দি পাকিস্তানৰ বিৰুদ্ধে বছৰ বছৰ ধৰি যুদ্ধৰ অভিসন্ধি ৰচনা কৰিছিল। ALSO READ: জুবিনক লৈ ব্যৱসায় নহয়! জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান, দোকান উঠাই নিনিলে চলিব উচ্ছেদদীৰ্ঘদিনৰ পৰা চলি অহা এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে আফগানিস্তানস্থিত ৰাষ্ট্ৰসংঘৰ সহায়ক অভিযানে আফগানিস্তান সীমান্তত ৩৭ জন লোক নিহত আৰু ৪২৫ জন আহত হোৱাৰ তথ্য প্ৰকাশ কৰে। লগে লগে পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলা এই যুদ্ধ বা শত্ৰুতাৰ স্থায়ী অন্ত পেলাবলৈ আহ্বান জনাই।উভয় দেশৰ বিস্তৰ ক্ষতি আৰু শেহতীয়া ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি শান্তিৰ বাবে আগুৱাই আহে দুয়ো দেশ। কাটাৰ আৰু তুৰস্কৰ মধ্যস্থতাত পাকিস্তান আৰু আফগানিস্তানৰ শান্তি চুক্তিৰ বাবে আলোচনা কৰা হয়। কাটাৰ আৰু তুৰস্কৰ মধ্যস্থতাত উভয় ৰাষ্ট্ৰই যুদ্ধ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। ALSO READ: 'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'- জুবিন ক্ষেত্ৰত উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গদেওবাৰৰ পৰাই দুয়োপক্ষই যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিব বুলিও কাটাৰে ঘোষণা কৰে। এই সময়চোৱাত কোনোধৰণৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ সংঘটিত নহয়। মূলত পাকিস্তান আৰু আফগানিস্তানৰ মাজত স্থায়ী শান্তি বিৰাজ কৰিব বুলি দাবী কৰে কাটাৰে। ডোহাৰ বৈঠকত তালিবান চৰকাৰৰ প্রতিৰক্ষা মন্ত্রী মোল্লা মহম্মদ ইয়াকুবৰ লগতে পাকিস্তানৰ প্রতিনিধি দলক নেতৃত্ব দিয়া প্রতিৰক্ষা মন্ত্রী খোৱাজা মহম্মদ আছিফেও অংশ গ্ৰহণ কৰে। ডোহাৰৰ এই দীঘলীয়া বৈঠকৰ অন্তত যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰে পাকিস্তান আৰু আফগানিস্তানে। Read the Next Article