Advertisment

যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামীক যাৱজীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে আদালতে

যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামীক যাৱজীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে আদালতে। কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে দিলে এই ৰায়। যৌতুকৰ বাবে পত্নীক হত্যা কৰা সুভাষ পালক শাস্তি প্ৰদান আদালতৰ। যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে আদালতে।

 যৌতুকৰ বাবে পত্নীক হত্যা Photograph: (DY365)
যৌতুকৰ বাবে পত্নীক হত্যা Photograph: (DY365)

যৌতুকৰ বাবে পত্নীক হত্যা

হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

গুৱাহাটী, ২২ নৱেম্বৰঃ যৌতুকৰ বাবে পত্নীক হত্যা কৰা স্বামীক যাৱজীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে আদালতে। কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে দিলে এই ৰায়। যৌতুকৰ বাবে পত্নীক হত্যা কৰা সুভাষ পালক শাস্তি প্ৰদান আদালতৰ। যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে আদালতে। 

Advertisment

Also Read: ভয়ংকৰ! চলন্ত স্কুল বাছত অগ্নিকাণ্ড, তেজপুৰত কণ কণ শিক্ষাৰ্থীৰ মাজত হাহাকাৰ

ঘটনা অনুসৰি ২০১৯ চনৰ মাৰ্চ মাহত শিলচৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। শিলচৰ দুধপাতিল লাৰচিংপাৰৰ সুভাষ পালে হত্যা কৰিছিল পত্নীক। যৌতুকৰ দাবীত স্বামী সুভাষ পালে ডিঙি ৰেপি হত্যা কৰিছিল পত্নী আল্পনা সিংহক। 

Also Read: ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট

ঘটনাৰ পিছতে আল্পনা সিংহৰ পিতৃয়ে শিলচৰ মালুগ্ৰাম আৰক্ষী চকীত স্বামী সুভাষ পালক অভিযুক্ত কৰি ৰুজু কৰিছিল এক গোচৰ ৷ গোচৰত আল্পনা সিংহৰ পিতৃয়ে অভিযোগ কৰিছিল যে, বিয়াৰ পিছৰে পৰা স্বামী সুভাষ পালসহ তেওঁৰ পৰিয়ালে এক লাখ টকা যৌতুক দাবী কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল আল্পনাৰ ওপৰত। আৰু যৌতুকৰ বাবেই স্বামী সুভাষে হত্যা কৰে পত্নী আল্পনাক সিংহক। পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামী সুভাষ পালক। 

Advertisment

Also Read: পুনৰ বিতৰ্কত GMCH!  চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

ইয়াৰ পাছত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আদালতত দাখিল কৰে চাৰ্জশ্বীট। আদালতত প্ৰায় ৬ বছৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পাছত শুকুৰবাৰে আদালতে অভিযুক্ত হত্যাকাৰী স্বামী সুভাষ পালক দোষী সাব্যস্ত কৰি ৰায়দান ঘোষণা কৰে ৷ অভিযুক্ত হত্যাকাৰী স্বামী সুভাষ পালক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত যাৱজীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে। আদালতৰ এই ৰায়দানৰ পাছত পত্নী হত্যাকাৰী স্বামী সুভাষ পালক আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

Advertisment
Advertisment