Advertisment

ভয়ংকৰ! চলন্ত স্কুল বাছত অগ্নিকাণ্ড, তেজপুৰত কণ কণ শিক্ষাৰ্থীৰ মাজত হাহাকাৰ

তেজপুৰত চলন্ত স্কুল বাছত অগ্নিকাণ্ড। নিমিষতে শিক্ষাৰ্থীৰ মাজত লাগিল হাহাকাৰ। তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ-ছাত্ৰী কঢ়িওৱা চলন্ত স্কুল বাছত এই শিহৰণকাৰী ঘটনা। ভয়ংকৰ ঘটনাৰ পৰা দৈব্যক্ৰমে ৰক্ষা পৰিল কণ কণ ছাত্ৰ-ছাত্ৰী।

তেজপুৰত চলন্ত স্কুল বাছত অগ্নিকাণ্ড

শিক্ষাৰ্থীৰ মাজত লাগিল হাহাকাৰ

গুৱাহাটী, ২২ নৱেম্বৰঃ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা চলন্ত স্কুল বাছত ভয়ংকৰ অগ্নিকাণ্ড। তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। ভয়ংকৰ ঘটনাৰ পৰা দৈব্যক্ৰমে ৰক্ষা পৰিল কণ কণ ছাত্ৰ-ছাত্ৰী। ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ চূড়ান্ত হেতালি খেলাৰ অভিযোগ সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি কৰ্তৃপক্ষৰ বিৰুদ্ধে। নম্বৰ প্লেট স্পষ্ট নোহোৱা এছ এছ বিৰ এখন বাহনত লাগিল জুই। জুই লগাৰ পিছতে জোৱান তথা একাংশ লোকে পানী ঢালি জুই নুমুৱাৰ চেষ্টা কৰিছে। পুৰণি বাহন খনৰে কেৱল ওলাই আছে ধোঁৱা। 

Advertisment

ALSO RAED: ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট

উল্লেখ্য যে, এই বাহনখনেৰে শলমৰাস্থিত কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰা এছ এছ বি পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক অনা নিয়া কৰে।  শনিবাৰে স্কুলৰ পৰা গৃহ আভিমূখে আহি থকা অৱস্থাত ডেকা বৰুৱা চুবুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথতে চলন্ত অৱস্থাত জুই লাগি এনেদৰে ধোঁৱা ওলাবলৈ ধৰে স্কুল বাছখনত। উৰণ সেতুৰ কাম কৰি থকা তথা স্থানীয় ৰাইজে বাহনখনেৰে ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰে আৰু নিমিষতে লাগে হুৱাদুৱা। লগে লগে বাহনখন ৰখাই কণ কণ ছাত্ৰ-ছাত্ৰীক নমাই নিৰাপদ স্থানলৈ লৈ যোৱা হয়। তাৰ পিছতে ৰাইজৰ লগতে চালকৰ তৎপৰতাত জুই নুমুৱাৰ চেষ্টা কৰোৱা হয় আৰু সৌভাগ্যক্ৰমে ছাত্ৰ-ছাত্ৰীৰ জীৱন ৰক্ষা পৰে। দৰাচলতে বাহনখন পুৰণি হৈছে আৰু কাৰিকৰী বিজুতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। এখন পুৰণি বাছত এছ এছ বিৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক অনা নিয়া কৰিবলৈ দিয়াটো ডাঙৰ ভুল বুলি ভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

ALSO RAED: ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট

Advertisment
Advertisment