Assameseভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্টভাৰতক অশান্ত কৰিবলৈ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। লুধিয়ানাত আৰক্ষীৰ এনকাউণ্টাৰত ধৰাশায়ী হ'ল ISI সমৰ্থিত দুটাকৈ সন্ত্ৰাসবাদী । ধনৰ টোপ দি একাংশ হিন্দু লোককো চোৰাংচোৱাৰূপে ব্যৱহাৰ কৰিছে ISIয়ে।Mrinmoy Talukdar Nov 21, 2025 21:21 ISTFilephotoভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্টভাৰতক অশান্ত কৰিবলৈ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। লুধিয়ানাত আৰক্ষীৰ এনকাউণ্টাৰত ধৰাশায়ী হ'ল ISI সমৰ্থিত দুটাকৈ সন্ত্ৰাসবাদী । ধনৰ টোপ দি একাংশ হিন্দু লোককো চোৰাংচোৱাৰূপে ব্যৱহাৰ কৰিছে ISIয়ে।Advertisment ১০/১১ৰ লালকিল্লা বিস্ফোৰণৰ ঘটনাত প্ৰত্যক্ষভাৱে জড়িত আছিল পাকিস্তান। দেশখনৰ শাসক, চোৰাংচোৱা সংস্থা ISI আৰু সন্ত্ৰাসবাদী সংগঠন জঈছ–ঈ–মহম্মদেই হোৱাইট কলাৰ টেৰ’ৰ গেঙৰ জৰিয়তে দিল্লীত সংঘটিত কৰিলে ভয়ংকৰ আত্মঘাতী বিস্ফোৰণ। ঘটনাক লৈ NIAই তদন্ত চলাই থকাৰ সময়তে বিস্ফোৰণত পাকিস্তান জড়িত থকা বুলি এদিন পূৰ্বে দাবী কৰিছিল পাক–অধিকৃৎ কাশ্মীৰৰপ্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হকে।তাৰমাজতে পোহৰলৈ আহিছে পাকিস্তানে ভাৰতৰ মাটিত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱাৰ কেতবোৰ ভয়ংকৰ তথ্য। এফালে কাশ্মীৰীক, আনফালে খালিস্তানীক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ ISIৰ। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিবৰ বাবে হিন্দু যুৱককো নিয়োগৰ ষড়যন্ত্ৰ।ধনৰ টোপ দি পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ ভয়ংকৰ পৰিকল্পনা। কিছুদিন পূৰ্বে ISIয়ে চলাই অহা এই ভয়ংকৰ ব্লুপ্ৰিণ্ট সন্দৰ্ভত উল্লেখ কৰিছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। এতিয়া তেনে এক আক্ৰমণৰ পৰিকল্পনাই ব্যৰ্থ কৰিলে পঞ্জাৱ আৰক্ষীয়ে। বৃহস্পতিবাৰৰ নিশা লুধিয়ানাৰ লাধুৱালত আৰক্ষীৰে হোৱা সংঘৰ্ষত আহত হ’ল দুটাকৈ সন্ত্ৰাসবাদী। এনকাউণ্টাৰত আহত ৰাজস্থানৰ পৰা অহা দীপক ওৰফে দীপু আৰু ৰামলাল। লুধিয়ানাত বাহৰ পাতি আন একাংশৰে মিলি কৰিছিল কূটাঘাতৰ পৰিকল্পনা। সংঘৰ্ষস্থলীৰ পৰা পাঁচটা পিষ্টল, দুটা চীনানিৰ্মিত গ্ৰেণেড, ৪০জাঁই গুলী উদ্ধাৰ কৰা হৈছে।তিনিটাকৈ দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহে ISIৰ এই পৰিকল্পনা। গ্ৰেপ্তাৰ ফিৰোজপূৰৰ ছামছেৰ সিং, হাৰিয়ানাৰ অজয়, বিহাৰৰ হৰ্ষ কুমাৰ ওজা। ISIৰে সম্পৰ্ক থকা ১০টাকৈ দুৰ্বৃত্তক এইপৰ্যন্ত গ্ৰেপ্তাৰ পঞ্জাৱ আৰক্ষীৰ। ভয়ংকৰ কথাটো হ’ল পাকিস্তানৰ মাটিৰ পৰাই পঞ্জাৱত আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰিছিল ISIয়ে। তাকে কৰিবলৈ ড্ৰ’নৰ জৰিয়তে ৰাজস্থানৰ ভাৰত–পাক সীমান্তলৈ প্ৰেৰণ কৰিছিল মাৰণাস্ত্ৰ। এই কাম কৰিছিল ISIৰ ঘনিষ্ঠ জশবীৰ ওৰফে চৌধুৰী নামৰ খালিস্তানীয়ে।এনেকৈয়ে পহলগামৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদীৰ দ্বাৰা আক্ৰমণৰ পৰকল্পনা ৰচনা কৰিছে পাকিস্তানে। ইতিমধ্যে দিল্লীত ১০ নৱেম্বৰত আত্মঘাতী বিস্ফোৰণ ঘটাই আতংকৰ সৃষ্টি কৰাৰ পিছত পাকিস্তানৰ লক্ষ্য হৈ পৰিছে আন বিভিন্ন অঞ্চল।AdvertismentAdvertisment Read the Next Article