Assameseপুনৰ বিতৰ্কত GMCH! চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগপুনৰ বিতৰ্কত গুৱাহাটী মেডিকেল কলেজ হস্পাতাল। আকৌ চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। বৃক্ক সংৰোপণৰ পিছতে মৃত্যু হয় ৰঞ্জুমনি গগৈ নামৰ মহিলাগৰাকীৰ। পত্নীক বৃক্ক দান কৰা চাবুৱাৰ বিপুল গগৈ এতিয়াও চিকিৎসাধীন।Mrinmoy Talukdar Nov 21, 2025 21:19 ISTFilephotoপুনৰ বিতৰ্কত GMCH চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগপুনৰ বিতৰ্কত গুৱাহাটী মেডিকেল কলেজ হস্পাতাল। আকৌ চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। বৃক্ক সংৰোপণৰ পিছতে মৃত্যু হয় ৰঞ্জুমনি গগৈ নামৰ মহিলাগৰাকীৰ। পত্নীক বৃক্ক দান কৰা চাবুৱাৰ বিপুল গগৈ এতিয়াও চিকিৎসাধীন।AdvertismentGMCH আৰু বিতৰ্ক যেন একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি! এইবাৰ অন্য এক বিতৰ্কত সাঙোৰ খাইছে GMCHৰ। এইবাৰ অভিযোগ উঠিছে GMCHৰ চিকিৎসকৰ বিৰুদ্ধে। গুৱাহাটী মেডিকেল কলেজ হস্পাতালৰ চিকিত্সকৰ গাফিলতিৰ বাবে এইবাৰ ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ !পুনৰ বিতৰ্কত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল। চিকিৎসা পদ্ধতিত গাফিলটিৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ। উল্লেখ্য যে GMCHৰ চুপাৰ স্পেচিয়েলিটি হাস্পাতালৰ চিকিৎসালয়খনত ভৰ্তি হৈছিল এগৰাকী মহিলা। বৃক্ক সংৰোপণৰ বাবে আহিছিল মহিলাগৰাকী। মহিলাগৰাকীক বৃক্কদান কৰিছিল মহিলাগৰাকীৰ স্বামীয়ে। জানিব পৰা মতে মহিলাগৰাকীৰ বৃক্ক সংৰোপণ কৰা হ’ল। কিন্তু বৃক্ক সংৰোপণৰ পিছতে মৃত্যু হয় মহিলাগৰাকীৰ।GMCHত চাবুৱাৰ ৰঞ্জুমনি গগৈ নামৰ এগৰাকী ৰোগীৰ কিডনী ট্ৰান্সপ্লান্টৰ পাছতে মৃত্যু হয়। ৰোগী গৰাকীৰ স্বামী বিপুল গগৈয়ে দান কৰিছিল কিডনী। উল্লেখ্য যে ২৮ অক্টোবৰত GMCHত ভৰ্তি হৈছিল ৰোগীগৰাকী। ২০ নৱেম্বৰত মহিলা ৰোগী গৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। অস্ত্ৰোপচাৰ নিশাই মৃত্যু হয় ৰোগীগৰাকীৰ। হৃদক্রিয়া বন্ধ হৈ ৰোগী গৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালক জনায় চিকিৎসকে।ইফালে কিডনী দান কৰা ৰোগীৰ স্বামী বিপুল গগৈ বৰ্তমানো চিকিৎসাধীন হাস্পাতালত। কিন্তু কিয় আৰু কেনেকৈ মৃত্যু হ’ল ৰঞ্জুমণি গগৈৰ? পৰিয়ালৰ লোকে কোৱা অনুসৰি অস্ত্ৰোপচাৰৰ পিছতে নিশা ৰোগী ৰঞ্জুমণি গগৈৰ মৃত্যু হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটা বুলি পৰিয়ালক জনাই চিকিৎসকে। কিন্তু চিকিৎসকৰ ভাষ্য মানি ল’ব বিচৰা নাই পৰিয়ালৰ লোকে। আনহাতে পৰিয়ালৰ লোক আৰু আত্মীয়ই GMCH হাস্পাতালত সু-শৃংখলাবদ্ধ ভাবে কাম কাজ পৰিচালনা নোহোৱাৰ অভিযোগ আনিছে।AdvertismentAdvertisment Read the Next Article