Assameseডুবাইৰ এয়াৰশ্বত মূহূৰ্ত্ততে জ্বলি ছাৰখাৰ যুদ্ধ বিমান 'তেজছ'দেশবাসীৰ বাবে দুখবৰ। ডুবাইৰ এয়াৰশ্বত ভাৰতীয় যুদ্ধ বিমানেৰে অঘটন। এয়াৰশ্বৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। বিমানখন ভূ-পতিত হোৱাৰ দৃশ্য বন্দী হয় কেমেৰাত।Mrinmoy Talukdar Nov 21, 2025 19:42 ISTFILEPHOTOডুবাইৰ এয়াৰশ্বত মূহূৰ্ত্ততে জ্বলি ছাৰখাৰ যুদ্ধ বিমান 'তেজছ'দেশবাসীৰ বাবে দুখবৰ। ডুবাইৰ এয়াৰশ্বত ভাৰতীয় যুদ্ধ বিমানেৰে অঘটন। এয়াৰশ্বৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। বিমানখন ভূ-পতিত হোৱাৰ দৃশ্য বন্দী হয় কেমেৰাত। Advertismentডুবাইত এয়াৰ শ্ব’ৰ সময়তে ভয়ংকৰ অঘটন। ভয়ংকৰ দুৰ্ঘটনাত পতিত ভাৰতীয় বায়ুসেনাৰ তেজছ ফাইটাৰ জেট। ডুবাইৰ অল মাকটুম বিমানবন্দৰৰ পৰা এয়াৰ শ্ব’ কৰিছিল তেজছে। এয়াৰশ্বৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমানখন মূহূৰ্ত্ততে জ্বলি ছাৰখাৰ হয়। তেজছ ফাইটাৰ জেটৰ দুৰ্ঘটনাৰ ফলত মৃত্যু হয় পাইলটজনৰ । ফাইটাৰ জেটখন খহি পৰাৰ পিছতে জ্বলি উঠে বিমানখন। ভাৰতীয় সময় অনুসৰি বিয়লি ৩.৪০ বজাত দুৰ্ঘটনা। তেজাছ দুৰ্ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ক’ৰ্ট অব এনকুৱাৰী । উল্লেখ্য যে বায়ুসেনাৰ তেজাছ জেট দুৰ্ঘটনাৰ আজি আছিল দ্বিতীয়টো ঘটনা। ২০২৪ চনত ৰাজস্থানৰ পোখৰানত সংঘটিত হৈছিল তেজাছৰ দুৰ্ঘটনা।আই এ এফে এক টুইটযোগে পাইলট জনৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। আই এ এফে টুইটযোগে লিখিছে, "আজি ডুবাই এয়াৰ শ্ব'ত এৰোবেটিক প্ৰদৰ্শনৰ সময়ত ভাৰতীয় বায়ুসেনাৰ এখন তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত পাইলটজন গুৰুতৰভাৱে আহত হয়, যাৰ ফলত তেওঁৰ মৃত্যু হয়। ভাৰতীয় বায়ুসেনাই এই প্ৰাণ হেৰুৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে আৰু এই শোকাকূল সময়ত শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে আমি দৃঢ়তাৰে থিয় দিছো।"ভাৰতীয় বায়ুসেনাৰ পৰৱৰ্তী পদক্ষেপ হ’ব যুদ্ধ বিমান দুৰ্ঘটনাৰ আঁৰৰ কাৰণসমূহৰ তদন্তৰ বাবে এখন তদন্ত আদালত গঠন কৰা। দুৰ্ঘটনাটোৰ তদন্তৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে ক’ৰ্ট অব এনকুৱাৰী। ক’ৰ্ট অব এনকুৱাৰীতে এই দুৰ্ঘটনাৰ সৈতে জড়িত প্ৰতিটো কথাৰ বিশদভাৱে তদন্ত কৰা হ’ব।AdvertismentAdvertisment Read the Next Article