Advertisment

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় !

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়। মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত দোষী সাব্যস্ত কৰা হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক।

 Filephoto
Filephoto

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় !

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়। মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত দোষী সাব্যস্ত কৰা হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। ২০২৪ৰ ছাত্ৰ আন্দোলনত হোৱা হত্যাৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত হয় শ্বেখ হাছিনা।

Advertisment

২০২৪ৰ ছাত্ৰ আন্দোলনক লৈ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। গোচৰৰ ভিত্তিতে ঢাকাৰ ইণ্টাৰনেশ্যনেল ক্ৰাইম ট্ৰিবিনেলে শ্বেইখ হাছিনাক দিলে ফাঁচিৰ ৰায়। মানৱতাৰ বিৰুদ্ধে দোষী সাব্যস্ত কৰা হ’ল শ্বেইখ হাছিনাক।

২০২৪ত ছাত্ৰ আন্দোলনক লৈ হাছিনাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। এই গোচৰতেই অমানৱীয় অপৰাধৰ গোচৰত দোষী সাব্যস্ত শ্বেখ হাছিনা। কেইবাটাও অমানৱীয় অপৰাধৰ গোচৰ ৰুজু হৈছিল শ্বেখ হাছিনাৰ বিৰুদ্ধে। ছাত্ৰ আন্দোলনত হোৱা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত শ্বেখ হাছিনাক ১,৪০০ লোকৰ হত্যাকাণ্ডৰ অভিযোগত দোষী সাব্যস্ত কৰা হয়। হত্যাৰ বাবে উচটনি দিয়া, হত্যাৰ আদেশ দিয়া বুলি হাছিনাক দোষী সাব্যস্ত কৰে আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে। দ্বিতীয় অভিযুক্ত প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজজামান খানকো ফাঁচীৰ নিৰ্দেশ দিয়া হয়।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক তিনিটা গোচৰত দোষী সাব্যস্ত কৰা হয়। দোষী সাব্যস্ত কৰাৰ পাছতে শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়দান দিয়া হয়। প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খানকো মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। অৱশ্যে ৰাজসাক্ষী হোৱা বাংলাদেশ আৰক্ষীৰ প্ৰাক্তন আই জি চৌধুৰী আব্দুল্লা আল-মামুনক পাঁচবছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হৈছে।

বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৰ মতে, ৰায়দানৰ সময়ত আদালতে বাংলাদেশত ভাইৰেল হোৱা হাছিনাৰ অডিঅ’ ৰেকৰ্ডিঙো প্ৰকাশ কৰে। এই অডিঅ’ত হাছিনাই আৰক্ষী অধীক্ষকক ৰাইজৰ ওপৰত গুলীচালনা কৰিবলৈ কোৱা শুনা যায়। ন্যায়ালয়ে ৰায়দানৰ সময়ত মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদনৰো উদ্ধৃতি দিয়ে।

উল্লেখ্য যে ২০২৪ চনৰ আগষ্টত বাংলাদেশত সংঘটিত ছাত্ৰ বিদ্ৰোহৰ পিছতে দিল্লীলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল শ্বেখ হাছিনাই।

Advertisment
Advertisment