Advertisment

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ তথ্য বিচাৰি এইবাৰ মুম্বাইলৈ SIT

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ তথ্য বিচাৰি এইবাৰ মুম্বাইলৈ SIT। চাৰ্জশ্বীট দিয়াৰ পূৰ্বে অধিক ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে SITয়ে।‌ ইফালে আজি CID কাৰ্যালয়ত আহি উপস্থিত সিদ্ধাৰ্থ শৰ্মা‌ৰ ভাতৃ দীপক শৰ্মা।‌

 জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ তথ্য বিচাৰি এইবাৰ মুম্বাইলৈ SIT

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ তথ্য বিচাৰি এইবাৰ মুম্বাইত SIT

৮ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ চাৰ্জশ্বীট দিব SITএ। স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিলে এই কথা। ইয়াৰ মাজতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ তথ্য বিচাৰি এইবাৰ মুম্বাইত SIT। APS মৰমী দাস উপস্থিত হৈছে মুম্বাইত। উল্লেখ্য যে ২০২০ত লকডাউনৰ পূৰ্বে মুম্বাইৰ এখন হাস্পতালত ভৰ্তি হৈছিল জুবিন। সেই হাস্পতালখনৰ চিকিৎসকৰ সাক্ষ্য ল'ব SIT-য়ে। ২০২০ চনত কোভিড আৰম্ভ হোৱাৰ‌ সেই সময় খিনিত জুবিন গাৰ্গ হঠাতে অসুস্থ‌ হোৱাত মুম্বাইৰ‌ এখন চিকিৎসালয়ত চিকিৎসাৰ বাবে হৈছিল ভৰ্তি।‌ সেই সময়ত কি কি অসুখৰ চিকিৎসা হৈছিল সেই সন্দৰ্ভত তথ্য ল'ব SIT ৰ তদন্তকাৰী বিষয়া মৰমী দাসে।

Advertisment

Also Read: ছিংগাপুৰত হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক ?

আনফালে CID কাৰ্যালয়ত অব্যাহত তদন্ত প্ৰক্ৰিয়া । আজিৰ দিনটোত দ্বিতীয়বাৰৰ বাবে CID কাৰ্যালয়ত হাজিৰ হ'ল সাংবাদিক চক্ৰপাণি পৰাশৰ। SITয়ে পৰাশৰৰ পৰা বিচাৰিছে জুবিন গাৰ্গৰ কেইবাটাও ইন্টাৰভিউৰ ভিডিঅ' ক্লিপ।‌ ইয়াৰে এটা সাক্ষাৎকাৰত ‌কেইবাটাও বেমাৰৰ কথা উল্লেখ কৰিছিল জুবিন গাৰ্গে নিজে।‌ সেই সকলোবোৰ বিষয় লিখিত আকাৰত সাংবাদিকজনৰ পৰা বিচাৰিছে SITয়ে।‌

Also Read:ইতিহাস, ৰেকৰ্ডৰ পিছত ৰেকৰ্ড। জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ ছবিয়ে ভংগ কৰিলে অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ...

ইফালে আজি CID কাৰ্যালয়ত আহি উপস্থিত হৈছে সিদ্ধাৰ্থ শৰ্মা‌ৰ ভাতৃ দীপক শৰ্মা।‌ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত সোধাপোছা কৰিলে দীপক শৰ্মাক ।‌ SITয়ে দীপক শৰ্মাৰ‌ পৰা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ তালিকা লোৱাৰো পূৰ্ণ‌ সম্ভৱনা।‌ তদন্তৰ সময়ত অসমৰ‌ লগতে দেশৰ আন‌‌ প্ৰান্ততো সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ তথ্য পাইছিল SITয়ে।‌ গতিকে সেই সন্দৰ্ভতো সোধা-পোছা‌ কৰিলে সিদ্ধাৰ্থৰ ভাতৃ দীপকক।

Also Read:কাল্পনিকভাৱে অনুৰাগীৰ সৈতে আজি "ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে

মুঠতে চাৰ্জশ্বীট দিয়াৰ পূৰ্বে অধিক ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে SITয়ে।‌ বৰ্তমানলৈ শতাধিক লোকক সোধাপোছা কৰিছে SITয়ে।‌ এই সমূহ সোধা‌-পোছাৰ অন্তত কি কি তথ্য আহৰণ কৰিলে তাৰ বাবে বাট চাব লাগিব SITয়ে চাৰ্জশ্বীট দিয়াৰ‌ সময়লৈ।

Advertisment
Advertisment