"ছিংগাপুৰত হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক ? ছিংগাপুৰত হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক ? ৮ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দিব SITএ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলে- "এতিয়া মই জুবিনৰ ৰহস্যজনক মৃত্যু বুলি নকওঁ, ডাইৰেক্ট হত্যা বুলিয়ে কম"।Advertisment জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য ভেদ কৰি জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য। ৰহস্যজনক মৃত্যু নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি? স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিলে এই কথা। কিন্তু প্ৰশ্ন হৈছে যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে তেনেলে কিয়, কিহৰ বাবে হত্যা কৰা হ'ল জুবিন গাৰ্গক? কোনে হত্যা কৰিলে প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক? ছিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ! প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত SITৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে সোমবাৰে নদুৱাৰত বিস্ফোৰক মন্তব্য কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰী কোন? এই প্ৰশ্নৰ উত্তৰ বিচাৰি SIT-এ অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। পিছে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নিৰ্ধাৰিত সময়ৰ ১০ দিন পূৰ্বে SIT-এ দাখিল কৰিব লাগিব চাৰ্জশ্বিট। আজি সংবাদমাধ্যমৰ সম্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কলে- "১০ ডিচেম্বৰৰ পূৰ্বে দাখিল কৰা হ"ব জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বীট"। "এতিয়া মই জুবিনৰ ৰহস্যজনক মৃত্যু বুলি নকওঁ, ডাইৰেক্ট হত্যা বুলিয়ে কম"। "সমগ্ৰ ঘটনা ছিংগাপুৰত হোৱাৰ বাবে আমি গৃহমন্ত্ৰণালয়ৰ সহায় ল"ব লাগিব"। "দেওবাৰে এই সন্দৰ্ভত মই গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত্ কৰিছো"। "অহা ৩-৪ দিনৰ ভিতৰতে SITএ MHAলৈ পত্ৰ প্ৰেৰণ কৰিব"। "গৃহমন্ত্ৰালয়ৰ অনুমোদন লাভৰ পিছতে আমি শীঘ্ৰে চাৰ্জশ্বীট দাখিল কৰিম"। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। ৰাজ্যবাসীয়ে অব্যাহত ৰাখিছে হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰৰ সঠিক তদন্তৰ দাবী। কিন্তু এতিয়া প্ৰশ্ন হৈছে যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে তেনেহলে শোকাৰ্ত অসমবাসীয়ে গম পাবনে প্ৰাণৰ শিল্পীগৰাকীক হত্যাৰ ৰহস্য ? অসমবাসীয়ে গম পাবনে কোনে, কিয় আৰু কেনেকৈ হত্যা কৰিলে হিয়াৰ আমঠু জুবিন গাৰ্গক? গ্ৰেপ্তাৰ হোৱাসকলৰ মাজতে আছেনে জুবিন গাৰ্গৰ হত্যাকাৰী? জুবিন গাৰ্গক হত্যা কৰা বুলি মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ কৰা বিস্ফোৰক মন্তব্যৰ পাছতে প্ৰতিজন অসমীয়াৰ মনলৈ আহিলে এই প্ৰশ্ন।"