Advertisment

মাতৃৰ অজ্ঞাতে ৪০ হাজাৰ টকাত শিশু সন্তানক বিক্ৰী

শিশু দিৱসৰ দিনাই শিলচৰত সংঘটিত এক ভয়ংকৰ ঘটনা। শিলচৰত সংঘটিত নৱজাতক বিক্ৰীৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। এজন হৃদয়হীন পিতৃয়ে মাতৃৰ অজ্ঞাতে ৪০ হাজাৰ টকাত বিক্ৰী কৰিলে নিজ শিশু সন্তানক।

 হৃদয়হীন পিতৃয়ে বিক্ৰী কৰিলে সন্তানক Photograph: (DY365)
হৃদয়হীন পিতৃয়ে বিক্ৰী কৰিলে সন্তানক Photograph: (DY365)

মাতৃৰ অজ্ঞাতে ৪০ হাজাৰ টকাত শিশু সন্তানক বিক্ৰী


হৃদয়হীন পিতৃয়ে বিক্ৰী কৰিলে সন্তানক 


শিশু দিৱসৰ দিনাই শিলচৰত সংঘটিত এক ভয়ংকৰ ঘটনা। শিলচৰত সংঘটিত নৱজাতক বিক্ৰীৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। এজন হৃদয়হীন পিতৃয়ে মাতৃৰ অজ্ঞাতে ৪০ হাজাৰ টকাত বিক্ৰী কৰিলে নিজ শিশু সন্তানক। 

Advertisment

Also Read: কোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গ উদ্যান

খবৰ অনুসৰি শ্ৰীভূমিৰ এগৰাকী মহিলাই শিলচৰ মেডিকেল কলেজত জন্ম দিছিল এটি শিশু সন্তানক। শিশুটি জন্মৰ পাছত মহিলাসহ নৱজাতক শিশুটিক নিজৰ মধুৰবন্দৰ ভাড়াঘৰলৈ লৈ গৈছিল৷ ইয়াৰ পিছতে নৱজাতক শিশুসহ মহিলাগৰাকীক শ্ৰীভূমিস্থিত বাসভৱনলৈ লৈ যোৱাৰ কথা কৈ মহিলাগৰাকীৰ স্বামী আৰু সতীয়া মাকে শিশুটিক মাতৃৰ অজ্ঞাতে ৪০ হাজাৰ টকাত বিক্ৰী কৰি দিয়ে। নৱজাতক শিশুটিৰ মাতৃক এখন বাছত বহুৱাই নৱজাতক শিশুটিক কাছাৰৰ আৰকাটিপুৰৰ এটা পৰিয়ালৰ হাতত ৪০ হাজাৰ টকাত বিক্ৰী কৰি দিয়ে। 

Also Read: গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

নৱজাতক শিশুটি বিক্ৰী কৰাৰ কথা মাতৃয়ে গম পোৱাৰ লগে লগে আৰক্ষীৰ কাষ চাপে। নৱজাতকটিৰ মাতৃয়ে ঘটনা সন্দৰ্ভত শিলচৰ সদৰ থানাত ৰুজু কৰে এটি গোচৰ। মাতৃৰ গোচৰৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান চলাই আৰকাটিপুৰৰ পৰা বিক্ৰী কৰা শিশুটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।  শিশু বিক্ৰীৰ ঘটনাত জড়িত শিলচৰ মধুৰবন্দৰ আমিৰ হুছেইন নামৰ এটা দালালক শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আমিৰ হুছেইন নামৰ দালালটোৱে শিশুটিৰ দেউতাক আৰু সতীয়া মাকক সহযোগিতা কৰিছিল। 

Also Read: অসমৰ সিংঘম, এতিয়া বিহাৰৰ বিধায়ক

ইফালে আৰক্ষীয়ে দালাল আমিৰ হুছেইনক গ্ৰেপ্তাৰ কৰে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে শিশুটিৰ দেউতাক আৰু সতীয়া মাক। ঘটনাক লৈ শিলচৰত অব্যাহত আছে চাঞ্চল্যৰ। নৱজাতক শিশুটিৰ পিতৃ আৰু সতীয়া মাতৃক বিচাৰি আৰক্ষীয়ে চলাইছে আছে ব্যাপক অভিযান। এই জঘন্য অপৰাধৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে। 

Advertisment
Advertisment