Assameseগুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডগুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড। POSCO গোচৰত বিশ্বনাথ ন্যায়িক আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত কৰিলে গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদ্ম গগৈক।Naba Gogoi Nov 13, 2025 19:58 ISTছাত্ৰক যৌন নিৰ্যাতন চলোৱা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডAdvertismentগুৱাহাটী, ১৩ নৱেম্বৰঃ গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড। POSCO গোচৰত বিশ্বনাথ ন্যায়িক আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত কৰিলে গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদ্ম গগৈক।Teacher Padma Gogoi was sentenced to 20 years' rigorous imprisonment Photograph: (FILE)চন ২০২৩, আগষ্ট মাহৰ ২ তাৰিখে নিজ বিদ্যালয়ৰে আঠ বছৰীয়া কণমানি শিশুক যৌন আতিশায্য চলাইছিল লম্পট শিক্ষক পদ্ম গগৈয়ে। ঘটনা পোহৰলৈ অহাৰ পিছতে লাগিছিল হাহাকাৰ। শিক্ষাগুৰু হৈ ছাত্ৰৰ সৈতে সংঘটিত কৰা লজ্জাজনক ঘটনাই নাক-কাণ কাটিছিল সহযোগী শিক্ষকৰ লগতে মান-সন্মান লাঘৱ হৈছিল স্থানীয় লোকৰ। সকলোৱে দাবী কৰিলে গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈৰ। ALSO READ: গাড়ী চালকৰ বাবে নতুন নিয়ম, কোন জিলাত চালকক পাঠ কৰালে শপত বাক্য...?অৱশেষত শিশু যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত শিক্ষক পদ্ম গগৈ পৰিল আৰক্ষীৰ জালত। শিশু যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লম্পট শিক্ষক পদ্ম গগৈক বৃহস্পতিবাৰে ববিতা ক্ষত্ৰি আদালতে ১৫৬/২৩ নম্বৰৰ POSCO গোচৰত দোষী সাব্যস্ত কৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। গহপুৰৰ পুৰুৱবাৰীস্থিত এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা সহকাৰী শিক্ষক পদ্ম গগৈয়ে ২০২৩ৰ ২ আগষ্টত বিদ্যালয়খনৰ ৮ বছৰীয়া কণমানি শিশুক যৌন আতিশায্য চলাই। উক্ত গোচৰতে ববিতা ক্ষত্ৰি আদালতে পদ্ম গগৈক বিশেষ POSCO আইনৰ অধীনত চেক্সন ৬ ধাৰা অনুসৰি ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১৫ হাজাৰ জৰিমনাৰ লগতে চেক্সন ৩৫৪(এ) ধাৰাত ১ বছৰ কাৰাদণ্ড আৰু এহেজাৰ টকাৰ জৰিমনা বিহা হয়। ইতিমধ্যে এই গোচৰটোৰ চৰকাৰী অধিবক্তা মৌছুমি বৰঠাকুৰ বৰুৱাই বিচৰা প্ৰক্ৰিয়াৰ সহযোগ আগবঢ়াই পদ্ম গগৈ নামৰ ব্যক্তি গৰাকীক জে'ললৈ প্ৰেৰণ কৰিছে। এনে শাস্তি প্ৰদানেৰে সমাজৰ বাবে বহু অপৰাধ নিৰ্মূল হ'ব বুলিও দাবী কৰে অধিবক্তা গৰাকীয়ে।AdvertismentAdvertisment Read the Next Article