Advertisment

গাড়ী চালকৰ বাবে নতুন নিয়ম, কোন জিলাত চালকক পাঠ কৰালে শপত বাক্য...?

যান-বাহন চালকৰ বাবে আহিল নতুন নিৰ্দেশনা। এই নীতি-নিয়ম মানি নচলিলে চালক পৰিব বিপদত। হোজাই জিলা গাড়ী চালক সন্থাই কেইবাটাও নীতি-নিয়ম বান্ধি দিলে হোজাই জিলাৰ বাহন চালকক।

 গাড়ী চালকৰ বাবে নতুন নিয়ম, কোন জিলাত চালকক পাঠ কৰালে শপত বাক্য...?

গাড়ী চালকৰ বাবে নতুন নিয়ম...!

গুৱাহাটী, ১৩ নৱেম্বৰঃ যান-বাহন চালকৰ বাবে এটা জৰুৰী খবৰ। আহি গ'ল নতুন নিৰ্দেশনা। হোজাই জিলাৰ বাহন চালকে মানিব লাগিব এইসমূহ নতুন নিয়ম। যদি হোজাই জিলা গাড়ী চালক সন্থাৰ এই নীতি-নিয়ম মানি নচলে তেন্তে চালক পৰিব বিপদত। হোজাই জিলা গাড়ী চালক সন্থাই কেইবাটাও নীতি-নিয়ম বান্ধি দিলে হোজাই জিলাৰ বাহন চালকক। লগতে নিৰাপদ যাত্ৰাৰ বাবে গাড়ী চালকক শপত বাক্যও পাঠ কৰালে হোজাই জিলা গাড়ী চালক সন্থাই। 

Advertisment

ALSO READ:- জুবিন দাই প্ৰায়ে সুধিছিল- টকা পইছাৰ অসুবিধা হৈছে নেকি?

এতিয়া প্ৰশ্ন হ'ব, যান-বাহন আইন বা পৰিবহন বিভাগ থকাৰ পিছতো কিয় হোজাই জিলা গাড়ী চালক সন্থাই চালকৰ বাবে বান্ধি দিব লগীয়া হ'ল এই নীতি-নিৰ্দেশনা? পৰিবহন বিভাগ বা ট্ৰেফিক আৰক্ষীৰ সমান্তৰালকৈ হোজাই জিলা গাড়ী চালক সন্থা চালক আৰু যাত্ৰীৰ নিৰাপদ যাত্ৰাৰ বাবে সজাগ আৰু সচেতন। কোনো চালকে যাতে মদ্যপান কৰি বা কোনো নিচাজাতীয় সামগ্ৰী সেৱন কৰি দুৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে এই পদক্ষেপ হাতত লৈ আহিছে। সেই উপলক্ষ্যে হোজাই জিলা গাড়ী চালকৰ বাবে জিলাখনৰ চালক সন্থাই জাৰি কৰিছে এই নিৰ্দেশনা

1
TAKING OATH Photograph: (file)

এতিয়াৰে পৰা যদি সুৰাপান কৰি বাহন চলাই তেন্তে চালকৰ ওপৰত লোৱা হ'ব বিহীত ব্যৱস্থা।  ইয়াৰ উপৰি মদ, ভাং, ড্ৰাগছ আদি যিকোনো নিচাযুক্ত সামগ্ৰী সেৱন কৰিলেও চালকসকল পৰিব বিপদত। লগতে বাহন চলোৱা অৱস্থাত যদি চালকে মোবাইল ফোন ব্যৱহাৰ কৰে তেতিয়াও নিশ্চিত বিপদত পৰিব চালকসকল। 

ALSO READ:- মোদীক প্ৰশংসা, ভাৰতৰ প্ৰতি নৰম মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প !

মুঠৰ ওপৰত কোনো চালকে সুৰা, ড্ৰাগছ, ভাং আদি সেৱন কৰি চলাব নোৱাৰিব বাহন। কিয়নো শীতকালত অধিক দুৰ্ঘটনা সংঘটিত হয়। যাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সদৌ অসম গাড়ী চালক সন্থাৰ হোজাই জিলা সমিতিয়ে। এতিয়াৰে পৰা চালকসকলক এনে অভ্যাস ত্যাগ কৰিবলৈ আহ্বান জনাই হোজাই জিলা চালক সন্থাই। এনে নীতি-নিয়মৰ মাজতে চালকসকলৰ বাবে নতুন পৰিচয় পত্ৰও বিতৰণ কৰা হয়। 

Advertisment
Advertisment