Assameseমোদীক প্ৰশংসা, ভাৰতৰ প্ৰতি নৰম মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প !অৱশেষত ভাৰতৰ প্ৰতি নৰম হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। অতি শীঘ্ৰেই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০ শতাংশ বাণিজ্য শুল্ক হ্ৰাসৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ।Mrinmoy Talukdar Nov 12, 2025 19:07 ISTFILEPHOTOমোদীক প্ৰশংসা, ভাৰতৰ প্ৰতি নৰম মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প !অৱশেষত ভাৰতৰ প্ৰতি নৰম হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। অতি শীঘ্ৰেই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০ শতাংশ বাণিজ্য শুল্ক হ্ৰাসৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় লোককো প্ৰশংসা কৰিলে ট্ৰাম্পে।AdvertismentRead More- কঠোৰ BCCI ! কি সিদ্ধান্ত ল'ব ৰোহিত-বিৰাটে ?বাণিজ্য অৰ্থনীতিক লৈ ভাৰত–আমেৰিকাৰ মাজত সংঘাত তীব্ৰতৰ হৈ থকাৰ সময়ত এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতিৰ পৰাই আহিছে এই ভাল খবৰ। শীঘ্ৰে হ্ৰাস কৰা হ’ব ভাৰতৰ বিৰুদ্ধে ট্ৰাম্প প্ৰশাসনে আৰোপ কৰা বাণিজ্য শুল্ক। ৰাছিয়াৰ পৰা নতুন দিল্লীয়ে খাৰুৱা তেল ক্ৰয় কৰাটো হ্ৰাস কৰাৰ পিছতে বাণিজ্য শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ।Read More- একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ?ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবেই বৃদ্ধি কৰা হৈছিল শুল্ক। এতিয়া নতুন দিল্লীয়ে কমাই আনিছে খাৰুৱা তেল ক্ৰয়ৰ পৰিমাণ। সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। একে সময়তে বিশ্বৰ অতি পুৰণি সভ্যতাৰ দেশ বুলিও ভাৰত সন্দৰ্ভত মন্তব্য ট্ৰাম্পৰ।Read More- জুবিন দাই প্ৰায়ে সুধিছিল- টকা পইছাৰ অসুবিধা হৈছে নেকি?ভাৰত–প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নতুন দিল্লী আমাৰ সহযোগী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও আছে আমাৰ অতি ভাল সম্পৰ্ক। ইমানেই নহয়, ৫০ শতাংশ শুল্ক নীতিৰ বাবেই ট্ৰাম্পৰ প্ৰতি বৃদ্ধি পাইছিল ভাৰতীয়ৰ ক্ষোভ। সেই কথা বুজি এতিয়া ট্ৰাম্পেও কৈছে– এতিয়া ভাৰতীয়ই মোক বেয়া পায়, সোনকালে ভাল পাবলৈ ল’ব।Read More- উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমানদ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতিৰূপে ড’নাল্ড ট্ৰাম্প নিৰ্বাচিত হোৱাৰ পিছত বিগত ফেব্ৰুৱাৰীৰ পৰাই আমেৰিকা আৰু ভাৰতৰ মাজত আৰম্ভ হয় বাণিজ্যিক সম্পৰ্ক। ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱাৰ পিছতে হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰাৰ সময়তে ট্ৰাম্পে ঘোষণা কৰিছিল বাণিজ্য নীতি। প্ৰথম অৱস্থাত পাৰস্পৰিক বাণিজ্য শুল্ক নীতি গ্ৰহণৰ ঘোষণা ট্ৰাম্পৰ। কিন্তু পিছলৈ ভাৰতৰ বিৰুদ্ধে ট্ৰাম্প প্ৰশাসনে আৰোপ কৰে ২৫ শতাংশ শুল্ক নীতি। এইখিনিলৈকে সকলো ঠিকেই আছিল যদিও আমেৰিকাৰ শত্ৰুৰাষ্ট্ৰ ৰাছিয়াৰ পৰা নতুন দিল্লীয়ে খাৰুৱা তেল ক্ৰয় কৰাক লৈয়ে বৃদ্ধি পাবলৈ ধৰে আমেৰিকা–ভাৰতৰ মাজত সংঘাত। যাৰবাবে আগষ্ট মাহত পুনৰ অতিৰিক্ত ২৫ শতাংশ ঘোষণাৰে ৫০ শতাংশলৈ শুল্ক বৃদ্ধি কৰে ট্ৰাম্পে।Read More- দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ ন ন তথ্য পোহৰলৈএনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ট্ৰাম্প প্ৰশাসনৰ ওচৰত শিৰণত নকৰাৰ কথা ঘোষণা কৰে। অৱশ্যে এনে সংঘাতৰ মাজতে ট্ৰাম্পৰ সৈতে যোগাযোগ অব্যাহত ৰাখে প্ৰধানমন্ত্ৰী মোদীয়ে। আনকি শেহতীয়াকৈ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ পৰিমাণ হ্ৰাস কৰাৰ সিদ্ধান্ত লয় নতুন দিল্লীয়ে। যাৰ বাবে এতিয়া ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০ শতাংশ বাণিজ্য শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে।AdvertismentAdvertisment Read the Next Article