Assameseদিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ ন ন তথ্য পোহৰলৈসোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক বিস্ফোৰণে জোকাৰি গৈছে সমগ্ৰ দেশ। লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১নং গে’টৰ সমীপত সংঘটিত বিস্ফোৰণত এইপৰ্যন্ত ৮ জনকৈ লোক মৃত্যুমুখত পৰিছে। Mrinmoy Talukdar Nov 11, 2025 17:25 ISTFilephotoদিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ ন ন তথ্য পোহৰলৈসোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক বিস্ফোৰণে জোকাৰি গৈছে সমগ্ৰ দেশ। লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১নং গে’টৰ সমীপত সংঘটিত বিস্ফোৰণত এইপৰ্যন্ত ৮ জনকৈ লোক মৃত্যুমুখত পৰিছে। AdvertismentAlso Read: জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! কংগ্ৰেছত যোগদান মধ্য অসমৰ জ্যেষ্ঠ অগপ নেতাৰদিল্লীবিস্ফোৰণতজড়িত সন্দেহজনক বাহনৰ CCTVৰভিডিঅ’ লাভ কৰিছে আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ স্পেচিয়েলচেলে লাভ কৰা ভিডিঅ’ত বন্দী হৈছে সন্দেহযুক্ত অভিযুক্তৰ দৃশ্য। দিল্লীৰ ৰেড ফ’ৰ্টৰ সমীপত ৩ ঘন্টা পাৰ্ক কৰি ৰখা হৈছিলবাহনখন। CCTVত বন্দী হৈছে বাহনখন পাৰ্কিঙৰ পৰা ওলাই যোৱাৰ দৃশ্য। HR 26 CE 7674 i-20 বাহনখনত বহি থকা সন্ত্ৰাসবাদীক চিনাক্ত কৰা হৈছে। সন্দেহযুক্ত চালক মহম্মদ ওমৰক প্ৰত্যক্ষ কৰা হৈছে বাহনখনত। Also Read: আধাৰ কাৰ্ডেৰে আপুনি উলিয়াব পাৰিব ধন !দিল্লীৰ বিস্ফোৰণৰ পিছতে হাই এলাৰ্ট জাৰি কৰা হৈছে মুম্বাই আৰু উত্তৰ প্ৰদেশত। লগতে দেশৰ বহুকেইখন মহানগৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। বন্ধ কৰি দিয়া হৈছে দিল্লীৰ জামা মছজিদ। বিস্ফোৰণৰ পিছতে সমগ্ৰ দেশত হাই এলাৰ্ট জাৰি CISFৰ। সমান্তৰালভাৱে বিমান বন্দৰ, ৰে’লৱে ষ্টেচন, মেট্ৰ’তো জাৰি কৰা হৈছে হাইএলাৰ্ট। Also Read: এইবাৰ চোৰৰ টাৰ্গেট আৰক্ষী চকীদিল্লীৰ ভয়ংকৰ বিস্ফোৰণক লৈ ন ন তথ্য আহিছে পোহৰলৈ। এখন i-20 বাহনত সংঘটিত হৈছিল এই বিস্ফোৰণ। ট্ৰেফিক পইণ্টত ৰেডলাইট জ্বলাৰ পিছতেই হৈছিল বিস্ফোৰণ। ইতিমধ্যেই উদ্ধাৰ কৰা হৈছে i-20 বাহনৰ গৰাকীৰ পৰিচয়। মহম্মদ নাদিম নামৰ লোকজনৰ গাড়ীখনপঞ্জীয়ন হৈছিল হাৰিয়ানাৰগুৰুগ্ৰামত। মহম্মদ ছলমান নামৰ এজনৰ পৰা মহম্মদ নাদিমেক্ৰয় কৰিছিল i-20বাহনখন।AdvertismentAdvertisment Read the Next Article