"মৰিগাঁৱৰ জাতীয়তাবাদী শিৱিৰৰ নেতা বীৰেশ্বৰ মেধিৰ কংগ্ৰেছত যোগদান মৰিগাঁও: অসম গণ পৰিষদ দলৰ প্ৰাক্তন জিলা সম্পাদক জ্যেষ্ঠ নেতা বীৰেশ্বৰ মেধিয়ে সোমবাৰে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাবে যোগদান কৰে। অগপৰ প্ৰাক্তন জিলা সম্পাদক তথা মৰিগাঁও সমষ্টিৰ এসময়ৰ কংগ্ৰেছ বিধায়িকা জোনজোনালী বৰুৱাৰ বিৰুদ্ধে সদৰ সমষ্টিৰ পৰা প্ৰতিদন্দ্বীতা কৰি পৰাজিত হোৱা বীৰেশ্বৰ মেধিৰ কংগ্ৰেছ দলত যোগদানে ব্যাপক চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত । উল্লেখ্য যে মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত সোমবাৰে দলটোৰ জিলা কাৰ্যালয় ক্ষীৰোদ বৰুৱা ভৱনত এখন নতুন সদস্যৰ যোগদান সভা অনুষ্ঠিত কৰা হয়। জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাতে আম আদমী পাৰ্টিৰ প্ৰাক্তন জিলা সভাপতি মোস্তাফা আলমকে ধৰি বিজেপি আৰু বিভিন্ন দল সংগঠনৰ ডেৰ শতাধিক লোকে কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিক ভাবে যোগদান কৰে। এই যোগদান কাৰ্যসূচীত বিশেষকৈ বহুসংখ্যক যুৱক যুৱতীয়ে স্ব-ইচ্ছাই যোগদান কৰা কাৰ্যই উৎসাহিত কৰিছে মৰিগাঁও জিলা কংগ্ৰেছক।Advertisment Also Read: বিজেপিয়ে ৰাজ্যৰ পিছপৰা মানুহক ঘৃণাৰ চকুৰে চাইঃ ৰাজেন গোহাঁইৰ বিস্ফোৰণ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্রদ্যুত বৰদলৈয়ে নৱাগত সদস্য সকলক অভিনন্দন আৰু কৃতজ্ঞতা জনায়। সাংসদ জনে ভাষণ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। আদানী আৰু পৰিয়ালৰ স্বাৰ্থক প্ৰাধান্য দি খিলঞ্জীয়া আৰু ভাৰতীয়ক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই উচ্ছেদ অভিযান চলোৱা বুলিও তেঁও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডাঃ জয়প্ৰকাশ দাসে ড০ হিমন্ত বিশ্ব শৰ্মাক দেশৰ প্ৰসিদ্ধ ধৰুৱা মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰি তেওঁ কামৰ নহয়, এজন ভাষণ দিয়াহে নেতা বুলি কয়। Also Read: লক্ষ্য ২০২৬ৰ নিৰ্বাচন! NDAত থাকিব নে অগপ UPPL? মৰিগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সীমান্ত হাজৰিকাই আঁত ধৰা যোগদান সভাত সাংসদ প্ৰদ্যুত বৰদলৈৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি মেহদী আলম বৰা, সাধাৰণ সম্পাদক ডাঃ জয়প্ৰকাশ দাস, মুখপাত্ৰ বিদিশা নেওগ, ইমদাদ হুছেইন, লাহৰীঘাটৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰ, জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰমেশ বৰদলৈ, শ্ৰৱণ কুমাৰ ডেকাৰজা, জ্যেষ্ঠ নেতা শশীমোহন বিশ্বাস, দেউতি মেধি, নৱ নিযুক্ত মৰিগাঁও কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইজাজ হুছেইনসহ বহু সংখ্যক জিলা বিষয়ববীয়া তথা নবীন-প্ৰবীণ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে৷ Also Read: পদুম এৰি জাহাজত উঠিল ৰাজেন গোহাঁই আনহাতে মৰিগাঁও সদৰ সমষ্টিৰ বাবে ইতিমধ্যে বহু কেইজন কংগ্ৰেছী টিকট প্ৰত্যাশি থকাৰ পিছতো বীৰশ্বৰ মেধীৰ যোগদানে তাৎপৰ্য বহন কৰাই নহয় মৰিগাঁও জিলা কংগ্ৰেছত আভ্যন্তৰীণ সংঘাতো নুই কৰিব নোৱাৰি৷ একেই সময়তে কংগ্ৰেছৰ এই যোগদান কাৰ্যসূচীৰ পিছতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে যে বিভিন্ন ৰাজনৈতিক দলত স্থান আৰু মান হেৰুৱা লোক তথা গণভিত্তহীন তথাকথিত নেতাক আকোঁৱালি লৈ এক যোগদানৰ ফ্লপ শ্ব" আৰম্ভ কৰিছে মৰিগাঁও জিলা কংগ্ৰেছৰ নেতৃত্বই৷"