"NDAত থাকিব নে অগপ UPPL? এইবাৰ কঠোৰ হ'ব নেকি বিজেপি? লক্ষ্য ২০২৬ৰ নিৰ্বাচন! ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে ব্যাপক সাংগঠনিক পৰিৱৰ্তন। NDAত থাকিব নে অগপ UPPL? এইবাৰ কঠোৰ হ'ব নেকি বিজেপি? ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ চাৰিটা মাহ। নিৰ্বাচনলৈ সাজু হৈছে বিজেপি। গঠন হ'ব নিৰ্বাচন প্ৰবন্ধন সমিতি, গুৱাহাটীত অনুষ্ঠিত হ'ব বিজেপিৰ বুথ সন্মিলন। বুথৰ সকলো সভাপতি আৰু মণ্ডল সভাপতি উপস্থিত থাকিব সন্মিলনত।Advertisment Also Read:মিত্ৰতা নাথাকিবও পাৰে! অকলেই নিৰ্বাচন খেলাৰ পণ অগপৰ এই সন্মিলনত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। ২০২৬ত কোন কোন থাকিব মিত্ৰতাত? এই সন্মিলনৰ পিছতে NDAৰ মিত্ৰতাত কোন কোন থাকিব, সিদ্ধান্ত ল"ব গেৰুৱা দল বিজেপিয়ে। ইফালে NDAত BPF অন্তৰ্ভুক্ত হোৱাৰ পিছত UPPL সন্দৰ্ভত কৌশলী মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। UPPLৰ সৈতে ২০২৬ পৰ্যন্ত থাকিব মিত্ৰতা। Also Read:নীতিশ নে তেজস্বী? মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিছে বিহাৰে? আনহাতে অগপৰ শিপাৰ সন্ধান সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। সকলোৱে শিপা খামুচি থকা উচিত, শিপা দুৰ্বল হ"লে সকলো দুৰ্বল হয়। মুঠৰ ওপৰত ২০২৬লৈ সাজু এতিয়া শাসকীয় গেৰুৱা শিবিৰ। চল চাই কঠিয়া পাৰিব এইবাৰ বিজেপিয়ে। তৃণমূল পৰ্যায়ত কৰিব ব্যাপক সাংগঠনিক পৰিৱৰ্তন।"