Advertisment

মিত্ৰতা নাথাকিবও পাৰে! অকলেই নিৰ্বাচন খেলাৰ পণ অগপৰ

২০২৬ৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মিত্ৰতা নাথাকিবও পাৰে। মিত্ৰতাৰ মৰ্যাদা নাপালে অকলেই নিৰ্বাচন খেলাৰ পণ লৈছে অসম গণ পৰিষদে। চিন্তন বৈঠকৰ পিছতেই ৬০টা সমষ্টিত নিৰ্বাচন খেলাৰ যো-জা অগপৰ।

২০২৬ৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মিত্ৰতা নাথাকিবও পাৰে।

মিত্ৰতাৰ মৰ্যাদা নাপালে অকলেই নিৰ্বাচন খেলাৰ পণ লৈছে অসম গণ পৰিষদে। চিন্তন বৈঠকৰ পিছতেই ৬০টা সমষ্টিত নিৰ্বাচন খেলাৰ যো-জা অগপৰ। কাৰ্যতঃ ’২৬ত অস্তিত্ব ৰক্ষাৰ যুঁজত নামিব অগপ। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা অগপৰ চিন্তন বৈঠকত শিপা থকা সমষ্টিত তত্পৰতা চলোৱাৰ পণ লৈছে আঞ্চলিকতাবাদী দলটোৱে।

Advertisment

Also Read: মিঠাতেল কি? 'মিঠাতেল মাতৃ-সন্তানৰ মমতাৰ প্ৰতীক'- মুখ্যমন্ত্ৰী

শেহতীয়াকৈ বিটিচি নিৰ্বাচনৰ পিছত বিজেপিয়ে লোৱা ইউটাৰ্নত শংকিত আমবাৰী। হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতাই ’২৬ৰ সাম্ভাৱ্য পৰিস্থিতিক লৈ উদ্বিগ্ন কৰিছে দলটোক। শেষ পৰ্যায়ত যদি মিত্ৰতা অটুট থাকে তেনেহ’লে এইবাৰ ৪০টা সমষ্টি বিচাৰিব অগপই। দলটোৰ প্ৰতি গেৰুৱা দল বিজেপিয়ে শিথিলতা প্ৰদৰ্শন নকৰিলে এককভাৱে নিৰ্বাচন খেলাৰ ইতিমধ্যে ইংগিত দিছে নেতৃত্বই।

Also Read: এদিন কৈছিল দুটা, এতিয়া বোলে তিনিটা! তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

 কাৰ্যতঃ ৬০ সমষ্টিক টাৰ্গেট কৰিয়ে ’২৬ৰ বাবে সাজু হোৱাৰ পণ লৈছে অগপই। আগন্তুক দিনত আঞ্চলিকতাবাদী দলটোক লৈ বিজেপিৰ স্থিতি কি হয় এইমুহূৰ্তত সেয়া অনিশ্চয়তা। কাৰণ মুখ্যমন্ত্ৰীয়েও স্পষ্ট কৰি দিছিল শিপা এৰি নিদিয়ে বিজেপিয়ে।

Advertisment
Advertisment