Assameseনীতিশ নে তেজস্বী? মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিছে বিহাৰে?মাজত মাত্ৰ এটা দিন। ৬ নৱেম্বৰত বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বিহাৰক লৈ অংক ৰাজনৈতিক সমীক্ষকৰ। নীতিশ নে তেজস্বী ? মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিছে বিহাৰে?DY365 Nov 04, 2025 19:14 ISTমাজত মাত্ৰ এটা দিন। ৬ নৱেম্বৰত বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।২৪৩ আসনবিশিষ্ট বিহাৰ বিধানসভাত মেজিক নম্বৰ ১২২ চুবলৈ সৰ্বস্ব উজাৰিছে NDA আৰু বিৰোধী মহাজোঁটবন্ধনে। ইয়াৰ মাজতে শাসক-বিৰোধীৰ অংকত আউল লগাবলৈ সাজু হৈছে ৰাজনৈতিক চাণক্যখ্যাত প্ৰশান্ত কিশোৰৰ জন সুৰাজ পাৰ্টীয়ে।AdvertismentAlso Read: মিত্ৰতা নাথাকিবও পাৰে! অকলেই নিৰ্বাচন খেলাৰ পণ অগপৰদুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন ৯ নৱেম্বৰ। ১৪ নৱেম্বৰত ফলাফল ওলাবলগীয়া বিহাৰক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰচাৰত ২২৫ লক্ষ্য নিৰ্ধাৰণ কৰা বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চিত হৈছে। ৰাজনৈতিক সমীক্ষকৰ মতে বিহাৰত NDAৰ প্ৰতাৱৰ্তন এইবাৰ মসৃণ নহ’ব।Also Read:এদিন কৈছিল দুটা, এতিয়া বোলে তিনিটা! তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰবিহাৰক লৈ নিজ নিজ সমীক্ষাৰে অংক আৰম্ভ কৰিছে সমীক্ষকে। প্ৰাক্-নিৰ্বাচনী সমীক্ষা মতে - মুখ্যমন্ত্ৰী হিচাপে প্ৰথম স্থানত এইবাৰ RJDৰ তেজস্বী যাদৱ আৰু দ্বিতীয় স্থানত আছে JD(U)ৰ নীতিশ কুমাৰ। ১২০ৰ পৰা ১৪০ খন আসন পাব পাৰে NDA মিত্ৰজোঁটে। ইয়াৰ বিপৰীতে বিৰোধী মহাজোঁট বন্ধনে পাব পাৰে ৯৩ৰ পৰা ১২২খন আসন। সাম্ভাৱ্য ফলাফলক লৈ ইতিমধ্যে আৰম্ভ হোৱা চৰ্চাই তুমুল যুঁজৰে ইংগিত দিছে।AdvertismentAdvertisment Read the Next Article