Advertisment

এইবাৰ চোৰৰ টাৰ্গেট আৰক্ষী চকী

সাধাৰণ ৰাইজ নহয়, চোৰৰ টাৰ্গেটত এইবাৰ আৰক্ষী চকী। ৰাজ্যত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা। কাছাৰৰ কাটিগড়া আৰক্ষী চকীত এইবাৰ চোৰে চলালে তাণ্ডৱ। 

 Filephoto
Filephoto

এইবাৰ চোৰৰ টাৰ্গেট আৰক্ষী চকী

সাধাৰণ ৰাইজ নহয়, চোৰৰ টাৰ্গেটত এইবাৰ আৰক্ষী চকী। ৰাজ্যত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা। কাছাৰৰ কাটিগড়া আৰক্ষী চকীত এইবাৰ চোৰে চলালে তাণ্ডৱ। 

Advertisment

কাছাৰৰ কাটিগড়া আৰক্ষী চকীত এবাৰ নহয়, দুবাৰকৈ তাণ্ডৱ চলালে চোৰে। জানিব পৰা মতে, বিগত কিছুদিনত কাটিগড়া আৰক্ষীয়ে অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান চলাই কিছু সামগ্ৰী জব্দ কৰিছিল। জব্দকৃত সামগ্ৰীবোৰ কাটিগড়া আৰক্ষীয়ে আৰক্ষী চকীৰ লগতে থকা এটা ঘৰৰ বাৰান্দাত মজুত কৰি ৰাখিছিল। এই জব্দকৃত সামগ্ৰী খিনিতে এইবাৰ চকু পৰিল চোৰৰ।  

সামগ্ৰীত চকু পৰাৰ পাছত চোৰে ৰৈ থাকেনে কেনেকৈ? আৰক্ষী চকীত থকা সামগ্ৰী চুৰি কৰিবলৈ পৰিকল্পনা ৰচনা কৰে চোৰে। পৰিকল্পনা অনুযায়ী চোৰৰ দলটোৱে নিশা কাটিগড়া আৰক্ষী চকীত প্ৰৱেশ কৰে। কিন্তু প্ৰথম পদক্ষেপত বিফল হয় চোৰৰ দলটো। কিন্তু হাৰ নামানি চোৰৰ দলটোৱে আধা ঘণ্টা পাছত পুনৰ দ্বিতীয়বাৰ চেষ্টা কৰে। 

কিন্তু দ্বিতীয়বাৰ আৰক্ষী চকীত চোৰৰ দলটো প্ৰৱেশ কৰাৰ পাছতেই আৰক্ষীয়ে বিষয়টো উমান পাই চোৰৰ দলটোক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে। আৰক্ষীৰ তৎপৰতাৰ উমান পাই এজন চোৰে পলাই যায় যদিও আন এজন চোৰে থানাৰ এটা ঘৰত আত্মগোপন কৰে। অৱশ্যে বহু চেষ্টাৰ পিছত আৰক্ষীয়ে চোৰটোক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰটো হৈছে কালাইন থানাৰ অন্তৰ্গত জালালপুৰৰ জাহিদ হুছেইন। 
 

কিন্তু কাটিগড়া আৰক্ষী চকীত চোৰৰ অভিযানৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া সাধাৰণ ৰাইজৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । ৰাইজৰ প্ৰশ্ন- যদি আৰক্ষী চকীতেই চোৰে চুৰ কৰাৰ সাহস কৰিব পাৰে, তেনেহলে সাধাৰণ ৰাইজৰ নিৰাপত্তা ক'ত?

Advertisment
Advertisment