Advertisment

কঠোৰ BCCI ! কি সিদ্ধান্ত ল'ব ৰোহিত-বিৰাটে ?

ঘৰুৱা ক্ৰিকেট খেলিব লাগিব ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে।  BCCIৰ স্পষ্ট বাৰ্তা- টীম ইণ্ডিয়াত স্থান লাভ কৰিবলৈ হ'লে দুই তাৰকাই ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক। টীম ইণ্ডিয়াত স্থান লাভ কৰিবলৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাবে একমাত্ৰ পথ এতিয়া ঘৰুৱা ক্ৰিকেট।

 FILEPHOTO
FILEPHOTO

কঠোৰ BCCI ! কি সিদ্ধান্ত ল'ব ৰোহিত-বিৰাটে ?


ঘৰুৱা ক্ৰিকেট খেলিব লাগিব ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে।  BCCIৰ স্পষ্ট বাৰ্তা- টীম ইণ্ডিয়াত স্থান লাভ কৰিবলৈ হ'লে দুই তাৰকাই ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক। টীম ইণ্ডিয়াত স্থান লাভ কৰিবলৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাবে একমাত্ৰ পথ এতিয়া ঘৰুৱা ক্ৰিকেট। 

Advertisment

Read More- জুবিন দাই প্ৰায়ে সুধিছিল- টকা পইছাৰ অসুবিধা হৈছে নেকি?

ৰোহিত শৰ্মা, বিৰাট কোহলী, ভাৰতীয় ক্ৰিকেটৰ দুই মহাতাৰকা। বিগত বৰ্ষত টি-২০ বিশ্বকাপ জয়ৰ পাছতে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। সেই সময়ত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক আছিল ৰাহুল দ্ৰাবিড়। মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হোৱাৰ পাছত গৌতম গম্ভীৰক টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয়। তাৰ মাজতেই টেষ্ট ফৰ্মেটৰ পৰাও অৱসৰ ঘোষণা কৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে।  

Read More- প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচ

টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে ভাৰতীয় দলৰ নিৰ্বাচন সন্দৰ্ভত কৈছিল যে- টীম ইণ্ডিয়াৰ বাছনি প্ৰক্ৰিয়া এতিয়াৰে পৰা সম্পূৰ্ণৰূপে প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি কৰা হ’ব। আমি খেলুৱৈসকলক স্পষ্টভাৱে কৈছো যে, যেতিয়া তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে তেতিয়া তেওঁলোকে ঘৰুৱা ক্ৰিকেট খেলিব লাগিব। এই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব। লগতে আগৰকাৰে কৈছিল-  বিজয় হাজাৰে ট্ৰফীৰ দৰে প্ৰতিযোগিতা এতিয়া ভাৰতীয় দললৈ নিৰ্বাচনৰ মূল মাপকাঠী হ’ব। অৰ্থাৎ এতিয়াৰে পৰা কেৱল নাম বা অভিজ্ঞতাই নহয়, শেহতীয়া অন-ফিল্ড প্ৰদৰ্শনেহে খেলুৱৈৰ স্থান নিৰ্ধাৰণ কৰিব। আনহাতে যোৱা কেইবছৰমানৰ পৰা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই প্ৰায়ে জিৰণি লোৱা বা বিৰতি লোৱা দেখা গৈছে। এই সময়ছোৱাত তেওঁলোকে ঘৰুৱা ক্ৰিকেটৰ পৰাও আঁতৰি আছিল। কিন্তু বিচিচিআইয়ে এতিয়া স্পষ্ট কৰি দিছে যে কোনো খেলুৱৈয়েই, নিজৰ নাম যিমানেই ডাঙৰ নহওক কিয়, ঘৰুৱা ক্ৰিকেটৰ পৰা আতৰি থাকিব নোৱাৰে।

Read More- ৰাজ্যবাসীক কিয় সাৱধান হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?

সূত্ৰৰ খবৰ অনুসৰি ৰোহিত শৰ্মাই বিজয় হাজাৰে ট্ৰফীৰ বাবে উপলব্ধ থাকিব বুলি মুম্বাই ক্ৰিকেট এচ'ছিয়েছনক অৱগত কৰিছে। কিন্তু বিৰাট কোহলীৰ উপলব্ধতা সন্দৰ্ভত এইপৰ্যন্ত কোনো তথ্য নাই। বৰ্ডৰ এক সূত্ৰ মতে, BCCI-এ ইতিমধ্যে স্পষ্ট কৰি দিছে যে টীম ইণ্ডিয়াৰ হৈ খেলিব বিচাৰিলে ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক। যিহেতু ৰোহিত শৰ্মা  আৰু বিৰাট কোহলীয়ে টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, গতিকে মেচ ফিটনেচ বৰ্তাই ৰাখিবলৈ দুয়োগৰাকী তাৰকাই ঘৰুৱা ক্ৰিকেট খেলিব লাগিব।  

Read More- একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ?

উল্লেখ্য যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে বিগত ছিজনত এখনকৈ ৰঞ্জি ট্ৰফীৰ মেচ খেলিছিল। কোহলীয়ে ১২ বছৰৰ অন্তত দিল্লীৰ হৈ এখন খেলত ২২ গজত নমাৰ বিপৰীতে ৰোহিত শৰ্মায়ো ১০ বছৰৰ পাছত মুম্বাইৰ হৈ জম্মু-কাশ্মীৰৰ বিৰুদ্ধে এখন ৰঞ্জি ট্ৰফীৰ মেচ খেলিছিল।

Advertisment
Advertisment