Advertisment

একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ?

বিজেপিক পৰাভূত কৰিবলৈ ’২৬ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বিৰোধী দলসমূহৰ। আজি বিয়লিৰ বৈঠকত চূড়ান্ত হ’ব বিৰোধী ঐক্যৰ মিত্ৰতা। ‘মিত্ৰতা কৰেই যদি ফোনত কৰিলেই হ’ল, মিটিং কিয় পাতিব লাগে’ - প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।

 FILEPHOTO
FILEPHOTO

একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ?

বিজেপিক পৰাভূত কৰিবলৈ ’২৬ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বিৰোধী দলসমূহৰ। আজি বিয়লিৰ বৈঠকত চূড়ান্ত হ’ব বিৰোধী ঐক্যৰ মিত্ৰতা। ‘মিত্ৰতা কৰেই যদি ফোনত কৰিলেই হ’ল, মিটিং কিয় পাতিব লাগে’ - প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। 

Advertisment

Read More - অসমৰ ৰাইজে সাৱধান হৈ থাকিব লাগিব- মুখ্যমন্ত্ৰী

একেখন মঞ্চত তিনি গগৈ ! বিৰোধী ঐক্য গঠনৰ গ্ৰাউণ্ড ৰুল সাজু কৰিছে বিৰোধী দলসমূহে। আজি বিয়লিৰ বৈঠকত চূড়ান্ত হ’ব বিৰোধী ঐক্যৰ মিত্ৰতা। ’২৬ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বিৰোধী দলসমূহৰ। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এৰাধৰা কৰিবলৈ সাজু সকলো দল। বামপন্থী দল, কংগ্ৰেছ, অজাপ, ৰাইজৰ দলৰ মিত্ৰতাও প্ৰায় চূড়ান্ত হৈছে। আসন বুজাবুজিক লৈও এৰাধৰাৰ ৰাজনীতি কৰিবলৈ সাজু হৈছে সকলো। আগন্তুক দিনত সমস্বৰে বিজেপিৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত ল’ব আজিৰ বৈঠকতেই। 

Read More -ভাগৰ নলগাকৈ বেদখলকাৰীৰ বিৰুদ্ধে চলিব বুল'ডজাৰ- মুখ্যমন্ত্ৰী

ইফালে বিৰোধী ঐক্যৰ বৈঠকক সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয়- 'ভূপেন বৰা সভাপতি হৈ থাকোতে বিৰোধী ঐক্যৰ মিটিঁং সপ্তাহে সপ্তাহে দেখিছিলো। তেওলোকে লিলী হোটেলত গৈ চাহ-জলপান খায়। তাৰ পাছত নিজৰ ভিতৰত কথা পাতে, আকৌ ওলায় আহি নিজৰ ভিতৰতে কাজিয়া- পেচাল কৰে। বিৰোধী ঐক্যৰ মিটিঙৰ নামত চাৰে চাৰি বছৰ চিৰিয়েলখন দেখিয়েই আছোঁ। যিহেতু নিৰ্বাচন আহি আছে গতিকে বিৰোধীৰ বৈঠক এতিয়া আমি বেছিকৈ দেখা পাম। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে- মিত্ৰতাৰ বাবে লিলী হোটেলত বহাৰ কি প্ৰয়োজনীয়তা আছে। মিত্ৰতা কৰেই যদি ফোনত কৰিলেই হ’ল। তেওলোকৰ এতিয়া একো নিউজ নাই বাবে মেডিয়াত চৰ্চা হ’বলৈকে বিৰোধীয়ে এতিয়া মিটিং পাতি আছে’। 

Read More - বিজেপিক ৰুধিবলৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ

আনহাতে বিৰোধীৰ বৈঠকক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বিৰোধী দলসমূহক শুভেচ্ছা জনাই দিলীপ শইকীয়াই ক'লে- বিৰোধীয়ে প্ৰথমে নিজকে ঠিক কৰি ল’ওক। তাৰ পাছত তেওলোকে বৈঠকত বহিব।

Advertisment
Advertisment