Advertisment

ৰাজ্যবাসীক কিয় সাৱধান হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?

‘দিল্লীৰ ঘটনাটো শিক্ষিত লোকে কৰা জেহাদ’। তেওঁলোক উচ্চ শিক্ষিত হ’লেও বোমাই প্ৰস্তুত কৰিব’। ‘অসমৰ জনতাও বহুকেইদিনলৈ সাৱধান হৈ থাকিব লাগিব’-মুখ্যমন্ত্ৰী।

 FILEPHOTO
FILEPHOTO

ৰাজ্যবাসীক কিয় সাৱধান হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে? 

‘দিল্লীৰ ঘটনাটো শিক্ষিত লোকে কৰা জেহাদ’। তেওঁলোক উচ্চ শিক্ষিত হ’লেও বোমাই প্ৰস্তুত কৰিব’। ‘অসমৰ জনতাও বহুকেইদিনলৈ সাৱধান হৈ থাকিব লাগিব’-মুখ্যমন্ত্ৰী। 

Advertisment

Read More- একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে ?

সোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক বিস্ফোৰণৰ পাছতেই সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰা হৈছে। দিল্লীৰ বিস্ফোৰণৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।

Read More- উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান

দিল্লীৰ সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাৰ পাছতেই কঠোৰ হৈ মুখ্য়মন্ত্ৰীয়ে কৈছিল - অসমতো দিল্লীৰ বিস্ফোৰণৰ ঘটনাক একাংশই সমৰ্থন জনাইছে। সামাজিক মাধ্যমত একাংশ লোকে দিল্লীত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। বিস্ফোৰণৰ পিছতেই বিৰাট ফূৰ্তিত আছে একাংশ লোক। খুব ফূৰ্তিৰে একাংশই সামাজিক মাধ্যমতো ইমজি পোষ্ট কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত দিল্লীৰ ঘটনাক আদৰণি জনোৱা আৰু ইমজি পোষ্ট কৰাসকলক লৈ কয় যে, দিল্লীৰ ঘটনাক সমৰ্থন কৰা আৰু আদৰণি জনোৱাসকল হৈছে সন্ত্ৰাসবাদৰ সমৰ্থন। এই লোকসকলে সন্ত্ৰাসবাদক সমৰ্থন কৰে। ইতিমধ্যে সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলৰ বেকগ্ৰাউণ্ড চেক কৰি থকা হৈছে। আৰু দিল্লীৰ ঘটনাক সমৰ্থন কৰাসকলক আমি গ্ৰেপ্তাৰ কৰিম বুলি স্পষ্টভাৱে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত DGPক নজৰ দিবলৈও নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। 

Read More- জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! কংগ্ৰেছত যোগদান মধ্য অসমৰ জ্যেষ্ঠ অগপ নেতাৰ

দিল্লীৰ বোমা বিস্ফোৰণক লৈ আজি পুনৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে, ‘যিসকলে বন্দে মাতৰম নাগায়, সেইসকল কেতিয়াও ভাৰতীয় হ’ব নোৱাৰে। পূৰ্বে শিক্ষিত হ’লে সন্ত্ৰাসবাদী নহয় বুলি ধাৰণা লোৱা হৈছিল। কিন্তু তেওঁলোক উচ্চ শিক্ষিত হ’লেও বোমাই প্ৰস্তুত কৰিব। দিল্লীৰ ঘটনাটো হৈছে শিক্ষিত লোকে কৰা জেহাদ। তেওঁলোকে লালকিল্লাতো বোমা ফুটায়, তেওঁলোকে পহলগ্ৰামৰ ঘটনাও সংঘটিত কৰে। তেওঁলোকে জুবিন ক্ষেত্ৰত গৈয়ো চাউল, দালি নালাগে বুলি প্ৰতিবাদ কৰে। এই আটাইসকল একেবোৰেই মানুহ। কেতিয়াবা বোমা–গুলীৰে, কেতিয়াবা মাটি দখল কৰি আমাক আক্ৰমণ কৰিছে। অসমৰ জনতাও বহুকেইদিনলৈ সাৱধান হৈ থাকিব লাগিব। কাৰণ আমাৰ ইয়াত তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছি। আমাৰ ইয়াত কিবা ঘটনা হ’লে ডাঙৰকৈয়েই সংঘটিত হ’ব।

Advertisment
Advertisment