Assameseউচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমানউচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান। ২ বছৰ পাছত এই মিঞা মুছলমানসকলে পাহৰি যাব জুবিন গাৰ্গক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ।Mrinmoy Talukdar Nov 11, 2025 20:19 ISTFilephotoউচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমানউচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান। ২ বছৰ পাছত এই মিঞা মুছলমানসকলে পাহৰি যাব জুবিন গাৰ্গক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ।Advertismentপ্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৫৫ টা দিন। প্ৰতিজন অসমীয়াৰ অন্তৰত উমি উমি জ্বলি আছে একুৰা জুই। প্ৰতিদিনে মৰি মৰি জীয়াই আছে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী। জুবিন গাৰ্গে ন্যায় পোৱা বুলি প্ৰতিগৰাকী অসমীয়া আশ্বস্ত নোহোৱা পৰ্যন্ত অসমীয়াৰ অন্তৰত জ্বলি থকা জুইকুৰা নুনুমায়। বিগত ৫৫টা দিন জুবিনময় হৈ পৰিছে সমগ্ৰ অসম। বাটে-ঘাটে এতিয়া সকলোৰে মুখে মুখে কেৱল জুবিন গাৰ্গ। হিন্দু-মুছলমান বুলি কোনো কথা নাই, সমগ্ৰ ৰাজ্যবাসীক লাগে এতিয়া জুবিন গাৰ্গৰ ন্যায়। সেই অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল, কিয় জুবিন গাৰ্গৰ দৰে এটা সত্বাক আমি হেৰুবাৱ লগীয়া হ'ল তাৰ উত্তৰৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। ১৯ ছেপ্তেম্বৰ ২০২৫, ৰাজ্যবাসীৰ বাবে এটা কলা দিন। এই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছিল অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। ছিংগাপুৰৰ য়ট পাৰ্টীত প্ৰকৃততে প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে কি হৈছিল জানিব লাগিব প্ৰতিজন অসমীয়াই।ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গঠন হোৱা SITএ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে ডেডলাইন বান্ধি দিছে। তাৰ মাজতেই আজি মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ডাঙৰ মন্তব্য কৰিছে। মিঞাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে, 'উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমানসকল। মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে- ডাঙৰ ডাঙৰ ইস্তেমাত কিয় ৰখা হোৱা নাই জুবিন গাৰ্গৰ ফটো'? লগতে মুখ্যমন্ত্ৰীয়ে কয় যে- 'নকলী মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাথাকে। জুবিন গাৰ্গৰ ন্যায় বিচৰা মিঞা মুছলমানসকলে ২ বছৰ পিছত পাহৰি যাব জুবিন গাৰ্গক। কিন্তু অসমীয়া মানুহে কেতিয়াও নাপাহৰে জুবিন গাৰ্গক। জুবিন গাৰ্গৰ ফটো আমি ৰাস, পূজা সকলোতে ৰাখিছোঁ। কিন্তু মুছলমানৰ ধৰ্ম সভাত নাই জুবিন গাৰ্গৰ ফটো'। এনেদৰেই মিঞাসকলক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।AdvertismentAdvertisment Read the Next Article