Assameseজুবিন দাই প্ৰায়ে সুধিছিল- টকা পইছাৰ অসুবিধা হৈছে নেকি?জুবিন গাৰ্গৰ বাসগৃহৰ সুৰক্ষা কৰ্মী আছিল কলিয়াবৰ গৰৈমাৰীৰ এজন ব্যক্তি । কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ দুখ সহিব নোৱাৰি অৱশেষত চাকৰি এৰি কলিয়াবৰৰ নিজ গৃহলৈ উভতি গ'ল পবিত্ৰ বৰা।Mrinmoy Talukdar Nov 12, 2025 17:53 ISTFILEPHOTOজুবিন দাই প্ৰায়ে সুধিছিল- টকা পইছাৰ অসুবিধা হৈছে নেকি?জুবিন গাৰ্গ আছিল প্ৰতিজন অসমীয়াৰ। প্ৰতিঘৰ অসমীয়াৰ পৰিয়ালৰ সদস্য আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত সুৰক্ষা কৰ্মী হিচাপে কৰ্মৰত আছিল কলিয়াবৰ গৰৈমাৰীৰ এজন ব্যক্তি। নাম তেওৰ পবিত্ৰ বৰা। প্ৰতিদিনেই একেবাৰে ওচৰৰ পৰা পবিত্ৰ বৰাই লগ পাইছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। কিন্তু এতিয়া কায়িকভাৱে আমাৰ মাজত নাই জুবিন গাৰ্গ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ দুখ সহিব নোৱাৰি অৱশেষত কলিয়াবৰৰ নিজ গৃহলৈ ঘুৰি আহিল জুবিন গাৰ্গৰ বাসগৃহৰ নিৰাপত্তাৰক্ষী হিচাপে থকা পবিত্ৰ বৰা। AdvertismentRead More- একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ?জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত, নিশা যিমান দেৰি নহলেও জুবিন গাৰ্গৰ বাবে সদায় বাট চাই ৰৈছিল পবিত্ৰ বৰাই। জুবিন গাৰ্গ আহিলেই লগে লগে গেটখন খুলি দিছিল পবিত্ৰই। লগে পালেই পবিত্ৰৰ খা-খবৰ লৈছিল জুবিন গাৰ্গে। আনক সহায় কৰি ভালপোৱা জুবিন গাৰ্গে পবিত্ৰ বৰাৰ লগত কথা পাতিলেই বাৰে বাৰে সুধিছিল কিবা টকা পইছাৰ অসুবিধা হৈছে নেকি? ইয়াৰ উপৰিও জুবিন গাৰ্গৰ লগত মনৰ বহু কথাই পাতিছিল পবিত্ৰই। পবিত্ৰ বৰাৰো ইচ্ছা আছিল ৰূপালী পৰ্দাত এভূমুকি মৰাৰ। সেই কথা এদিন জুবিন গাৰ্গক কৈছিল পৱিত্ৰই। তাৰ পাছতে জুবিন গাৰ্গে পৱিত্ৰক পৰবৰ্তী চিনেমাত সুবিধা দিম বুলিও কৈছিল। Read More- ৰাজ্যবাসীক কিয় সাৱধান হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?কিন্তু ১৯ ছেপ্তেম্বৰৰ সেই অভিশপ্ত দিনটোত আমাৰ মাজৰ পৰা আতৰি গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। প্ৰতিজন অসমীয়াক শোকৰ সাগৰত বুৰাই কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গৈছিল জুবিন গাৰ্গ। মনৰ দুখত সেয়ে পবিত্ৰ বৰাই সুৰক্ষা কৰ্মীৰ কাম এৰি গুচি আহে ঘৰলৈ। জুবিন গাৰ্গৰ ফটোখনকে চাই, প্ৰাণৰ শিল্পী গৰাকীৰ লগত কটোৱা সেই সময়ৰ কথাবোৰ মনত পেলাই সময় পাৰ কৰিছে পবিত্ৰই।Read More- কঠোৰ মুখ্যমন্ত্ৰী ! কাকো ৰেহাই নিদিয়াৰ হুংকাৰজুবিন গাৰ্গবিহীন ৫৬টা দিন পাৰ কৰিলে অসমীয়াই। প্ৰতিজন অসমীয়াৰ অন্তৰত জ্বলি আছে একুৰা জুই। সকলোৰে মুখত এটাই কথা প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় লাগে। ছিংগাপুৰত য়ট পাৰ্টীত প্ৰাণৰ শিল্পীগৰাকীৰ লগত প্ৰকৃততে কি হৈছিল, কি পৰিস্থিতিত আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল তাৰ উত্তৰ কিন্তু জানিব লাগিব প্ৰতিজন অসমীয়াই। Zubeen GargAdvertismentAdvertisment Read the Next Article