Assameseকঠোৰ মুখ্যমন্ত্ৰী ! কাকো ৰেহাই নিদিয়াৰ হুংকাৰসোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক বিস্ফোৰণৰ পাছতেই সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰা হৈছে। দিল্লীৰ বিস্ফোৰণৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।Mrinmoy Talukdar Nov 11, 2025 19:04 ISTFilephotoকঠোৰ মুখ্যমন্ত্ৰী ! কাকো ৰেহাই নিদিয়াৰ হুংকাৰসোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক বিস্ফোৰণৰ পাছতেই সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰা হৈছে। দিল্লীৰ বিস্ফোৰণৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। Advertismentদিল্লীৰ সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাৰ পাছতেই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়য়ে- দিল্লীৰ ঘটনা গৰিহনাযোগ্য। বিগত দুদিনত কিছুমান বিশেষ ব্যক্তিৰ পৰা পুলিচ আৰু চোৰাংচোৱাই বহু বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে। দেশত যাতে সন্ত্ৰাসবাদে আকৌ মূৰ দাঙি থিয় দিব নোৱাৰে তাৰ বাবে সমগ্ৰ দেশৰ জনগন এক হ'ব লাগিব। লগতেমুখ্যমন্ত্ৰীয়েকয়যে, অসমতো দিল্লীৰ বিস্ফোৰণৰ ঘটনাক একাংশই সমৰ্থন জনাইছে। সামাজিক মাধ্যমত একাংশ লোকে দিল্লীত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনাক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। বিস্ফোৰণৰ পিছতেই বিৰাট ফূৰ্তিত আছে একাংশ লোক। খুব ফূৰ্তিৰে একাংশই সামাজিক মাধ্যমতো ইমজি পোষ্ট কৰিছে। দিল্লীৰ বিস্ফোৰণৰ পিছত মুখ্যমন্ত্ৰী কঠোৰ হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত দিল্লীৰ ঘটনাক আদৰণি জনোৱা আৰু ইমজি পোষ্ট কৰাসকলক লৈ ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়েকয় যে, দিল্লীৰ ঘটনাক সমৰ্থন কৰা আৰু আদৰণি জনোৱাসকল হৈছে সন্ত্ৰাসবাদৰ সমৰ্থন। এই লোকসকলে সন্ত্ৰাসবাদক সমৰ্থন কৰে। ইতিমধ্যে সন্ত্ৰাসবাদক সমৰ্থনকৰাসকলৰ বেকগ্ৰাউণ্ড চেক কৰি থকা হৈছে। আৰু দিল্লীৰ ঘটনাক সমৰ্থন কৰাসকলক আমি গ্ৰেপ্তাৰ কৰিম বুলি স্পষ্টভাৱে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত DGPক নজৰ দিবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। AdvertismentAdvertisment Read the Next Article