Advertisment

ট্ৰাম্পৰ নতুন সিদ্ধান্তত বিপদত শ শ মুছলীম আৰু শিখ ধৰ্মীয় লোক !

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে পুনৰ গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা আমেৰিকাৰ সৈন্যসকলে দাড়ি ৰাখিব নোৱাৰিব। ৩০ ছেপ্টেম্বৰত জাৰি কৰা এই কঠোৰ নিৰ্দেশনাৰ অধীনত আমেৰিকাৰ সামৰিক সৈন্যই এতিয়াৰ পৰা দাড়ি ৰাখিব নোৱাৰিব। 

 Filephoto
Filephoto

ট্ৰাম্পৰ নতুন সিদ্ধান্তত বিপদত শ শ মুছলীম আৰু শিখ ধৰ্মীয় লোক !

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে পুনৰ গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। ট্ৰাম্পৰ প্ৰশাসনে জাৰি কৰা এই নতুন আদেশৰ অধীনত এতিয়াৰে পৰা আমেৰিকাৰ সৈন্যসকলে দাড়ি ৰাখিব নোৱাৰিব। প্ৰতিৰক্ষা সচিব পিট হেগছেথে ৩০ ছেপ্টেম্বৰত এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। যাৰ অধীনত আমেৰিকাৰ সামৰিক সৈন্যই এতিয়াৰ পৰা দাড়ি ৰাখিব নোৱাৰিব। 

Advertisment

নিজৰ বিবৃতিত হেগছেথে কয় যে সামৰিক বাহিনীত অনুশাসন আৰু যুদ্ধৰ ফলপ্ৰসূতা শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ প্ৰয়োজনীয়। তেওঁ স্পষ্টভাৱে সকীয়াই দিছে যে সামৰিক বাহিনীত " অনুপযুক্ত ব্যক্তিগত প্ৰকাশ আৰু অসামঞ্জস্যপূৰ্ণ শ্বেভিং প্ৰফাইল" সহ্য কৰা নহ'ব। অৱশ্যে এই ক্ষেত্ৰত বিশেষ বাহিনীৰ কিছুমান ইউনিটে সীমিত ৰেহাই লাভ কৰিব। 

পেন্টাগনে জাৰি কৰা স্মাৰকপত্ৰ অনুসৰি ৬০ দিনৰ ভিতৰত সকলো সামৰিক শাখাতে এই নতুন নীতি কাৰ্যকৰী কৰা হ’ব। জোৱানসকলৰ মুখত দাড়ি থাকিব নোৱাৰিব। ধৰ্মীয় স্বাধীনতাৰ নামত ২০১০ চনৰ পৰা প্ৰদান কৰা ৰেহাই এতিয়া কাৰ্যতঃ নাইকীয়া হৈছে। পূৰ্বতে শিখ, মুছলমান, ইহুদী সৈন্যক ধৰ্মীয় বিশ্বাসৰ বাবে দাড়ি ৰখাৰ অনুমতি দিয়া হৈছিল। কিন্তু ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তই এতিয়া শিখ, অৰ্থডক্স ইহুদী আৰু মুছলমানসকলক প্ৰভাৱিত কৰিব।

উল্লেখ্য যে ২০১০ চনলৈকে আমেৰিকাৰ সেনাবাহিনীৰ সকলো সৈনিকৰ বাবে পৰিষ্কাৰকৈ চেভ কৰা মুখখন বাধ্যতামূলক আছিল। ইয়াৰ ফলত বহু শিখ যুৱকে নিজৰ ধৰ্ম আৰু সামৰিক কেৰিয়াৰৰ মাজৰ পৰা এটা বাছি ল’বলৈ বাধ্য হৈছিল। কিন্তু আইনী যুদ্ধ আৰু মানৱ অধিকাৰ অভিযানৰ পিছত ২০১৭ চনত প্ৰতিৰক্ষা বিভাগে ধৰ্মীয় জোৱানসকলক দাড়ি আৰু পাগুৰি পিন্ধি সেৱা আগবঢ়াবলৈ অনুমতি দিয়ে। এই সিদ্ধান্তক আমেৰিকাৰ সামৰিক বাহিনীত ধৰ্মীয় সমতাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে বিবেচিত হৈছিল। এতিয়া এই নতুন ৰায়দানে বিগত দশকত লাভ কৰা স্বাধীনতাসমূহৰ প্ৰতি পুনৰ ভাবুকি কঢ়িয়াই আনিছে।

Advertisment
Advertisment