Assameseএইবাৰ লাভ জেহাদ আৰু ধৰ্ষণকাণ্ডৰ অভিযুক্তৰ ঘৰত বুলড'জাৰ এক্সন প্ৰশাসনৰমধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ কেইবাগৰাকী কলেজীয়া ছাত্ৰীৰে সংঘটিত হৈছিল শিহৰণকাৰী ঘটনা। ধৰ্ষণ,ব্লেকমেইলিঙ, লাভ জেহাদৰ দৰে কেইবাটাও ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। সেই ঘটনাক লৈ বুলড'জাৰ এক্সন আৰম্ভ কৰিছে প্ৰশাসনে।Anindita Kataki Sep 13, 2025 14:44 ISTলাভ জেহাদ, ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযুক্তৰ ঘৰত চলিল বুলডজাৰ Photograph: (file photo)মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত কেইবাগৰাকী কলেজীয়া ছাত্ৰীৰে সংঘটিত হৈছিল শিহৰণকাৰী ঘটনা। ধৰ্ষণ, ব্লেকমেইলিঙ, লাভ জেহাদৰ দৰে কেইবাটাও ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। সেই ঘটনাৰ পিছতেই অভিযুক্তৰ ঘৰত বুলড'জাৰ এক্সন আৰম্ভ প্ৰশাসনৰ।AdvertismentVIDEO | Bhopal, Madhya Pradesh: Administration demolishes houses of two accused (Farhan and Sahil), allegedly involved in gang rape & religious conversion case.#Madhyapradesh(Full video available on PTI Videos - https://t.co/n147TvrpG7) pic.twitter.com/Ezh6nOyiqq — Press Trust of India (@PTI_News) September 13, 2025ধৰ্ষণকাণ্ডত অভিযুক্তৰ বাসগৃহত চলিল বুলড'জাৰ। মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত লাভ জেহাদ, ধৰ্ষণ আৰু ব্লেকমেইলিঙত জড়িত দুজনকৈ অভিযুক্তৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ প্ৰশাসনৰ। কেইবাগৰাকী ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৫জনকৈ অভিযুক্তৰ বিৰুদ্ধে। চলিত বৰ্ষৰ এপ্ৰিলত ঘটনা পোহৰলৈ অহাৰ পিছতে ৬জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।ফাৰহান খান, চাহিল, চাদ, নবিল, আলী আৰু আব্ৰাৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। প্ৰেমৰ জালত পেলাই হিন্দু ছাত্ৰীক ধৰ্ষণ, ব্লেকমেইলিঙৰ লগতে ধৰ্ম পৰিৱৰ্তনৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছিল এইকেইগৰাকী অভিযুক্তৰ বিৰুদ্ধে। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে, এই গেঙে ১০-১২ জন ছোৱালীক টাৰ্গেট কৰি লৈছিল। আৰু কমেও ৫ জন ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল।এই গেঙৰ মাষ্টাৰমাইণ্ড আছিল ফাৰহান খান নামৰ মুল অভিযুক্ত। ফাৰহান খানে গ্ৰেপ্তাৰৰ সময়ত পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হৈছিল। শনিবাৰে প্ৰশাসনে ঘটনাৰে জড়িত আন ৩ অভিযুক্তৰ ঘৰত বুলড'জাৰ চলাই। প্ৰশাসনৰ বুলড'জাৰ এক্সনৰ পিছতে মাষ্টাৰ মাইণ্ড ফাৰহান খানৰ পিতৃয়ে দাবী কৰে যে- 'আমাক ন্যায় লাগে, আমাৰ পক্ষ ৰাখিবলৈও আমাক এটা সুবিধা দিয়া উচিত'। 'আমাৰ পৰিয়ালসমূহে ন্যায় লাভৰ দিশত সমস্যা বৃদ্ধি হোৱা যেন হে অনুভৱ হৈছে'। 'ঘৰ ভাঙি দিয়াৰ ফলত আমাৰ পৰিয়ালটো সম্পূৰ্ণৰূপে গৃহহীন হৈ পৰিছে'।VIDEO | Bhopal, Madhya Pradesh: Administration demolishes houses of two accused (Farhan and Sahil), allegedly involved in gang rape & religious conversion case.Mohmad Rizwan, father of one of the accused Farhan says, “Our demand is simple, we want justice. We too should be… pic.twitter.com/FaRF3VxSUi — Press Trust of India (@PTI_News) September 13, 2025 Read the Next Article