Advertisment

কাকপথাৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ

তিনিচুকীয়া কাকপথাৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ কৰে আলফা স্বাধীনে। মাজনিশা সেনা শিবিৰলৈ লক্ষ্য কৰি ৰকেট লঞ্চাৰ নিক্ষেপ কৰে আলফা স্বাধীনে। ৰকেট লঞ্চাৰ নিক্ষেপ কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে আলফা স্বাধীনে।

 কাকপথাৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ Photograph: (DY365)
কাকপথাৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ Photograph: (DY365)

কাকপথাৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ
আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

তিনিচুকীয়াৰ কাকপথাৰত ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে নিশা গুলীৰ শব্দই কঁপাই তোলে সমগ্ৰ কাকপথাৰ। যাৰ বাবে আতংকিত, শংকিত হৈ পৰে কাকপথাৰবাসী।বহু সময়ধৰি প্ৰচণ্ড গুলীয়াগুলিৰ শব্দ শুনিবলৈ পোৱা যায়। সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। 

Advertisment

তিনিচুকীয়া কাকপথাৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ কৰে আলফা স্বাধীনে। মাজনিশা সেনা শিবিৰলৈ লক্ষ্য কৰি ৰকেট লঞ্চাৰ নিক্ষেপ কৰে আলফা স্বাধীনে। ৰকেট লঞ্চাৰ নিক্ষেপ কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে আলফা স্বাধীনে।ৰকেট লঞ্চাৰ নিক্ষেপৰ লগে লগে দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী লাগে। গুলীয়াগুলীত ৩ সেনা জোৱান আহত হোৱাৰ খবৰ। 

এখন বাহন লৈ অহা আলফা স্বাধীনৰ দলে সেনা শিবিৰত আক্ৰমণ কৰে। সেনা শিবিৰত আক্ৰমণত ব্যৱহৃত বাহনখন উদ্ধাৰ কৰে সেনা আৰু আৰক্ষীয়ে। অসম-অৰুণাচলৰ সীমান্তৰ থাপাবাৰী টেঙাপানী ন দিহিঙৰ পাৰত উদ্ধাৰ কৰে বাহনখন। ঘটনাস্থলীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত আলফা স্বাধীনৰ দলটোৱে এৰি থৈ যায় বাহনখন। সেনা শিবিৰত ভয়ংকৰ আক্ৰমণৰ পাছতে অঞ্চলজুৰি ব্যাপক অভিযান আৰম্ভ কৰে সেনাই। অসম-অৰুণাচল সীমান্তৱৰ্তী টেঙাপানীত অসম আৰক্ষী আৰু সেনাবাহিনীয়ে তীব্ৰ অভিযান চলাই। আক্ৰমণকাৰীক বিচাৰি উলিয়াবলৈ সেনা-আৰক্ষীয়ে যৌথ অনুসন্ধান অভিযান অব্যাহত ৰাখিছে সমগ্ৰ অঞ্চলত।

ইফালে কাকপথাৰ সেনা শিবিৰত কৰা আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনে। ই-মেইলযোগে এই কথা দাবী কৰিলে আলফা স্বাধীনে। 

এই আক্ৰমণত সংগঠনটোৱে ‘অভিযান প্ৰতিশোধ’ নামেৰে নামকৰণ কৰে। কিছুদিন পূৰ্বে আলফা স্বাধীনৰ শিবিৰত ভয়ংকৰ আক্ৰমণ চলিছিল। য’ত আলফা স্বাধীনৰ কেইবাজনো সদস্যৰ মৃত্যু হৈছিল। সেই আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে আলফা স্বাধীনে এই পদক্ষেপ গ্ৰহণ কৰে।