Assameseকোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গ উদ্যানঅসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নামত কোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গ উদ্যান। কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীৰ ৩০ বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গ উদ্যানখন। বিটিচি চৰকাৰৰ উদ্যোগত নিৰ্মাণ কৰা হ'ব এই উদ্যানখন।Jyotiprasad Sarma Nov 15, 2025 16:44 ISTকোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গ উদ্যান Photograph: (DY365)কোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গ উদ্যান৩০ বিঘা ভূমিত নিৰ্মাণ হ'ব উদ্যানখনঅসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নামত কোকৰাঝাৰত নিৰ্মাণ হ'ব জুবিন গাৰ্গ উদ্যান। কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীৰ ৩০ বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গ উদ্যানখন। বিটিচি চৰকাৰৰ উদ্যোগত নিৰ্মাণ কৰা হ'ব এই উদ্যানখন। Advertismentমিউজিক আইকন জুবিন গাৰ্গৰ জন্মদিন অৰ্থাৎ ১৮ নৱেম্বৰত উদ্যানখনৰ আধাৰশিলা স্থাপন কৰা হ'ব। মৰমৰ শিল্পী জুবিন গাৰ্গৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্যানখনৰ আধাৰশিলা স্থাপন কৰিব।Also Read: বিহাৰত ধূলিসাৎ বিৰোধী, চলিল কেৱল নীতিশ-মোদী মেজিক...১৮ নৱেম্বৰত বিটিচি চৰকাৰে জাকজমকতাৰে উদযাপন কৰিব জুবিন গাৰ্গৰ ৫৩তম জন্ম দিৱস। কোকৰাঝাৰৰ চান্দামাৰীৰ গৌৰাং নৈৰ পাৰতে উদযাপন কৰিব শিল্পীগৰাকীৰ জন্ম দিৱস। প্ৰাণৰ শিল্পীগৰাকীৰ জন্ম দিনৰ দিনা বিটিচিৰ পাঁচখন জিলাৰ ২৫ হাজাৰ শিল্পী আৰু অনুৰাগীয়ে একেলগে অসমীয়া আৰু বড়ো দুয়োটা ভাষাতে আইকনিক গীত 'মায়াবিনী' গাতটি পৰিৱেশন কৰিব। একেদৰে শিল্পী জুবিন গাৰ্গৰ ৫৩ তম জন্ম দিৱসৰ লগত সংগতি ৰাখি ৰোপণ কৰা হ’ব ৫৩টা নাহৰ গছৰ পুলি।Also Read: বিহাৰৰ কনিষ্ঠতম বিধায়িকা হ'ল মৈথিলী ঠাকুৰইফালে জুবিন গাৰ্গৰ জন্ম দিৱস উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শতাধিক লোক দিনে-নিশাই ব্যস্ত হৈ আছে অনুষ্ঠানৰ কামৰ বাবে। কোকৰাঝাৰৰ পৰা চান্দামাৰীলৈ যোৱা পথটো নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু আই টি পাৰ্কলৈ যোৱা পথটো চাফ-চিকুণ কৰি সুন্দৰকৈ সজাই পৰা তোলা হৈছে। পথৰ কাষৰ দেৱালত অংকন কৰা হৈছে জুবিন গাৰ্গৰ ছবি। গোটেই অঞ্চলকটো ন ৰূপেৰে সজাই পৰাই আটকধুনীয়া কৰি তোলা হৈছে।Also Read: বিজেপিৰে সংঘাত UPPLৰ! '২৬ত প্ৰমোদৰ UPPL-এ বিজেপিৰ বিৰুদ্ধে খেলিব নিৰ্বাচন...AdvertismentAdvertisment Read the Next Article