Advertisment

বিহাৰত ধূলিসাৎ বিৰোধী, চলিল কেৱল নীতিশ-মোদী মেজিক...

বিহাৰত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ সপোন ধূলিসাৎ। বিহাৰৰ ২৪৩ আসনৰ সৰ্বাধিক আসনতে জয় NDA মিত্ৰজোঁটৰ। বিহাৰত পুনৰ নীতিশ কুমাৰৰ মেজিকে শেষ কৰিলে বিৰোধীক। কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?

 বিহাৰত ধূলিসাৎ বিৰোধী, চলিল কেৱল নীতিশ-মোদী মেজিক...
  • Nov 14, 2025 22:20 IST

    পুনৰ বিহাৰত চৰকাৰ গঠন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ


    পুনৰ বিহাৰত চৰকাৰ গঠন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ।

    বিহাৰ বিধানসভাৰ ২৪৩ খন আসনৰ ২০২ খনত জয় NDAৰ ।

    বিহাৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১২২ খন আসন।

    নীতিশ কুমাৰৰ নেতৃত্বাধীন JDUৰ দখলত ৮৫ খন আসন।

    বিহাৰত ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰে ৮৯ খন আসন।

    মিত্ৰজোঁটৰ বৃহত্‍ দল নহ’লেও আসনৰ সংখ্যাৰে বিজেপিক হেঁচাত ৰাখিলে নীতিশে।

    বিপৰীতে বিৰোধী মহাজোঁটে লাভ কৰিলে মাত্ৰ ৩৪ খন আসন।

    RJD-এ ২৬ সমষ্টিত আৰু কংগ্ৰেছে মাত্ৰ ৬টা সমষ্টিতহে জয়লাভ কৰে। 



  • Nov 14, 2025 20:09 IST

    বিধায়ক হ’ল আনন্দ মিশ্ৰ। বক্সাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰৰ বৃহৎ জয়।

    বিধায়ক হ’ল আনন্দ মিশ্ৰ। 

    বক্সাৰ সমষ্টিত বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰৰ বৃহৎ জয়। 84901টা ভোট লাভ কৰা আনন্দ মিশ্ৰই কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক পৰাস্ত কৰিলে 28353 টা ভোটৰ ব্য়ৱধানত। 

    অসমত সুদীৰ্ঘ সময় আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আনন্দ মিশ্ৰ। নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল আনন্দ মিশ্ৰ। লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তে চাকৰি বাদ দিছিল আনন্দ মিশ্ৰই। চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পাছতে সক্ৰিয় ৰাজনীতিত নামি পৰিছিল IPS বিষয়াগৰাকী। 



  • Advertisment
  • Nov 14, 2025 18:25 IST

    ২৫ বছৰ ৩ মাহ ২০ দিনতে বিধায়ক হ'ল মৈথিলী ঠাকুৰ

    বিহাৰৰ আটাইতকৈ কম বয়সীয়া বিধায়িকা হিচাপে নিৰ্বাচিত হ'ল মৈথিলী ঠাকুৰ। মাত্ৰ ২৫ বছৰ ৩ মাহ ২০ দিনতে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিলে কণ্ঠশিল্পী মৈথিলী ঠাকুৰে। নিশ্চিত জয়ৰ পিছতে আনন্দত উৎফুল্লিত হৈ পৰিছে মৈথিলী ঠাকুৰ। গীত গাই ভোটাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে মৈথিলী ঠাকুৰে। 



  • Nov 14, 2025 17:43 IST

    বিহাৰত AIMIMৰ ৩ প্ৰাৰ্থীৰ জয়লাভ

    বিহাৰত AIMIMৰ ৩ প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি। AIMIMৰ মঃ মুৰ্শ্বিদ আলম, মঃ সাৰৱাৰ আলম আৰু আখটাৰুল ইমাম হ'ল বিধায়ক। অৱেইছিৰ দল AIMIMৰ ২ প্ৰাৰ্থী এতিয়াও অগ্ৰগতিত। 



  • Nov 14, 2025 15:52 IST

    কল্যাণপুৰ সমষ্টিৰ JDUৰ প্ৰাৰ্থী মহেশ্বৰ হাজাৰীৰ জয়লাভ।

    কল্যাণপুৰ সমষ্টিৰ JDUৰ প্ৰাৰ্থী মহেশ্বৰ হাজাৰীৰ জয়লাভ। ৩৮,৫৮৬ ভোটৰ ব্যৱধানত জয়লাভ JDUৰ প্ৰাৰ্থীগৰাকীৰ। 



  • Nov 14, 2025 15:26 IST

    বিহাৰ নিৰ্বাচনত বৰ্তমানলৈ সৰ্বাধিক ৪৭,৯০৯ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে হৰি নাৰায়ণ সিঙে

    বিহাৰ নিৰ্বাচনত সৰ্বাধিক ভোটৰ ব্যৱধানত অগ্ৰগতি হৰি নাৰায়ণ সিঙৰ। হাৰনাত সমষ্টিত JD(U)ৰ প্ৰাৰ্থী সিঙে ৪৭,৯০৯ ভোটৰ ব্যৱধানত লাভ কৰিছে অগ্ৰগতি। 



  • Nov 14, 2025 14:58 IST

    ২৫ বছৰ বয়সতে বিধায়িকা হ'ব নেকি মৈথিলী ঠাকুৰ?

    ১৪ নম্বৰ ৰাউণ্ডত ৭,৩০৯টা ভোটত অগ্ৰগতি বিজেপি প্ৰাৰ্থীগৰাকীৰ। আলিনগৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিল মৈথিলী ঠাকুৰে।



  • Nov 14, 2025 14:54 IST

    মহুৱা সমষ্টিত তৃতীয় স্থানত তেজ প্ৰতাপ যাদৱ

    তেজ প্ৰতাপ যাদৱৰ শোচনীয় অৱস্থা। প্ৰায় ২৬ হাজাৰ ভোটৰ ব্যৱধানত পিছপৰি তৃতীয় স্থানত আছে তেজ প্ৰতাপ। LJPRVৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ সিঙৰ অগ্ৰগতি। 



  • Nov 14, 2025 14:52 IST

    চাপৰা সমষ্টিত পৰাস্ত হব নেকি ভোজপুৰী ষ্টাৰ খেছাৰী লাল যাদৱ।

    ভোজপুৰী ষ্টাৰ তথা RJD প্ৰাৰ্থী খেছাৰী লালতকৈ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী। বিজেপি প্ৰাৰ্থী ছোতী কুমাৰৰ ২০৯৪ ভোটত অগ্ৰগতি। ষষ্ঠ ৰাউণ্ডৰ অন্তত পিছপৰি আছে খেছাৰী লাল যাদৱ। 



  • Nov 14, 2025 14:50 IST

    ৰাঘোপুৰ সমষ্টিত পিছপৰিছে RJDৰ তেজস্বী যাদৱ

    আত্মসন্মান ৰক্ষা কৰিব নোৱাৰিব নেকি তেজস্বী যাদৱে? বিজেপিৰ সতীশ কুমাৰতকৈ ৪,৮২৯ ভোটত পিছ পৰিছে তেজস্বী যাদৱ। ১০ নম্বৰ ৰাউণ্ডৰ অন্তত আনুষ্ঠানিক ঘোষণা নিৰ্বাচন আয়োগৰ। মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ। 



  • Nov 14, 2025 14:45 IST

    ৰাহুল গান্ধীক বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    ‘ৰাহুল গান্ধী য’লৈ যাব, তাতেই জিকিব বিজেপি’। ‘ৰাহুল গান্ধী বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ’। বিহাৰ নিৰ্বাচনৰ ভোটগণনাক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধী কংগ্ৰেছৰ নহয় বিজেপিৰহে ষ্টাৰ কেম্পেইনাৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ



  • Nov 14, 2025 14:42 IST

    বিহাৰৰ নিৰ্বাচনী ফলাফলক লৈ বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজয় উৎসৱৰ আয়োজন

    বিহাৰত বৃহৎ জয়ৰ দিশে NDA মিত্ৰজোঁট। সন্ধিয়া ৬ বজাত বিজেপি কাৰ্যালয়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। বিজেপিৰ কাৰ্যকৰ্তাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। 



  • Nov 14, 2025 14:38 IST

    বিহাৰত শক্তিশালী ৰূপত চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টী ‘ৰামবিলাস’ৰ

    এখন আসনৰ পৰা ৫ বছৰতে ২২ আসনলৈ চিৰাগ পাছৱানৰ LJP ৰাম বিলাস। চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টী ‘ৰামবিলাস’ৰ চমক। ২০০০ চনত গঠিত LJP-এ ২০২০ত লাভ কৰিছিল ১খন আসন। ২০২৫ৰ বিহাৰ বিধানসভা নিৰ্বাচনত ২২খন আসনত এতিয়ালৈকে অগ্ৰগতি লোক জনশক্তি পাৰ্টীৰ। 



  • Nov 14, 2025 14:29 IST

    ২০০ৰ ঘৰ অতিক্ৰম কৰিলে NDA মিত্ৰজোঁটে

    বৃহত্‍ ব্যৱধানেৰে বিহাৰৰ ৰাজপাট দখলৰ দিশে NDA, ২০১ আসনত অগ্ৰগতি NDAৰ। বিজেপি-৯১, JDU-৮০, LJPRV-২২, HAM-৫, RLLM-৪ত অগ্ৰগতি। ইফালে ৪২ আসনতে অগ্ৰগতি সীমাবদ্ধ বিৰোধী মহাগঠবন্ধন। RJD-২৭, কংগ্ৰেছ-৪, VIP-০, বাওঁদল-৭, AIMIM-৫



  • Nov 14, 2025 13:51 IST

    বিধায়ক হ'বলৈ গৈ আছে আনন্দ মিশ্ৰ!

    বিপুল ভোটত অগ্ৰগতি লাভ বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰৰ। বক্সাৰ সমষ্টিৰ পৰা ১৯,৯২৪টা ভোটত কংগ্ৰেছ প্ৰাৰ্থী সঞ্জয় তিৱাৰীত কৈ আগবাঢ়ি আছে প্ৰাক্তন IPS আনন্দ মিশ্ৰ।



  • Nov 14, 2025 13:44 IST

    ৰাঘোপুৰ সমষ্টিত বিজেপি-RJDৰ তুমুল প্ৰতিদ্বন্দ্বিতা

    পুনৰ পিছ পৰিছে বিহাৰৰ বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ। তেজস্বী যাদৱত কৈ বিজেপি প্ৰাৰ্থী সতীশ কুমাৰ আগবাঢ়িছে ২,২৮৮টা ভোটৰ ব্যৱধানত। 



  • Nov 14, 2025 13:36 IST

    আকৌ এবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত নীতিশ কুমাৰ

    বিহাৰত অব্যাহত ভোটগণনা। নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি
    BJP- 91, JD(U)- 82, RJD- 25, LJPRV- 21, AIMIM- 5, HAMS- 5, INC- 4, Others- 10



Advertisment
Advertisment