Advertisment

মোদী আহিব অসমলৈ। মোদীয়ে কি কি দিব অসমক? উত্তৰ-পূৱৰ কোন ৰাজ্যত কি কি উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব মোদীয়ে। ৪ ছেপ্তেম্বৰত মঙলদৈ আৰু নুমলীগড়ত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

 মোদীৰ পৰা কি পাব অসমে? Photograph: (FILE)
মোদীৰ পৰা কি পাব অসমে? Photograph: (FILE)

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

মোদীৰ পৰা কি পাব অসমে? 

প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ, প্ৰশাসন। আজি অৰ্থাৎ শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। ৫ বাজি ১৫ মিনিটত অৱতৰণ কৰিব বৰঝাৰ বিমান বন্দৰত। বৰঝাৰৰ পৰা পোনে পোনে খানাপাৰালৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব মোদীয়ে। উক্ত অনুষ্ঠানত প্ৰায় এঘণ্টা পোন্ধৰ মিনিট সময় ধৰি চলিব সুধাকণ্ঠৰ গীতৰ অনুষ্ঠান। ৰাজ্য ১,২০০ শিল্পীয়ে ১৪টা গীত পৰিৱেশন কৰিব নিৰ্ধাৰিত সময়ছোৱাত। সেই গীতৰ অনুষ্ঠান উপভোগ কৰাৰ অন্তত মোদীয়ে সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী অনুষ্ঠান উপলক্ষে উন্মোচন কৰিব জীৱনী গ্ৰন্থ। সুধাকণ্ঠৰ স্মাৰক মূদ্ৰাও উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

Advertisment

১৩ তাৰিখৰ অনুষ্ঠান সামৰণি পৰাৰ পিছতে ১৪ ছেপ্তেম্বৰত মঙলদৈ আৰু নুমলীগড়ত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। নুমলীগড়ত অভিলাষী প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। উদ্বোধন কৰিব নুমলীগড় ৰিফাইনেৰীৰ জৈৱ শোধনাগাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু হৈছে নুমলীগড়বাসী। মোদীৰ আগমণক লৈ নুমলীগড়ত ব্যাপক আয়োজন উখল-মাখল পৰিৱেশ, দিনে নিশাই ব্যস্ত সকলো। সাজু হৈ উঠিছে লক্ষাধিক লোক সমবেত হ'ব পৰাকৈ মণ্ডপ, তোৰণৰ লগতে আন আন ব্যৱস্থা। হাজাৰ-হাজাৰ আৰক্ষী প্ৰশাসনৰ লোকৰ উপস্থিতিত কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে। যিহেতু নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহ ভিত্তিত 2G জৈৱ ইথানল প্ৰকল্প শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। নুমলীগড় শোধনাগাৰত নৱ সংযোজন পলি প্ৰেপলিন আৰু আহিব লগা বহু উন্নয়নমূলক কামে নতুন অসম গঢ়াত সহায় কৰিব বুলি বিশ্বাসী নুমলীগড়বাসী।

ইফালে একেদিনাই মঙলদৈতো মোদীৰ বিশাল সভা। প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে আৰক্ষী-প্ৰশাসনে মঙলদৈত পথ নিৰ্দেশনা জাৰি কৰিছে। মঙলদৈ চহৰৰ সমীপৰ বঙলাগড় ব্লক চ’কত লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হ’ব মোদীৰ বিশাল সভা। উক্ত সভাৰ বাবে দৰং আৰক্ষীয়ে ১৩ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা ১৪ ছেপ্টেম্বৰৰ মাজনিশালৈ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো গধুৰ বাণিজ্যিক বাহনৰ বাবে বন্ধ ঘোষণা কৰিছে। মূলত মোদীৰ এই দুদিনীয়া ভ্ৰমণসূচীত অসমত সৰ্বমুঠ ১৮ হাজাৰ কোটিৰ প্ৰকল্প আৰু আধাৰশিলা স্থাপন কৰা হ'ব। 

অসমলৈ অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰে মিজোৰাম। আজি ১২ ছেপ্টেম্বৰ তাৰিখৰ পৰা ভাৰতীয় ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল মিজোৰামৰ আইজল চহৰ। স্বাধীনতাৰ ৭৯ বছৰৰ পিছতো মিজোৰামত শুনা নগৈছিল ৰে’লৰ মাত। প্ৰথমবাৰৰ বাবে আইজলৰ পৰা দেশৰ ভিন্ন প্ৰান্তলৈ আজিৰে পৰা চলিব ৰে’ল।

modi
আইজলত ৰে’লপথ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে Photograph: (INTERNET)

আইজলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে বহু প্ৰতীক্ষিত ৰে’লপথ। ৫১.৩৮ কিলোমিটাৰ ‘ভৈৰৱী-চাইৰং’ ৰে’লপথ মুকলি কৰিলে নৰেন্দ্ৰ মোদীয়ে। দেশৰ ভিতৰতে দ্বিতীয় সু-উচ্চ ৰে’ল স্তম্ভ দলং নিৰ্মাণ হৈছে আইজলত। ১১৪ মিটাৰ উচ্চতা অৰ্থাৎ কুটুব মিনাৰতকৈও ৪২ মিটাৰ ওপৰেৰে চলিব ৰে’ল। ‘ভৈৰবী-চাইৰং’ ৰে’লপথত ৪৮ টাকৈ টানেল, ৫৫ খন ডাঙৰ দলং, ৮৮খন সৰু দলং।

MIZORAM
স্বাধীনতাৰ ৭৯ বছৰৰ পিছত মিজোৰামত ৰে'লৰ মাত Photograph: (INTERNET)

৫খন উৰণ সেতু আৰু ৬খন তলেৰে চলাচল কৰা সেতু আছে ‘ভৈৰৱী-চাইৰং’ ৰে’লপথত। উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰায় ৮ হাজাৰ কোটি টকাৰ ব্যয় নিৰ্মাণ কৰিছে 'ভৈৰৱী-চাইৰং' ৰে’ল পথ।

 Aizawl: PM Narendra Modi

চাইৰাঙৰ পৰা ম্যানমাৰলৈ ২২৩ কিলোমিটাৰ নতুন ৰে’ল পথ নিৰ্মাণৰো পৰিকল্পনা। মিজোৰামৰ এই প্ৰকল্পই ৰাজ্যখনক পলমকৈ হ'লেও পোনপতীয়াকৈ ৰাজধানী দিল্লীৰ সৈতে সংযোগ কৰিলে। 

মিজোৰামৰ কেইবাটাও প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি মণিপুৰলৈ উৰা মাৰিল প্ৰধানমন্ত্ৰী মোদী। মণিপুৰৰ কুকি-মেইটেইৰ গোষ্ঠীগত সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে আজি মণিপুৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ মণিপুৰত ব্যাপক নিৰাপত্তা ব্যৱস্থা। সেনা আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াই পৰ্যবেক্ষণ কৰিছে নিৰাপত্তা ব্যৱস্থা। যিহেতু প্ৰধানমন্ত্ৰীয়ে আজি মণিপুৰত সম্বোধন কৰিব ২খনকৈ জনসভা। মণিপুৰৰ চুড়াচান্দপুৰ পীচ গ্ৰাউণ্ডত প্ৰথমখন জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। চুড়াচান্দপুৰৰ পাছত কাংগলা ফ’ৰ্টত জনসভাত অংশ ল'ব মোদীয়ে। চুড়াচান্দপুৰ পীচ গ্ৰাউণ্ড আৰু কাংগলা ফ’ৰ্টতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ২০২৩ চনৰ ৩ মে’ত উদ্ভৱ হোৱা গোষ্ঠী সংঘৰ্ষত অশান্ত হোৱা মণিপুৰলৈ প্ৰথমবাৰ আগমন প্ৰধানমন্ত্ৰীগৰাকীৰ। ইতিমধ্যে বিজেপিৰ নেতা সাংসদ সম্বিত পাত্ৰ, অজিত কপচাড়ে উপস্থিত হৈছেগৈ ইম্ফলত। বুধবাৰৰ পৰা ইম্ফলত বাহৰ পাতিছে দুয়োজন বিজেপি নেতাই।