Advertisment

নাহৰৰ পুলিৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে

আজি অসমলৈ আহিব লোকসভাৰ বিৰোধী দলপতি, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্ট'থ্ৰৱ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিব কংগ্ৰেছ নেতাগৰাকী। 

 Filephoto
Filephoto

নাহৰৰ পুলিৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে

আজি অসমলৈ আহিব লোকসভাৰ বিৰোধী দলপতি, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্ট'থ্ৰৱ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিব কংগ্ৰেছ নেতাগৰাকী। 

Advertisment

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন আজি ২৯টা দিন। ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকী। ছিংগাপুৰৰ য়ট পাৰ্টীত জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি হৈছিল, কি কাৰণত জুবিন গাৰ্গৰ দৰে এটা সত্বাক আমি হেৰুৱাবলগীয়া হ'ল তাৰ উত্তৰৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। 

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰগতিত চলি আছে। SITয়ে ইতিমধ্যে জুবিন গাৰ্গক মৃত্যুৰ তদন্তৰ মাজতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত থকা প্ৰৱাসী অসমীয়া কেইজনৰো অধিকাংশই অসমত উপস্থিত হৈ SITৰ তদন্তত সহযোগিতা কৰিছে।

ইয়াৰ মাজতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুপৰীয়া ১.১৫ বজাত গুৱাহাটী বিমান বন্দৰ পাবহি ৰাহুল গান্ধী। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে ৰাহুল গান্ধী যাব সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ। জুবিন গাৰ্গৰ সমাধিত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে। তাৰ লগতে জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ এটি পুলিও ৰোপণ কৰিব ৰাহুল গান্ধীয়ে। 

সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিৰ পৰা কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহলৈ যাব কংগ্ৰেছ সাংসদগৰাকী। জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ হাৰ্ট'থ্ৰৱৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীক সাক্ষাত কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে। জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাতৰ অন্তত ৰাহুল গান্ধীয়ে সম্বোধন কৰিব সাংবাদিকক। 

ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পূৰ্বে কালি জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। লগতে গৌৰৱ গগৈয়ে মন্তব্য কৰে যে অসম ভ্ৰমণত ৰাহুল গান্ধীয়ে হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাহিৰে অন্য কোনো দলীয় কাৰ্যসূচীত অংশগ্ৰহণ নকৰে।