Advertisment

মৰমৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ

মৰমৰ শিল্পীগৰাকী নোহোৱা হোৱা এই ৩০দিন পত্নী গৰিমা শইকীয়া গাৰ্গ, পৰিয়াল, আত্মীয় তথা জুবিন অনুৰাগী সকলে কেনেকৈ দিন-ৰাতি পাৰ কৰিছে, তাক পুনৰ কোৱাৰ প্ৰয়োজন নাই।

 মৰমৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ Photograph: (DY365)
মৰমৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ Photograph: (DY365)

মৰমৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ

মৰমৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ। ১৯ ছেপ্টেম্বৰৰ দিনটোত ছিংগাপুৰৰ পৰা আহিছিল সকলোকে স্তব্ধ কৰি তোলা সেই খবৰটো- প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰৰ সাগৰত চিৰদিনৰ বাবে হেৰাই থাকিল মৰমৰ শিল্পীগৰাকী। কোনোকালে কল্পনা কৰিব নিবিচৰা সেই খবৰটো পাই সকলো মৰ্মাহত। কোনেও মানিব ল’ব পৰা নাছিল সেই খবৰটো। সাগৰ তলিতে চিৰদিনৰ বাবে শুই পৰিল মৰমৰ শিল্পা জুবিন গাৰ্গ। 

Advertisment

Also Read: জুবিনক লৈ ব্যৱসায় নহয়! জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান, দোকান উঠাই নিনিলে চলিব উচ্ছেদ

মৰমৰ শিল্পীগৰাকী নোহোৱা হোৱা এই ৩০দিন পত্নী গৰিমা শইকীয়া গাৰ্গ, পৰিয়াল, আত্মীয় তথা জুবিন অনুৰাগী সকলে কেনেকৈ দিন-ৰাতি পাৰ কৰিছে, তাক পুনৰ কোৱাৰ প্ৰয়োজন নাই। এতিয়াও জুবিন নোহোৱা বাতৰি কোনেও যেন মানি ল’ব পৰা নাই।  

আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ এমহীয়া মাংগলিক অনুষ্ঠান। কাহিলীপাৰাৰ ঘৰতো নাম-প্ৰসংগৰে জুবিন গাৰ্গক স্মৰণ। জুবিন গাৰ্গৰ জোনালীস্থিত ষ্টুডিঅ’তো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ইটালীৰ পৰা আহিল অনুৰাগী। 

Also Read: জুবিনে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'বঃ খগেন গগৈ

সোণাপুৰৰ শেষ শয়নস্থলীতো বিশেষ কাৰ্যসূচীৰ আয়োজন। সোণাপুৰত পুৱাৰে পৰা অগণন জুবিন অনুৰাগীৰ ভিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ বৈছে জনতাৰ সোঁত। মৰমৰ শিল্পীজনৰ অকণমান সান্নিধ্য বিচাৰি সোণাপুৰলৈ আহিছে অজস্ৰ অনুৰাগী। ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত লোকে লোকাৰণ্য এক পৰিৱেশ।

Also Read: চৰকাৰী ঘৰত শিক্ষকৰ দুৰ্নীতি! PMAYৰ জিঅ’টেগিং কৰিবলৈ গৈ ৰাইজৰ ৰোষত শিক্ষক 


হিয়াৰ আমঠুৰ ন্যায়ৰ অপেক্ষাত ৰাজ্যবাসী। ছ'চিয়েল মিডিয়াত জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ।
#JusticeForZubeenGarg লিখি ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চলি আছে যুঁজ। 

জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও জুবিনৰ ন্যায়ৰ লগতে স্বামীক সুঁৱৰি সামাজিক মাধ্যমত কৰি আহিছে পোষ্ট। শনিবাৰে নিশাও স্বামীক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গে ছ'চিয়েল মিডিয়াত আৱেগিক পোষ্ট কৰে। গৰিমা শইকীয়া গাৰ্গে ফেচবুকত লিখিছে এনেদৰে.....
তুমি আছা .. সদায় থাকিবা।
মাথোঁ কল্পনা নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ! 
তুমিয়েই সকলো ক'বা.. হেজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা, বাট পোহৰাই খোজ দিয়াবা .. মই জানো !
তুমিয়েই শিকালা, সাহস আৰু বিশ্বাস দিলা, পৃথিৱী দেখুৱালা.. মই মাথোঁ তোমাৰ আঙুলিত ধৰি গৈ থাকিলো।
মোৰ ঈশ্বৰপুৰুষ ! তুমি মোক সদায়ে আৱৰি ৰাখিবা মই জানো !
আজন্মৰ বাবে জুবিনৰ স্মৃতি জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি গৰিমাৰ।