Advertisment

চৰকাৰী ঘৰত শিক্ষকৰ দুৰ্নীতি! PMAYৰ জিঅ’টেগিং কৰিবলৈ গৈ ৰাইজৰ ৰোষত শিক্ষক

PMAY ঘৰৰ জিঅ’টেগিং কৰিবলৈ গৈ ৰাইজৰ ৰোষত শিক্ষক। জিঅ’টেগিঙৰ নামত সংঘটিত দুৰ্নীতিৰ অভিযোগ তুলি শিক্ষকক ঘেৰাও কৰিলে একাংশ লোকে। শ্রীভূমিত জিঅ’টেগিঙৰ দায়িত্ব থকা শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।

 চৰকাৰী ঘৰত শিক্ষকৰ দুৰ্নীতি! PMAYৰ জিঅ’টেগিং কৰিবলৈ গৈ ৰাইজৰ ৰোষত শিক্ষক

PMAYৰ জিঅ’টেগিং কৰিবলৈ গৈ ৰাইজৰ ৰোষত শিক্ষক

PMAYৰ চৰকাৰী গৃহৰ জিঅ’টেগিঙৰ নামত শিক্ষকে দুৰ্নীতি কৰাৰ অভিযোগ। জিঅ’টেগিঙৰ নামত সংঘটিত দুৰ্নীতিৰ বাবে এজন শিক্ষকক ঘেৰাও কৰিলে একাংশ লোকে। ডিলিমিটেশ্যনৰ ফলত নতুনকৈ শ্রীভূমি জিলাৰ বদৰপুৰ-চৈতন্যনগৰ উন্নয়ন ব্লকত অন্তভূক্ত হোৱা ৰাজাটিলা জিপিৰ চণ্ডীনগৰত সংঘটিত হৈছে এই দুৰ্নীতি।

Advertisment

ALSO READ: ২২ গজৰ পৰাই নিৰ্বাচকক প্ৰত্যুত্তৰ মহম্মদ ছামীৰ

প্রধানমন্ত্রী আৱাস যোজনা (PMAY)ৰ তালিকা প্রস্তুতৰ বাবে গাঁৱে-গাঁৱে চলিছে ভেৰিফিকেশ্যন আৰু নতুন নাম অন্তর্ভুক্তিৰ বাবে জিঅ’টেগ। এই কামৰ বাবে পঞ্চায়ত কর্মীসকলৰ লগত একাংশ শিক্ষককো দিয়া হৈছিল দায়িত্ব। উক্ত দায়িত্ব লাভৰ পিছতে শনিবাৰে জিঅ’টেগিঙৰ বাবে চণ্ডীনগৰলৈ গৈছিল এজন শিক্ষক।

ALSO READ: প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ নিশা এবাৰ যায় গৰিমা শইকীয়া গাৰ্গ

কিন্তু শিক্ষকজনক দেখি ক্ষোভিত হৈ পৰে স্থানীয় একাংশ ৰাইজ।শিক্ষকজনক ঘেৰাও কৰি জিঅ'টেগৰ নামত দুর্নীতিৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে একাংশ ৰাইজে। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত স্থানীয় বিশিষ্ট লোকৰ হস্তক্ষেপত নিয়ন্ত্রণলৈ আহে পৰিস্থিতি।

ALSO READ: 'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'- জুবিন ক্ষেত্ৰত উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ

মূলত ধনৰ লেনদেনৰ মাধ্যমত প্রধানমন্ত্রী আৱাস যোজনা (PMAY)ৰ ভেৰিফিকেশ্যন আৰু নতুন নাম অন্তর্ভুক্তিৰ কাম চলিছে বুলি ৰাইজৰ অভিযোগ। 

ALSO READ:গুজৰাটৰ কেবিনেটত ব্যাপক ৰদ-বদল- ২৬জন নতুন মন্ত্ৰীৰ সংযোজন