Advertisment

২২ গজৰ পৰাই নিৰ্বাচকক প্ৰত্যুত্তৰ মহম্মদ ছামীৰ

ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰক প্ৰত্যুত্তৰ ষ্টাৰ বলাৰ মহম্মদ ছামীৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত নকৰাৰ পাছতে ২২ গজৰ প্ৰদৰ্শনেৰে মুখ্য নিৰ্বাচকক প্ৰত্যুত্তৰ দিলে ছামীয়ে। 

 filephoto
filephoto

২২ গজৰ পৰাই নিৰ্বাচকক প্ৰত্যুত্তৰ মহম্মদ ছামীৰ

ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰক প্ৰত্যুত্তৰ ষ্টাৰ বলাৰ মহম্মদ ছামীৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত নকৰাৰ পাছতে ২২ গজৰ প্ৰদৰ্শনেৰে মুখ্য নিৰ্বাচকক প্ৰত্যুত্তৰ দিলে ছামীয়ে। 

Advertisment

কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন এদিনীয়া। দীৰ্ঘবিৰতিৰ অন্তত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন হ'ল ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত নহ'ল ভাৰতীয় দলৰ পেচতাৰকা মহম্মদ ছামী। মহম্মদ ছামীক অন্তৰ্ভুক্ত নকৰাক লৈ অজিত আগৰকাৰে কৈছিল-  ছামীৰ ফিটনেছ সন্দৰ্ভত মোৰ হাতত কোনো তথ্য নাই। যাৰ বাবে ছামীক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা নহ'ল। 

অজিত আগৰকাৰৰ এই মন্তব্যৰ পাছতে প্ৰত্যুত্তৰ দিছিল মহম্মদ ছামীয়ে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ বাবে অন্তৰ্ভুক্ত নকৰাক লৈ ছামীয়ে কৈছিল- মই সম্পূৰ্ণ ফিট। বংগৰ হৈ ৰঞ্জি ট্ৰফী
খেলি থকাই ইয়াৰ প্ৰমাণ। মই যদি চাৰিদিনীয়া ৰঞ্জি ট্ৰফী খেলিব পাৰো তেনেহলে ৫০ অভাৰৰ ক্ৰিকেটো খেলিব পাৰিম। শেষত ছামীয়ে কৈছিল,- "মোৰ ফিটনেছৰ বিষয়ে নিৰ্বাচকসকলক জনোৱাটো মোৰ কাম নহয়।"
 
উল্লেখ্য যে ২২ গজৰ প্ৰদৰ্শনেৰে ইতিমধ্যে নিৰ্বাচকক যোগ্য প্ৰত্যুত্তৰ দিছে মহম্মদ ছামীয়ে। উত্তৰাখণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ৰঞ্জী মেচত ছামীয়ে প্ৰথম ইনিংছত ১৪.৫ অভাৰ বলিং কৰি ছামিয়ে ৩৭ ৰানত ৩টা উইকেট দখল কৰাৰ লগতে দ্বিতীয় ইনিংছতো ২৪.৪ অভাৰ বলিং কৰি ৩৮ ৰানৰ বিনিময়ত ৪টা উইকেট দখল কৰিছে। মেচখনত প্ৰায় ৪০ অভাৰ বলিং কৰি ছামীয়ে নিজৰ ফিটনেছৰ প্ৰমাণ দিয়াৰ লগতে মেন অৱ দা মেচৰ সন্মানো লাভ কৰিছে।

ছামীৰ এই বক্তব্যৰ মন্তব্যৰ পাছতে অজিত আগৰকাৰে স্পষ্টকৈ উল্লেখ কৰে যে- ফিটনেছ ছামী নিৰ্বাচিত নোহোৱাৰ একমাত্ৰ কাৰণ। আগৰকাৰে কয়, "ছামীয়ে যদি মোক ফিটনেছৰ কথা ক'লেহেঁতেন তেন্তে মই নিশ্চিতভাৱে ছামীক সঁহাৰি দিলোঁহেঁতেন। ছ'চিয়েল মিডিয়াত ছামীয়ে কি ক'লে মই নাজানো, কিন্তু যোৱা কেইমাহমানৰ ভিতৰত তেওঁৰ সৈতে কেইবাবাৰো কথা পাতিছো। ইতিমধ্যে আমাৰ ঘৰুৱা ছিজন মাত্ৰ আৰম্ভ হৈছে, গতিকে অহা কেইখনমান মেচত ছামীৰ ফিটনেছ ষ্টেটাছ স্পষ্ট হৈ পৰিব।'