Assameseগুজৰাটৰ কেবিনেটত ব্যাপক ৰদ-বদল- ২৬জন নতুন মন্ত্ৰীৰ সংযোজনগুজৰাটৰ ৰাজনীতিত ব্যাপকভাৱে অস্থিৰ হৈ পৰিছে। বিজেপি শাসিত গুজৰাটত ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে কেবিনেটৰ সকলো সদস্যই পদত্যাগ কৰাৰ পিছত সৃষ্টি হৈছে চাঞ্চল্যৰ।Jyotishmoy Dutta Oct 17, 2025 21:00 ISTগুজৰাটৰ কেবিনেটত ব্যাপক ৰদ-বদল Photograph: (DY365)গুজৰাটৰ কেবিনেটত ব্যাপক ৰদ-বদল- ২৬জন নতুন মন্ত্ৰীৰ সংযোজনদেশৰ ৰাজনীতি বুলি ক'লে গুজৰাটৰ ৰাজনীতি অন্যতম। দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি বহুকেইজন প্ৰসিদ্ধ ৰাজনীতিবিদৰ জন্ম গুজৰাটতে হৈছিল। ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুজৰাট মডেলৰ কথা কৈ ব্যাপক প্ৰচাৰ কৰিছিল। Advertismentকিন্তু গুজৰাটৰ ৰাজনীতিত ব্যাপকভাৱে অস্থিৰ হৈ পৰিছে। বিজেপি শাসিত গুজৰাটত ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে কেবিনেটৰ সকলো সদস্যই পদত্যাগ কৰাৰ ঘটনাৰ পাছত চাঞ্চল্যৰ সৃষ্টি কৰিছে।ALSO READ:নেপালৰ পিছত এইবাৰ Gen Zৰ ধ্বংসলীলা মাডাগাস্কাৰতপদত্যাগৰ এদিনৰ পাছতে আজি গুজৰাট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিজেপিৰ বিজেপি-নেতৃত্বাধীন গুজৰাট চৰকাৰে ২৬জন মন্ত্ৰীৰ সৈতে নতুন মন্ত্ৰীসভাৰ নিয়োগ দিছিল, য'ত ক্রিকেটৰ ৰবীন্দ্ৰ জাডেজাৰ পত্নী ৰিৱাবা জাডেজাও অন্তর্ভুক্ত আছিল।ALSO READ:​বিহাৰ নিৰ্বাচনঃ NDAৰ আসন ভাগ-বতৰা চূড়ান্ত!ৰিৱাবা জাডেজাৰ উপৰিও স্বৰুপজি ঠাকুৰ, প্ৰবীন কুমাৰ মালী, ৰুচিকেশ পেটেল, দৰ্শনা ৱাঘেলা, কুণ্বৰজি বাভালিয়া, অৰ্জুন মোধবাড়িয়া, পৰশোত্তম সোলঙ্কী, জিতেন্দ্ৰ ৱাঘানি, প্ৰফুল পানশেৰিয়া, হৰ্ষ সংঘভী আৰু কনুভাই দেৱাই নতুন মন্ত্ৰীসভাত স্থান পাইছে। আজি নিশা প্ৰায় ৮ বজাত বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটেলৰ বাসভৱনলৈ আহাৰ কথা। আৰু গুজৰাটৰ বিজেপিৰ বিধায়কসকলৰ লগত এখন বৈঠকত মিলিত হ'ব। তাৰ পাছত, ৰাতি ৯:৩০ বজাত, মুখ্যমন্ত্ৰী পাটেলে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক সন্মিলন কৰিব মন্ত্ৰীসকলৰ তালিকা জমা দিব।ALSO READ:ভাৰত-আফগানিস্তান বৈঠকক লৈ কূটনৈতিক বিতৰ্ক!এই পদক্ষেপটো ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিৱৰ্তনৰ কৰিব বুলি বহুতে মত পোষণ কৰিছে। বৰ্তমানৰ মন্ত্ৰীসকলৰ মাজৰ হৰ্ষ সাংভৱী আৰু ৰুশিকেশ পাটেলে নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে। Read the Next Article