Advertisment

মণিপুৰলৈ যাব প্ৰধানমন্ত্ৰী! ৰাজ্যত বন্ধ ঘোষণা নিষিদ্ধ সংগঠনৰ

ৰক্তক্ষয়ী সংঘাতৰ দুটা বছৰ ৪ মাহৰ পিছত মণিপুৰলৈ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীৰ শনিবাৰৰ প্ৰস্তাৱিত ভ্ৰমণৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ বিশেষ আহ্বান ৬টাকৈ নিষিদ্ধ সংগঠনৰ সমন্বয়ক গোষ্ঠী কৰ্কমৰ।

 File Photo
File Photo

ৰক্তক্ষয়ী সংঘাতৰ দুটা বছৰ ৪ মাহ উকলিল। আজিও উমি উমি জ্বলি আছে বিদ্বেষৰ জুইকুৰা। গোষ্ঠীগত সংঘাতত জৰ্জৰিত মণিপুৰৰ পৰিস্থিতি বাহ্যিক দৃষ্টিত স্বাভাৱিক যদিও পাৰ হৈ যোৱা সময়খিনিৰ দুস্মৃতিয়ে আজিও খেদি ফুৰে কুকি, মেইতে জনগোষ্ঠীক। যিকোনো মুহূৰ্ততে ফিৰিঙতিৰ পৰা আকৌ এক লংকা কাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা আজিও আছে মণিপুৰত। ইমান দিনে মণিপুৰৰ দল-সংগঠন আৰু দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে ৰাজ্যখনত এবাৰলৈ ভৰি নিদিয়াক লৈ প্ৰধানমন্ত্ৰী মোদীক কঠোৰ সমালোচনাৰে থকাসৰকা কৰাৰ পিছত এইবাৰৰ উত্তৰ-পূব ভ্ৰমণতে প্ৰধানমন্ত্ৰীয়ে মণিপুৰলৈ যাব বুলিও চৰ্চা চলিছে।

Advertisment

প্ৰধানমন্ত্ৰীৰ এই সম্ভাৱ্য ভ্ৰমণক অধিক মাত্ৰা দিছে কেন্দ্ৰৰ বিজেপি নেতাসকলৰ ইম্ফলত চলা তৎপৰতাই। ইম্ফলত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী তদাৰক কৰিবলৈ বিজেপি নেতাৰ তৎপৰতা দেখি সৰৱ হৈছে মণিপুৰৰ কেইবাটাও নিষিদ্ধ সংগঠন। প্ৰধানমন্ত্ৰীৰ শনিবাৰৰ প্ৰস্তাৱিত ভ্ৰমণৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ বিশেষ আহ্বান ৬টাকৈ নিষিদ্ধ সংগঠনৰ সমন্বয়ক গোষ্ঠী কৰ্কমৰ। শনিবাৰৰ দুপৰীয়া ১ বজাৰ পৰা প্ৰধানমন্ত্ৰীয়ে ৰাজ্য ত্যাগ নকৰালৈ বন্ধ ঘোষণা কৰিছে নিষিদ্ধ সংগঠনটোৱে। প্ৰধানমন্ত্ৰী মোদীৰ সকলো কাৰ্যসূচী বৰ্জনৰো আহ্বান জনাইছে নিষিদ্ধ সংগঠনকেইটাই।

এক বিবৃতিযোগে কৰ্কমে অভিযোগ তুলিছে যে ২৫০তকৈ অধিক লোকৰ মৃত্যু হোৱা আৰু ৬০ হাজাৰতকৈ অধিক লোক স্থানান্তৰ হোৱা গোষ্ঠীগত সংঘৰ্ষক আওকান কৰি অহা প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ‘প্ৰক্সি যুদ্ধ শক্তিশালী কৰা’ আৰু ৰাজ্যখনত দিল্লীৰ নিয়ন্ত্ৰণ কটকটীয়া কৰা। নিষিদ্ধ সংগঠনৰ সমান্তৰালকৈ সংযুক্ত নগা পৰিষদৰ কাৰ্যসূচীকলৈও অস্বস্তিত পৰিছে মণিপুৰ প্ৰশাসন। সংযুক্ত নগা পৰিষদে মণিপুৰৰ নগা প্ৰধান অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত ৰখা অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনাইছে মণিপুৰৰ মুখ্য সচিবে। উল্লেখ যে শনিবাৰে মিজোৰামৰ ৰে’লৱে প্ৰকল্পৰ উদ্বোধনৰ কাৰ্যসূচীত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে। এই কাৰ্যসূচীৰ পৰাই মণিপুৰৰ ৰাজধানী ইম্ফলৰ এক সমাৱেশত ভাগ লোৱাৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ।