শীৰ্ষ খবৰবিহাৰ নিৰ্বাচনঃ NDAৰ আসন ভাগ-বতৰা চূড়ান্ত!বিহাৰৰ নিৰ্বাচনক লৈ বিজেপিয়ে আজি প্ৰকাশ কৰিব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)ৰ আসন ভাগ-বতৰা চূড়ান্ত হ'ল।Jyotishmoy Dutta Oct 13, 2025 16:02 ISTবিহাৰ নিৰ্বাচন: এন ডি এৰ আসন ভাগ-বতৰা চূড়ান্ত! Photograph: (DY365)​বিহাৰ নিৰ্বাচনঃ NDAৰ আসন ভাগ-বতৰা চূড়ান্ত!বিহাৰৰ নিৰ্বাচনক লৈ বিজেপিয়ে আজি প্ৰকাশ কৰিব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)-ৰ আসন ভাগ-বতৰা ইতিমধ্যে চূড়ান্ত হৈছে। মিত্ৰজোঁটৰ মুখ্য দল কেইটাৰ মাজত বহু আলোচনাৰ পিছত এই সিদ্ধান্ত লোৱা হয়। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জনতা দল (সংযুক্ত)এ সমসংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত হৈছে। ১০১খন আসনত প্ৰতিদ্বন্দ্বিতা আগবাঢ়াব বিজেপিয়ে। ইতিমধ্যে চূড়ান্ত হৈছে NDAৰ আসনৰ বুজাবুজি। JD(U)এ ১০১খন, LGPএ ২৯খন, HAMএ ৬খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা। ৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব RLMএ।AdvertismentALSO READ:ভাঙি পেলোৱা হ'ব নেকি পেৰিছৰ আইফেল টাৱাৰ?আসন ভাগ বতৰাৰ সিদ্ধান্ত অনুসৰি, বিহাৰৰ মুঠ ২৪৩খন বিধানসভা আসনৰ ভিতৰত ​ভাৰতীয় জনতা পাৰ্টীৰ ১০১খন আসন, JDUৰ ১০১খন আসন, লোক জনশক্তি পাৰ্টী (ৰাম বিলাস) ২৯খন আসন, ৰাষ্ট্ৰীয় লোক মৰ্চাৰ ৬ খন আসন, হিন্দুস্তানী আৱাম মৰ্চা (HAM)ৰ ৬খন আসনত বুজাবুজি মূলত এই নিৰ্ধাৰিত আসমত NDA দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আসন ভাগ-বতৰাত এটা উল্লেখনীয় বিষয় হ'ল যে BJP আৰু JDU-এ ১০১-১০১ খনকৈ আসন লৈ সমতা বজাই ৰাখিছে। সেয়ে এইবাৰৰ মিত্ৰজোঁটত কোনো ডাঙৰ, কোনো সৰু নাই বুলি মিত্ৰদলৰ মাজত বুজাবুজি হৈছে। ALSO READ:ভাৰত-আফগানিস্তান বৈঠকক লৈ কূটনৈতিক বিতৰ্ক!২০২০ চনৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰা চিৰাগ পাচৱানৰ লোক জনশক্তি পাৰ্টীয়ে ২৯খন বিধানসভা আসনত প্ৰাৰ্থী আগবঢ়াব আৰু ৰাষ্ট্ৰীয় লোক মঞ্চ, হিন্দুস্থানী আৱাম মঞ্চই ৬খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখ্য যে জীতন ৰাম মাঞ্জীৰ হিন্দুস্থানী আৱাম মঞ্চই তেকাৰী, কুঁটুম্বা, আটাৰী, ইমামগঞ্জ, সিকান্দ্ৰা, আৰু বৰুৱাচট্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে আৰু এই সিধান্তৰ আনুষ্ঠানিক ঘোষণা সোমবাৰে হ'ব বুলি আশা কৰা হৈছে। RLM সম্ভৱত উজিয়াৰপুৰ, মাধুবনী, সসৰাম, দিনাৰা, মধুয়া, আৰু বজপট্টিত প্ৰাৰ্থীত্ব আগবঢ়াব। ALSO READ:পাকিস্তানত হিংসাত্মক প্ৰতিবাদঃ TLPৰ ‘গাজা মাৰ্চ’ৰ বাবে ইছলামাবাদত হাই-এলাৰ্টৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এনেদৰে আসন ভাগ-বতৰাৰ চুক্তি সম্পূৰ্ণ কৰিছে। য’ত ভাৰতীয় জনতা পাৰ্টী আৰু জনতা দল-ইউনাইটেড দুয়োটাই ২৪৩টা সমষ্টি থকা ৰাজ্য বিধানসভাৰ ১০১টাকৈ আসনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে বুলি কেন্দ্রীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওবাৰে ঘোষণা কৰিছিল। প্ৰথমবাৰৰ বাবে JD(U) আৰু BJPৰ সমান সংখ্যক আসনত প্ৰতিযোগিতা কৰিব, যি পূৰ্বৰ নিৰ্বাচনৰ সৈতে ভিন্ন।ALSO READ:ভয়ংকৰ দুৰ্ঘটনা, এইপৰ্যন্ত ১৮ জনৰ মৃত্যু​এই আসন ভাগ-বতৰাৰ সিদ্ধান্তই NDA মিত্ৰজোঁটৰ একতাক শক্তিশালী কৰিলে। ইয়াৰ ফলত সকলো সহযোগী দলকে সন্তুষ্ট কৰি এখন বৃহৎ নিৰ্বাচনী মঞ্চ গঢ়ি তোলা হ'ল। বিশেষকৈ, ২০২০ চনৰ নিৰ্বাচনত জে ডি ইউৰ আসনৰ সংখ্যা যথেষ্ট কমিছিল, আৰু এইবাৰ চিৰাগ পাচৱানক মিত্ৰজোঁটত ঘূৰাই অনাটো এন ডি এৰ বাবে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিবেচিত হৈছে। এন ডি এৰ সকলো নেতাই ঐক্যবদ্ধভাৱে নীতিশ কুমাৰক পুনৰবাৰ বৃহৎ সংখ্যাগৰিষ্ঠতাৰে মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সংকল্পবদ্ধ বুলি ঘোষণা কৰিছে। বিহাৰ বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত ক্ৰমে ৬ নৱেম্বৰ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হ'ব আৰু ভোট গণনা হ'ব ১৪ নৱেম্বৰত।ALSO READ:হামাছে ইজৰাইলৰ ওপৰত চলোৱা ভয়ংকৰ আক্ৰমণৰ আজি দুবছৰ হ'ল।​বিৰোধী ইণ্ডি এলায়েন্সে এতিয়াও তেওঁলোকৰ আসন ভাগ-বতৰা চূড়ান্ত কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে বিৰোধীৰ মাজত আলোচনা অব্যাহত আছে। এতিয়া সকলোৰে চকু বিহাৰৰ ৰাজনৈতিক যুঁজৰ ওপৰত। ইয়াৰ বিপৰীতে প্ৰতিপক্ষ INDIA গোটেও ঘোষণা কৰিছিল যে বিৰোধী আসনৰ সিদ্ধান্ত শীঘ্ৰেই লোৱা হ'ব আৰু প্ৰকাশ কৰা হ'ব। Read the Next Article