Advertisment

ভয়ংকৰ দুৰ্ঘটনা, এইপৰ্যন্ত ১৮ জনৰ মৃত্যু

হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।  ভূমিস্খলনৰ ফলত পাহাৰীয়া পথৰ পৰা দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। এই শোকাৱহ দুৰ্ঘটনাত এইপৰ্যন্ত ১৮ জন লোকে মৃত্যুক আঁকোৱালি লৈছে। মাটিৰ তলত আৰু বহু যাত্ৰী পোত হৈ গৈ থকাৰ আশংকা।  

 Filephoto
Filephoto

ভয়ংকৰ দুৰ্ঘটনা, এইপৰ্যন্ত ১৮ জনৰ মৃত্যু

হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।  ভূমিস্খলনৰ ফলত পাহাৰীয়া পথৰ পৰা দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। এই শোকাৱহ দুৰ্ঘটনাত এইপৰ্যন্ত ১৮ জন লোকে মৃত্যুক আঁকোৱালি লৈছে। মাটিৰ তলত আৰু বহু যাত্ৰী পোত হৈ গৈ থকাৰ আশংকা।  

Advertisment

বৰঠীৰ ভল্লু দলঙৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। পাহাৰৰ খহি পৰা শিল–মাটিয়ে মহটিয়াই দ খাৱৈত পেলায় বাছখনক। বাছখনত আছিল কেইবাটাও শিশুসহ ৩০ৰো অধিক যাত্ৰী। দুৰ্ঘটনাৰ পাছতে অঞ্চলটোত প্ৰশাসনৰ কেইবাটাও বিভাগে চলাইছে উদ্ধাৰ অভিযান। এতিয়াও বাছখনৰ আন বহু যাত্ৰী মাটিত পোত গৈ থকাৰ সন্দেহ কৰিছে প্ৰশাসন আৰু উদ্ধাৰকাৰী দলে। 

দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জেচিবিৰে ধ্বংসাৱশেষবোৰ আঁতৰায়। ইয়াৰ পিছতে আহতসকলক বাছৰ পৰা উলিয়াই এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে। তেওঁ নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। লগতে এই সময়ছোৱাত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলো ধৰণৰ সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে।


হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকললৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছে যে, "হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত হোৱা দুৰ্ঘটনাটোত মই দুখী হৈছো। আপোনজনক হেৰুৱাই পেলোৱা সকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকলে সোনকালে আৰোগ্য লাভ কৰক।"